দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: মৰিয়নি সমষ্টিত কে বাটাও দশকজুৰি একেজন বিধায়কেই ৰাজত্ব কৰি আছে যদিও আজিলৈকে সমষ্টিবাসী যেন প্রকৃত উন্নয়নৰ পৰা বহুযোজন দূৰৈতে ৰৈছে। মৰিয়নি নগৰতে একাধিক উন্নয়নমূলক কাম-কাজ আজিও সম্পূর্ণ হৈ নুঠিল।
মৰিয়নি নগৰৰ মাজমজিয়াত অৱস্থিত যোৰহাট- মৰিয়নি পথৰ পৰা মৰিয়নিৰ ক্ষুদ্র প্রাথমিক স্বাস্থ্য কেন্দ্র সংযোগী ‘স্টেডিয়াম ৰোড’ নামেৰে জনাজাত পথটো অসম চৰকাৰে ‘গৌৰৱ পথ’ৰূপে ঘোষণা কৰি পথটোৰ নির্মাণকার্য চলাইছিল।
পথটো বহলীকৰণৰ বাবে ৰাজহুৱা স্বাৰ্থত মৰিয়নি ক্রীড়া সন্থায়ো যথেষ্ট মাটি এৰি দিছিল। যোৰহাট জিলাৰ তদানীন্তন অভিভাৱক মন্ত্রী অজন্তা নেওগে মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ উপস্থিতিত পথটোৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিছিল।
সঞ্জীৱ দাস নামৰ ঠিকাদাৰে স্থানীয় বিধায়কৰ ঘনিষ্ঠ দুজনমানৰ হতুৱাই পথটোৰ নিৰ্মাণো চলাইছিল। কিন্তু কোটিটকীয়া পথটোৰ নিৰ্মাণৰ নামত বিসংগতিপূর্ণভাৱে ব্লক বহুৱাৰ গুৰুতৰ অভিযোগ উঠিছিল। সম্প্রতি পথটোৰ নিৰ্মাণকাৰ্য সম্পূর্ণ নোহোৱাকৈয়ে আজি প্রায় ছমাহৰো অধিক দিন ঠিকাদাৰী পক্ষই তেনেকৈয়ে পেলাই থ’লে।
ইফালে, পথটোৰ দাঁতিত বিদ্যুতৰ খুঁটা স্থাপনৰ বাবে দ দ গাঁত খান্দি থোৱা হ’ল। সেই গাঁতত বিপজ্জনকভাৱে লোহাৰ ৰড ওলাই থকাত যিকোনো মুহূর্ততে দুর্ঘটনা সংঘটিত হোৱাৰ আশংকা কৰা হৈছে। ইতিমধ্যেই তাত সৰু বৰ একাধিক দুর্ঘটনা সংঘটিত হৈছে। শেহতীয়াকৈ দুদিনমানৰ পূর্বে এগৰাকী স্কুলীয়া ছাত্রী তথা খেলুৱৈ তেনে গাঁতত পৰি গুৰুতৰভাৱে আহত হৈ যোৰহাট চিকিৎসা মহাবিদ্যালয়ত থাকিবলগীয়া হৈছিল।
ইয়াৰ পাছতেই সৃষ্টি হৈছিল ব্যাপক প্রতিক্ৰিয়াৰ। একাধিক সংগঠন, ব্যক্তি বিশেষে ঠিকাদাৰৰ এনে কার্যক সমালোচনা কৰিছিল। আনকি, এই ক্ষেত্ৰত প্ৰশাসনৰ হস্তক্ষেপো দাবী কৰিছিল। ঠিকাদাৰৰ অকর্মণ্যতা আৰু দায়িত্বহীনতাৰ বাবেই এই দুর্ঘটনা সংঘটিত হোৱা বুলিও অভিযোগ উঠিছিল। মন কৰিবলগীয়া যে এই পথটোৱেদি মৰিয়নিৰ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ লগতে পাঁচখনকৈ বিদ্যালয়ৰ ছাত্র-ছাত্রী আহ-যাহ কৰে।
তদুপৰি বাপুজী ষ্টেডিয়ামলৈ বিভিন্ন সময়ত খেলুৱৈৰ সঘন আহ-যাহ হৈ থাকে। ফলত যিকোনো সময়তে দুৰ্ঘটনাৰ আশংকা কৰা হৈছে। ইফালে, কি পৰিস্থিতিত পথটো এইদৰে আধাকৈ নিৰ্মাণ কৰি পেলাই থোৱা হৈছে সেই বিষয়েও জানিব পৰা হোৱা নাই। কিন্তু মেকুৰীৰ ডিঙিত টিলিঙা আঁৰিব কোনে? অৱশ্যে উক্ত দুৰ্ঘটনাৰ পাছত সৃষ্টি হোৱা ব্যাপক প্রতিক্ৰিয়াৰ পাছত উন্মুক্ত হৈ লোহাৰ ৰড ওলাই থকা গাঁতসমূহত শেহতীয়াকৈ বাঁহৰ বেৰিকেড দিয়াৰ ব্যৱস্থা কৰে যদিও সেয়া স্থায়ী সমাধান নহয়।
সেয়েহে গুৰুত্বপূৰ্ণ এই পথটোৰ নির্মাণকার্য শীঘ্রেই সম্পূর্ণ কৰি যাতায়াতৰ উপযোগী কৰি তুলিবলৈ সচেতন ৰাইজে সংশ্লিষ্ট সকলো পক্ষকে আহ্বান জনাইছে।































