Tamulpur Incident:দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:এক লোমহৰ্ষক হত্যাকাণ্ডই জোকাৰি গ’ল সমগ্ৰ নাগ্ৰিজুলী অঞ্চল ৷ ডোঙাৰগাঁৱৰ বাসিন্দা পৰমা ডেকা নামৰ লোকজনক নিজ নাবালক পুত্ৰই দাৰে ঘপিয়াই হত্যা কৰি পিছত মাতৃৰ স’তে মিলিবাৰীৰ পিছফালে পুতি থয়৷ এই ঘটনা বুধবাৰে সংঘটিত হয় যদিও শনিবাৰেহে পোহৰলৈ৷
পৰমা ডেকাৰ শুংসূত্ৰ বুধবাৰ পৰা নোহোৱাত স্থানীয় লোকৰ সন্দেহ ওপজাত আৰক্ষীক খবৰ দিয়ে৷ পিছত আৰক্ষীৰ উপযুপৰি জেৰাত ডেকাৰ নাবালক পুত্ৰ আৰু পত্নীয়ে আৰক্ষীৰ ওচৰত সকলো কথা সদৰি কৰে৷
আৰক্ষীয়ে দণ্ডাধীশৰ উপস্থিতিত গাঁতৰ পৰা উদ্ধাৰ কৰে পৰমা ডেকাৰ মৃতদেহ৷ মাতৃ- পুত্ৰ দুয়োকে আটক কৰে আৰক্ষীয়ে৷
উল্লেখ্য যে আৰক্ষীৰ জেৰাত পৰমা ডেকা নাবালক পুত্ৰ কয় যে, তেওঁৰ পিতৃয়ে দৈনিক সুৰাপান কৰি আহি ঘৰত কাজিয়া পেছাল কৰি থকাৰ লগতে নানান মানসিক নির্যাতন, অতিশয্যা চলাই আহিছিল তেওঁলোকৰ ওপৰত ৷ ইয়াৰ পৰা পৰিত্ৰাণ পাবৰ বাবেই এনে ঘটনা কৰিবলৈ বাধ্য হয়৷































