CJP : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ যুৱ প্ৰজন্মক ভয় কৰিছে। এই দাবী ককৰ’চ জনতা পাৰ্টি (CJP)ৰ প্ৰতিষ্ঠাপক তথা আহ্বায়ক অভিজিৎ দীপকেৰ। শনিবাৰে পুৱা মুম্বাইৰ পৰা তেওঁ দিল্লী অভিমুখে ৰাওনা হয়।
যাত্ৰাপথত সংবাদ মাধ্যমক দিয়া এটা সাক্ষাৎকাৰত দীপকে কয় যে তেওঁলোকৰ উদ্দেশ্য হৈছে ৰাজধানীত শান্তিপূৰ্ণ সমাৱেশ আৰু আন্দোলন কৰা। এই কাৰ্যসূচীত বাধা দিবলৈ চেষ্টা কৰাৰ পৰাই বুজা যায় যে শাসনাধিষ্ঠিত চৰকাৰে তেওঁলোকক ভয় কৰিছে।
শনিবাৰে পুৱাৰে পৰা দিল্লীৰ ৰাজপথত আটক অভিযান আৰম্ভ কৰিছে আৰক্ষীয়ে। সূত্ৰৰ খবৰ অনুসৰি, শুকুৰবাৰে নিশাৰ পৰা শনিবাৰে পুৱালৈকে ৪০০ৰো অধিক লোকক আটক কৰা হৈছে। তেওঁলোকৰ অধিকাংশই যুৱক-যুৱতী।
সংবাদ সংস্থা পিটিআইয়ে ১৫০জন লোকক আটক কৰাৰ খবৰ প্ৰকাশ কৰিছে। কেৱল শনিবাৰৰ বাবেই দিল্লীত ৪০ হেজাৰৰো অধিক আৰক্ষী আৰু নিৰাপত্তাৰক্ষী নিয়োগ কৰা হৈছে। ইয়াৰ ভিতৰত কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীৰ জোৱানো আছে।
প্ৰধানমন্ত্ৰী মোদীক ‘একনায়ক’ আখ্যা দি সমালোচনা কৰে দীপকে। তেওঁ কয়, “নৰেন্দ্ৰ মোদী একনায়ক। তেওঁ ভয় খাইছে, সেয়েহে দিল্লীৰ মেট্ৰ’, ৰাজপথ সকলো বন্ধ কৰি দিছে। দেশৰ যুৱ প্ৰজন্মক যদি তেওঁ ইমানেই ভয় কৰে, তেন্তে প্ৰধানমন্ত্ৰীৰ চকীত বহি আছে কিয়?”
উল্লেখ্য যে শনিবাৰে CJPৰ আহ্বানত যন্তৰ মন্তৰৰ সন্মুখত বৃহৎ সমাৱেশ হ’ব পাৰে বুলি অনুমান কৰি দিল্লী আৰক্ষীয়ে পূৰ্বৰে পৰা সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে। শুকুৰবাৰে নিশাৰ পৰা ৰাজধানীৰ ৪৫টা মেট্ৰ’ ষ্টেচন বন্ধ কৰি দিয়া হৈছে। পুৱা ৪ বজাৰ পৰা দুপৰীয়া ২ বজালৈকে দিল্লী অভিমুখী সকলো মেইল আৰু এক্সপ্ৰেছ ৰে’ল বাতিল কৰা হৈছে।
আনকি বিস্তীৰ্ণ অঞ্চলত ইণ্টাৰনেট সেৱাও বন্ধ কৰি ৰখা হৈছে। ককৰ’চ জনতা পাৰ্টিৰ সমাৱেশৰ বাবে অনুমতি দিয়া নাই দিল্লী আৰক্ষীয়ে। প্ৰতিবাদ প্ৰতিহত কৰিবলৈ নিৰ্দিষ্ট কিছুমান স্থানত ১৬৩ ধাৰা জাৰি কৰা হৈছে।
আৰক্ষীৰ এই প্ৰস্তুতিক সমালোচনা কৰি দীপকে কয়, “নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহে নিজৰ দেশৰ নাগৰিকৰ বিৰুদ্ধেই যুদ্ধ ঘোষণা কৰিব বিচাৰিছে নেকি? জ্ঞানেশ কুমাৰ তেওঁলোকৰ ইমানেই প্ৰিয় যে দেশৰ নাগৰিকৰ বিৰুদ্ধে আৰক্ষী আৰু সেনাবাহিনীক ব্যৱহাৰ কৰিবলগীয়া হৈছে?”
দীপকেৰ দাবী, ইয়াৰ পাছত বিজেপিক আৰু কোনেও ভোট নিদিব বুলি মোদী-শ্বাহে আশংকা কৰিছে। যন্তৰ মন্তৰৰ প্ৰতিবাদী কাৰ্যসূচীক সমৰ্থন কৰি দীপকে কয়, “প্ৰতিবাদ কৰাটো আমাৰ মৌলিক অধিকাৰ। সংবিধানৰ ১৯ নম্বৰ অনুচ্ছেদত সকলোকে শান্তিপূৰ্ণ আৰু গণতান্ত্ৰিক প্ৰতিবাদৰ অধিকাৰ প্ৰদান কৰা হৈছে। আমি সেইটোৱেই কৰিব বিচাৰিছোঁ।”
ইফালে, ৰাজধানীৰ বিভিন্ন হোটেল, অতিথিশালা আৰু পেয়িং গেষ্টৰ ব্যৱস্থাসমূহত আৰক্ষীয়ে গৈ খবৰ লৈছে। কম বয়সীয়া যুৱক-যুৱতীৰ দল দেখিলেই তেওঁলোকক সোধা-পোছা কৰা হৈছে। ইয়াৰ লগতে যিকোনো ধৰণৰ সমাৱেশ আৰু প্ৰতিবাদী কাৰ্যসূচীৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে মাইকযোগে ঘোষণা চলি আছে।
শুকুৰবাৰে নিশাই দীপকে এটা ভিডিঅ’ বাৰ্তাযোগে জনাইছিল যে তেওঁ দিল্লীলৈ গ’লে তেওঁক গ্ৰেপ্তাৰ কৰা হ’ব পাৰে। কিন্তু তেওঁৰ অনুপস্থিতিত যাতে প্ৰতিবাদ বন্ধ হৈ নাযায়, সেই আহ্বানো জনাইছিল তেওঁ। শনিবাৰে পুৱা ৯ বাজি ৩০ মিনিটৰ পাছত দীপকে দিল্লীত অৱতৰণ কৰাৰ কথা আছিল।






























