HerbalMedicine: দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: সাম্প্রতিক প্রেক্ষাপটত গোলাঘাট জিলাখনৰ চৌদিশে চুলাই মদ, ভাং, ড্রাগছ আদি মাৰাত্মক নিচাজাতীয় দ্রব্যসমূহে ছানি ধৰাৰ সময়তে গোলাঘাটৰ এগৰাকী যুৱপ্ৰজন্মৰ বনৌষধি সাধক পুলস্ত্য পূজাৰীয়ে তৈয়াৰ কৰিছে নিচা ত্যাগ কৰিব পৰা বনৌষধি উপযুক্ত ঔষধ।
উল্লেখ্য যে গোলাঘাট জিলাৰ অন্তৰ্গত ৰঙামাটিৰ বাদুলীপাৰাৰ যুৱক তথা গোলাঘাট নগৰৰ নতুন আমোলাপট্টিৰ বাসিন্দা পুলস্ত্য পূজাৰীয়ে আৱিষ্কাৰ কৰিছে মানুহক সুৰা আসক্তিৰ পৰা আঁতৰাই ৰখা অভয়দান ছিৰাপ।
দুশ এম এলৰ তিনিটা বটল সেৱনৰ পাছতেই সুৰাপায়ীয়ে এই বদ অভ্যাসৰ পৰা আঁতৰিব পাৰিব বুলি পূজাৰীয়ে সংবাদ মাধ্যমক সদৰী কৰিছে। উল্লেখ্য যে তেওঁৰ পিতৃ পুৰুষ জগত চন্দ্র পূজাৰীয়ে প্ৰতিষ্ঠা কৰা শ্ৰত্ৰত আয়ুবেদিক প্রতিষ্ঠানত কেৱল নিচা মুক্তি ঔষধ প্রস্তুত কৰাই নহয় মুঠ ১১ বিধ আয়ুবেদিক ঔষধ বিভিন্ন ৰোগত ব্যৱহাৰ কৰি ৰোগী উপকৃত হৈছে।
উল্লেখ্য যে শিশুৰ পৰা বৃদ্ধলৈকে বহুতৰ নাকৰ চাইনেচাইটিছ ৰোগত আক্রান্ত হোৱা ৰোগীসকলৰ ঔষধো সংশ্লিষ্ট প্রতিষ্ঠানে আৱিষ্কাৰ কৰিছে। আনহাতে, এক বিৰল ঔষধি গুণসম্পন্ন চিকিৎসা চাইন’ পিল’ নামৰ গাৰুটোৰ পৰা শ শ লোক চাইনেচাইটিছ ৰোগৰ পৰা উপকৃত হৈছে বুলি সাধকগৰাকীয়ে প্ৰকাশ কৰিছে।
ইফালে, শিশুৰ মগজুৰ বিকাশ বা বৃদ্ধ বয়সত কথা পাহৰা লোকৰ বাবে তৈয়াৰী ‘ব্রেইন আপ’, দাঁতৰ বিষ আৰু পৰিষ্কাৰ বাবে তৈয়াৰি ডাবল এক্সন পাউদাৰ আদি সকলো ঔষধ বাবে ৰাইজে ৯৪৩৫৩ ৫৪০৯৩ নম্বৰত যোগাযোগৰ বাবে পূজাৰীয়ে আহ্বান জনাইছে।































