CockroachJantaParty: দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : প্ৰতিবাদৰ অনুমতি প্ৰদান নকৰা দিল্লী আৰক্ষীয়ে দিল্লীত অৱতৰণ কৰাৰ লগে লগে ককৰোচ জনতা পাৰ্টি (CJP)ৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে আৰু আন নেতাসকলক আটক কৰে। আটক হোৱা নেতাসকলৰ ভিতৰত সৌৰভ দাস আৰু আশুতোষ ৰাঙ্কাও আছে। ইয়াৰ পিছতো নেতৃত্ব থাকক বা নাথাকক, যুৱ প্ৰজন্মৰ প্ৰতিবাদ অব্যাহত থাকিব বুলি ঘোষণা কৰিছে CJPয়ে।
ইফালে, মধ্য দিল্লীৰ যন্তৰ-মন্তৰৰ প্ৰতিবাদস্থলীৰ ভিতৰে-বাহিৰে বৃহৎ সংখ্যক প্ৰতিবাদকাৰীক বাছত উঠাই লৈ যোৱা হৈছে।
শনিবাৰে অৰ্থাৎ আজি CJP আৰু আন বাওঁপন্থী সংগঠনসমূহে আহ্বান জনোৱা এই প্ৰতিবাদৰ জৰিয়তে মুখ্য নিৰ্বাচন আয়ুক্ত (CEC) জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী আৰু ভোটাৰ তালিকাৰ বিশেষ নিবিড় সংশোধন (SIR) প্ৰত্যাহাৰৰ দাবীত চাপ বৃদ্ধি কৰাৰ লক্ষ্য লোৱা হৈছে।
CJPৰ বিবৃতিত কোৱা হৈছে, “যেতিয়া ৰাষ্ট্ৰই গণতান্ত্ৰিক মতবিৰোধৰ কণ্ঠ ৰোধ কৰিবলৈ ব্যাপক হাৰত লোকক আটক কৰে, তেতিয়া গণতন্ত্ৰ ৰক্ষাৰ বাবে জনসাধাৰণে দায়িত্ব গ্ৰহণ কৰিব লাগিব।”
ইয়াৰ পূৰ্বে, শনিবাৰে পুৱা চোৰাংচোৱা সংস্থাৰ সূত্ৰৰ তথ্য অনুসৰি, ইউটিউবাৰ ধ্ৰুৱ ৰাঠীক দিল্লী আৰু গুৰুগ্ৰাম আৰক্ষীৰ যুটীয়া অভিযানত গুৰুগ্ৰামৰ এটা আৱাসিক ফ্লেটৰ পৰা আটক কৰা হয়। তাৰ পিছত তেওঁক কোনো এক অজ্ঞাত স্থানলৈ লৈ যোৱা হয়।
এজন বিষয়াই জনোৱা মতে, দিল্লী আৰক্ষীয়ে প্ৰায় ৭,০০০ প্ৰতিবাদকাৰী ৰাষ্ট্ৰীয় ৰাজধানীলৈ অহাৰ আশা কৰিছে। জ্যেষ্ঠ বিষয়াসকলে আৰক্ষীৰ কৰ্মীসকলক সৰ্বাধিক সংযম প্ৰদৰ্শন কৰিবলৈ আৰু পৰিস্থিতি পেছাদাৰীভাৱে মোকাবিলা কৰিবলৈ নিৰ্দেশ দিছে।































