SmugglingNetwork: দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: অসমত ম’হৰ বৃহৎ ছিণ্ডিকেট চলিছে আৰু ইয়াৰ জৰিয়তে চৰকাৰৰ মানুহে দৈনিক লাখ লাখ টকা আদায় কৰিছে। শাসক দলৰ নেতাৰ উপৰি ৰেল বিভাগৰ লোকো এই ছিণ্ডিকেটত জড়িত থকা বুলি আজি ইয়াত অভিযোগ কৰে আছাম পাব্লিক ৱৰ্কছ নামৰ সংগঠনটোৱে।
সংগঠনটোৰ সভাপতি অভিজিৎ শর্মাই বুধবাৰে একাধিক তথ্য সদৰী কৰি দাবী কৰে যে তেলেংগানাৰ পৰা আমদানি কৰা ম’হ প্ৰথমতে ৰেলৰে ৰঙিয়ালৈ আহে। তাৰ পাছত চাংসাৰি, জালুকবাৰী, গড়চুক, বশিষ্ঠ, যোৰাবাট, মেঘালয় হৈ বাংলাদেশলৈ যায়। ইয়াকে লৈ শাসক দলৰ নেতাৰ পৃষ্ঠপোষকতাত গঢ়ি উঠা ছিণ্ডিকেট বাহিনীয়ে মাহত অনায়াসে ১০-১২ কোটি টকা সংগ্ৰহ কৰি আহিছে।
শৰ্মাই উল্লেখ কৰে যে অতি সংগঠিত ৰূপত এই ছিণ্ডিকেট চলি আহিছে। তেলেংগানাৰ মুৰ্চিদাবাদ জামিস্তানপুৰ হায়দৰাবাদৰ পাঁচজন স্বত্বাধিকাৰীৰ এটা প্রতিষ্ঠান ইয়াৰ লগত জড়িত আছে। প্রতিষ্ঠানটোৰ নাম মৌলানা এক্সপ’র্ট আইএনচি-‘লাইভস্টক-চপ অইলছ-পেট ফুডছ’। কোম্পানীটোৰ এজন স্বত্বাধিকাৰীৰ নাম হুজী।
কোম্পানীটোৰ যোগাযোগ নম্বৰ ৯০৫৮৪৯৩১৯৩ আৰু হুজী নামৰ লোকজনৰ যোগাযোগ নম্বৰ ৮৪৪৭০০৭১৫৪। তদুপৰি মেচাৰ্ছ ছাইক আবহুল কুদ্দুছ এক্সপ’র্ট আইএনচি নামৰ এটা প্ৰতিষ্ঠানৰ নামো ইয়াত জড়িত হৈ আছে। প্রতিষ্ঠানটোৰ স্বত্বাধিকাৰী শ্বেইখ আব্দুল কুদ্দুছ।
শর্মাই উল্লেখ কৰে যে শ্বেইখ আব্দুল কুদ্দুছে অলপতে হায়দৰাবাদৰ বিভিন্ন বজাৰৰ পৰা ২৫টা ম’হ ক্ৰয় কৰি ০৭০৪৬ নম্বৰৰ ৰেলখনৰে ছেকেন্দ্ৰাবাদৰ পৰা ৰঙিয়া জংছনলৈ প্ৰেৰণ কৰে। এই ম’হ প্ৰেৰণত নগালেণ্ড চৰকাৰৰ এছঅ’পি পালন কৰা হয়। যোৱা ন জুলাইত এই ম’হবোৰ প্ৰেৰণ কৰা হয়।
ম’হবোৰ গ্ৰহণ কৰা অসমৰ প্ৰতিষ্ঠানটোৰ নাম সোণাপুৰৰ সোণাপুৰ পথাৰৰ এএছ লাইভস্টক এণ্ড ট্রেডিং। প্রতিষ্ঠানটোৰ গৰাকী হ’ল আমতুল্লা ছিকদাৰ। কৃষি বিভাগৰ বাবে এই ম’হবোৰ প্ৰেৰণ কৰা হৈছিল। প্ৰেৰণ কৰা ম’হবোৰ মতা আৰু বয়স ছয়ৰ পৰা সাত বছৰৰ ভিতৰৰ। শৰ্মাই কয়, ‘এনেদৰে নিয়ম পালন কৰি ২৫টা ম’হ প্ৰেৰণ কৰিলেও প্ৰকৃততে ম’হ আহে এশৰ পৰা ডেৰশটা।
ৰঙিয়া জংছনত এই ম’হবোৰ ট্ৰাকত উঠোৱা হয়। একোখন ট্রাকত ১০ৰ পৰা ১৫টা ম’হ থাকে। এই প্ৰতিখন ট্ৰাকৰ পৰা ৰঙিয়াত ছিণ্ডিকেট চক্রই ১.২০ লাখ টকাকৈ আদায় কৰে। এই ধন আদায় লয় নিজকে ডাঙৰ বুলি ভবা অথচ প্রকৃততে সৰু এজন নেতাই। গুৱাহাটীৰ হাতীগাঁৱৰ ইছলাম বুলি লোক এজন জড়িত। এই ধন আদায় দিয়াৰ পাছতে ম’হ কঢ়িওৱা ট্রাকবোৰ চাংসাৰি, গড়চুক, যোৰাবাট হৈ মেঘালয়লৈ লৈ যায়। তাৰ পাছতে সেই ম’হ যায় বাংলাদেশলৈ। কৃষি বিভাগৰ বাবে অনা ম’হবোৰ প্ৰকৃততে বিভাগটোৰ বাবে অনা হয় নে? এই গোটেই ছিণ্ডিকেটত উজনি আৰু নামনি অসমৰ নেতাৰ দলো জড়িত হৈ আছে। এইটো ঠিক যে ৰঙিয়াত আৰম্ভ হোৱা ছিণ্ডিকেটৰ কথা বিধায়কে জানে নে নাজানে নাজানো, কিন্তু বিধায়কৰ অজ্ঞাতে এনে কাম চলিব পাৰে জানো? মুখ্যমন্ত্ৰীৰ অজ্ঞাতে তেওঁৰ বিধায়কে কিবা কাম কৰিব পাৰে জানো? কেতিয়াবা অৱশ্যে মুখ্যমন্ত্রীয়ে নাজানিবও পাৰে।’
শর্মাই লগতে অভিযোগ কৰে যে ম’হৰ ছিণ্ডিকেটত মালিগাঁও আৰু ৰঙিয়াৰ ভাৰতীয় ৰেল বিভাগৰ একাংশ শীর্ষ বিষয়াও জড়িত। তেওঁ কয় যে পশ্চিমবংগ চৰকাৰে ট্রাকযোগে শ্ৰীৰামপুৰেদি ম’হ সৰবৰাহত অনুমতি দিয়া নাই। দুই-এখন গাড়ী গোপনে আহে। সেই কাৰণে ৰেলযোগে ম’হ অসমলৈ অনা হয়। একাংশ ম’হ নীতি-নিয়মৰ মাজেৰে পৰিবহণ কৰা হয় যদিও অধিকাংশই বেআইনীভাৱে অনা হয়। শর্মাই এই বুলিও কয় যে সোণাপুৰৰ পৰাই তদন্ত আৰম্ভ কৰিলে সকলো কথা জলজল-পটপট হৈ পৰিব। ছিণ্ডিকেটত জড়িতক মুখ্যমন্ত্রীয়ে এনকাউণ্টাৰ কৰিব নেকি বুলিও শৰ্মাই প্রশ্ন কৰে।































