NobelPeacePrize : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : এইবাৰৰ শান্তিৰ ন’বেল বঁটাৰ প্ৰাপকৰ জৰিয়তে বিশ্ব মঞ্চত শান্তিৰ বাণীৰে বিশ্ববাসীক বিধৌত কৰা জাতিৰ পিতা মহাত্মা গান্ধীৰ নাম চর্চালৈ আহিল। শুকুৰবাৰে নৰৱেৰ ন’বেল শান্তি সমিতিয়ে ঘোষণা কৰা অনুসৰি চলিত বৰ্ষৰ শান্তিৰ ন’বেল বঁটা ভাৰতীয়মূলৰ দক্ষিণ আফ্রিকাৰ আইনজীবী তথা ন্যায়াধীশ নাবাথেনেম নাভি পিল্লাইলৈ আগবঢ়োৱা হৈছে।
ডাৰবানৰ নিবাসী পিল্লাইয়ে দক্ষিণ আফ্রিকাৰ উচ্চ ন্যায়ালয়, কৱাণ্ডাৰ আন্তর্জাতিক অপৰাধ ন্যায়াধিকৰণ আৰু আন্তর্জাতিক অপৰাধ আদালতৰ বিচাৰপতিৰূপে কার্যনির্বাহ কৰিছে। পূর্বে তেওঁ ৰাষ্ট্ৰসংঘৰ মানবাধিকাৰ উচ্চায়ুক্তরূপেও কার্যনির্বাহ কৰিছিল। ব্রিটিছ ঔপনিৱেশিক শাসনৰ সময়ত পিল্লাইৰ ককাক-আইতাকে তামিলনাডুৰ পৰা দক্ষিণ আফ্রিকালৈ প্রব্রজন কৰিছিল। সেই সূত্রে তেওঁ ভাৰতীয়মূলৰ মহিলা।
উল্লেখ্য যে ব্রিটেইনব পৰা ঘুৰি অহাৰ পাছত জাতিৰ পিতা মহাত্মা গান্ধীয়ে আইনজীৱীৰূপে কর্ম জীৱন আৰম্ভ কৰা দক্ষিণ আফ্রিকাৰ নাটাল প্ৰদেশৰ নাটাল বিশ্ববিদ্যালয়ৰ আইনৰ স্নাতক হৈছে পিল্লাই। সেই সূত্রেই আজি শান্তিৰ ন’বেল বঁটা প্ৰাপকৰ নাম ঘোষণা কৰাত গান্ধীৰ নামো চর্চালৈ আহিছে। আইনৰ ডিগ্রী গ্ৰহণ কৰাৰ দুবছৰৰ পাছত ১৯৬৭ত পিল্লায়ে দেশখনত এটা আইন সেৱা প্ৰদানকাৰী সংস্থা প্রতিষ্ঠা কৰে।
উল্লেখ্য যে দক্ষিণ আফ্রিকাত আইন সংস্থা স্থাপন কৰা প্ৰথমগৰাকী মহিলাও হৈছে পিল্লাই। সম্প্রতি ৮৫ বছৰীয়া পিল্লাই আমেৰিকা যুক্তৰাষ্ট্ৰৰ হার্ভার্ড বিশ্ববিদ্যালয়ৰ পৰাও আইনৰ ডিগ্রীধাৰী। তেৱেঁই হৈছে দক্ষিণ আফ্রিকাৰ উচ্চ ন্যায়ালয়ৰ প্ৰথমগৰাকী অ-শ্বেতাংগ মহিলা ন্যায়াধীশ। ১৯৯৫-২০০৩ত তেওঁ ৰুৱাণ্ডাৰ আন্তর্জাতিক অপৰাধ আদালতৰ বিচাৰকৰূপে এক ঐতিহাসিক ৰায়দান কৰিছিল। ধর্ষণ আৰু যুদ্ধকালীন যৌন হিংসাক তেওঁ গণহত্যা বুলি স্বীকৃতি দিছিল।
উল্লেখ্য যে যোৱাবাৰৰ দৰে এইবাৰো ন’বেল শান্তি বঁটাৰ বাবে নিজকে যোগ্য আখ্যা দি বঁটাৰ প্ৰৱল দাবীদাৰ হৈ উঠিছিল মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্প। সেয়েহে আজি বঁটাপ্ৰাপকৰ নাম ঘোষণা কৰাৰ পাছত পিল্লায়ে সকৌতুক গুণমুগ্ধসকলক উদ্দেশি কয়, ‘আপোনালোকে মোৰ এই বঁটা লাভত আনন্দৰ আতিশয্যত অধিক হাত চাপৰি নবজাৰ। অন্যথা মই ট্রাম্পৰ স’তে বঁটা ভগাই ল’ব লাগিব।’
স্বাভাৱিকতে পিল্লাইৰ এই বঁটা লাভত সমগ্ৰ বিশ্বৰ আইনজীবীসকল উৎফুল্লিত হৈছে। শান্তি আৰু আন্তর্জাতিক আইনৰ উত্তৰণৰ প্ৰতি আগবঢ়োৱা অৱদানৰ স্বীকৃতিৰূপে এই বঁটা আগবঢ়োৱা হৈছে বুলি ন’বেল শান্তি সমিতিয়ে প্রকাশ কৰিছে। তেওঁ যি আন্তর্জাতিক আইনৰ উত্তৰণৰ হকে কাম কৰি আহিছে, সেই আইনৰ জৰিয়তে যুদ্ধ অপৰাধী, মানৱ জাতিৰ বিৰুদ্ধে অপৰাধত লিপ্ত আৰু গণহত্যাত লিপ্তসকলৰ শাস্তি হোৱাটো নিশ্চিত কৰিবলৈ তেওঁ বিচাৰিছে।
উল্লেখ্য যে কিছুমাহ পূৰ্বে ৰাষ্ট্ৰসংঘৰ যিখন সমিতিয়ে গাজাত ইজৰাইলৰ দ্বাৰা গণহত্যা সংঘটিত হৈছে বুলি অভিযোগ উত্থাপন কৰিছিল, সেই সমিতিখনৰো অন্তর্ভুক্ত আছিল বিচাৰপতি পিল্লাই। এই সন্দর্ভত তেওঁ কৈছিল, ‘গাজা সম্পর্কীয় প্রতিবেদনত উল্লেখ কৰিব বিচৰা অন্তিম কথাটো হ’ল গাজাত গণহত্যা সংঘটিত হৈছে।’ ন’বেল শান্তি বঁটা লাভৰ খবৰ বিয়পি পৰাৰ পাছতে এই খবৰ প্ৰথম অৱস্থাত তেওঁ বিশ্বাস কৰিব পৰা নাছিল বুলি প্রতিক্রিয়া প্রকাশ কৰিছিল।
উল্লেখ্য যে পূৰ্বৰ দৰে এইবাৰো অহা ১০ ডিচেম্বৰত ছুইডিছ বিজ্ঞানী-উদ্ভাৱক আলফ্রেড ন’বেলৰ জন্মদিনত অছল’ত এই বঁটা প্ৰদান কৰা হ’ব।































