দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : চলন্ত ৰে’লত অসমৰ ২০ বছৰীয়া ছাত্ৰী হিমাশ্ৰী বড়োৰ ৰহস্যজনক মৃত্যুক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি, লোকসভাৰ বিৰোধী দলৰ উপ-দলপতি তথা সাংসদ গৌৰৱ গগৈয়ে। সামাজিক মাধ্যম ‘এক্স’ত প্ৰতিক্ৰিয়া ব্যক্ত কৰাৰ সমান্তৰালকৈ সাংসদগৰাকীয়ে আজি কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱলৈ এখন জৰুৰী পত্ৰ প্ৰেৰণ কৰি সমগ্ৰ ঘটনাৰ এক নিৰপেক্ষ, পুংখানুপুংখ আৰু সময়বদ্ধ তদন্ত নিশ্চিত কৰিবলৈ দাবী জনায়।
উল্লেখ্য যে, গুৱাহাটীৰ বাসিন্দা হিমাশ্ৰী বড়োৱে বিশাখাপট্টনমত এক নৃত্য অনুষ্ঠান পৰিৱেশন কৰি গুৱাহাটী অভিমুখে ২২৫০৩ নম্বৰৰ বিবেক এক্সপ্ৰেছৰ এছ-২ ডবাত অকলেই যাত্ৰা কৰিছিল। কিন্তু যাত্ৰাপথৰ মাজতে অন্ধ্ৰপ্ৰদেশৰ শ্ৰীকাকুলাম জিলাৰ এটা ৰে’লপথৰ কাষৰ পৰা তেওঁৰ মৃতদেহ উদ্ধাৰ হয় আৰু ৰে’লখন গুৱাহাটী আহি পোৱাৰ পিছত তেওঁৰ লাগেজসমূহ সংশ্লিষ্ট ডবাটোতেই উদ্ধাৰ হয়। ভুক্তভোগী পৰিয়াল আৰু সংবাদ মাধ্যমৰ প্ৰতিবেদনৰ উদ্ধৃতি দি সাংসদ গগৈয়ে কয় যে, ডবাত থকা কেইবাজনো পুৰুষ যাত্ৰীৰ সন্দেহজনক আচৰণ তথা অশ্লীল ইংগিতৰ বাবে যুৱতীগৰাকীয়ে চৰম নিৰাপত্তাহীনতাত ভুগিছিল। আৰক্ষীৰ প্ৰাথমিক তদন্তত চলন্ত ৰে’লৰ পৰা বাগৰি পৰাৰ ফলত এই মৃত্যু ঘটিব পাৰে বুলি সন্দেহ কৰা হৈছে যদিও, পৰিয়ালৰ লোকে ইয়াক এক পৰিকল্পিত অপৰাধ বুলি গুৰুতৰ অভিযোগ তুলিছে।
এই শোকাৱহ ঘটনাই ভাৰতীয় ৰে’লত মহিলা যাত্ৰীৰ সুৰক্ষাক লৈ পুনৰবাৰ ডাঙৰ প্ৰশ্নবোধক চিহ্ন আঁকি দিয়া বুলি উল্লেখ কৰি সাংসদ গগৈয়ে ৰাষ্ট্ৰীয় অপৰাধ তথ্য ব্যুৰোৰ (NCRB) তথ্য দাঙি ধৰে। তেওঁ কয় যে, ২০২৪ বৰ্ষত সমগ্ৰ দেশৰ ৰে’ল আৰক্ষীয়ে মহিলা আৰু শিশুৰ বিৰুদ্ধে ৪৮৮ টা অপৰাধ তথা মানৱ শৰীৰৰ ওপৰত ১,৪২২ টা অপৰাধমূলক ঘটনা পঞ্জীয়ন কৰিছে। ‘বেটী বছাও বেটী পঢ়াও’ক লৈ ঢাক-ঢোল পিটি চৰকাৰে বিভিন্ন পদক্ষেপ লোৱাৰ কথা কোৱাৰ পাছতো চলন্ত ৰে’লত এগৰাকী যুৱতী এনেদৰে নিৰাপত্তাহীনতাত ভুগি মৃত্যুক সাৱটি ল’বলগীয়া হোৱা কাৰ্যত তেওঁ তীব্ৰ ক্ষোভ প্ৰকাশ কৰে।
ৰে’ল মন্ত্ৰীলৈ প্ৰেৰণ কৰা পত্ৰখনত সাংসদ গগৈয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত সংশ্লিষ্ট ৰে’ল কৰ্তৃপক্ষ আৰু ৰাজ্য চৰকাৰৰ সৈতে আলোচনা কৰি এক নিৰপেক্ষ আৰু সময়সীমা নিৰ্ধাৰিত তদন্ত নিশ্চিত কৰাৰ দাবী জনায়। ইয়াৰ উপৰি চিচিটিভি ফুটেজকে ধৰি যাত্ৰাৰ সৈতে জড়িত যাৱতীয় সকলো নথি সংৰক্ষণ কৰি তদন্তকাৰী সংস্থাক তাৎক্ষণিকভাৱে যোগান ধৰিবলৈ তেওঁ আহ্বান জনায়। যাত্ৰাকালত হিমাশ্ৰী বা তেওঁৰ পৰিয়ালে ৰে’ল কৰ্তৃপক্ষ, আৰপিএফ বা জিআৰপিৰ পৰা কিবা সাহায্য বিচাৰিছিল নেকি আৰু তেওঁলোকক সঠিক সময়ত উচিত সঁহাৰি দিয়া হৈছিল নে নাই, সেই বিষয়েও খতিয়ান ল’বলৈ তেওঁ দাবী তোলে।
একেদৰে, বিশেষকৈ অকলে যাত্ৰা কৰা মহিলাসকলৰ নিৰাপত্তা আৰু সাহায্য ব্যৱস্থা পুনৰীক্ষণ কৰি চিনাক্ত হোৱা ত্ৰুটিসমূহ তাৎক্ষণিকভাৱে সমাধান কৰিবলৈ তেওঁ মন্ত্ৰীগৰাকীক অনুৰোধ কৰে। দূৰণিবটীয়া ৰে’লত যাত্ৰীসকলে নিৰাপত্তাহীনতা বা হাৰাশাস্তিৰ অভিযোগ দাখিল কৰা আৰু জৰুৰীকালীন সাহায্য লাভ কৰাৰ প্ৰক্ৰিয়া অধিক সুদৃঢ় কৰাৰ ওপৰতো তেওঁ গুৰুত্ব আৰোপ কৰে। হিমাশ্ৰীৰ পৰিয়ালে প্ৰকৃত সত্য জনাৰ সম্পূৰ্ণ অধিকাৰ আছে বুলি স্পষ্ট কৰি দি সাংসদগৰাকীয়ে তদন্তকাৰী সংস্থাক যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰি দোষীক দৃষ্টান্তমূলক শাস্তি বিহাৰ ব্যৱস্থা কৰিবলৈ ৰে’ল মন্ত্ৰালয়ক আহ্বান জনায়।





























