Lemur : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: দেশৰ উদ্যোগপতি মুকেশ আম্বানীৰ পুত্ৰ অনন্ত আম্বানীৰ বিতর্কিত বানতাৰাৰ বিৰুদ্ধে এইবাৰ দীঘলনেজীয়া লেমুৰ চোৰাংভাৱে সৰবৰাহৰ অভিযোগ উঠিছে। ৪৮ লাখটকীয়া মূল্যৰ এই প্রাণীবিধ বাংলাদেশৰ ছাফাৰী পাৰ্কৰ পৰা চোৰাংভাৱে আনিছে বানতাৰালৈ।
লেমুৰ হৈছে বিপন্ন প্রায় প্রজাতিৰ প্রাণী আৰু ই ভাৰতত উপলব্ধ নহয়। বাংলাদেশৰ বিভিন্ন সংবাদ মাধ্যমৰ বাতৰি অনুসৰি সামাজিক মাধ্যমত বানতাৰাত থকা অৱস্থাত দুটা লেমুৰৰ ফটো প্ৰচাৰ কৰাত বিষয়টো পোহৰলৈ আহে। বন্য প্রাণী সংৰক্ষণৰ বাবে নিৰ্মাণ কৰা বানতাৰা গুজৰাটৰ জাম নগৰত ৩,৫০০ একৰ ভূমিত অৱস্থিত।
২০২৫ৰ মাৰ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইয়াক মুকলি কৰিছিল। বাংলাদেশৰ পৰা গুজৰাটলৈ লেমুৰ চুৰি কৰাৰ ঘটনাৰ বিৱৰণ অনুসৰি যোৱা ২৩ মার্চত পুৱাৰ ভাগতে গাজিপুৰ ছাফাৰী পাৰ্কৰ পৰা এই লেমুৰ তিনিটা চুৰি কৰা হৈছিল। তাৰ পাছত এইকেইটাৰ ফটো আৰু ভিডিঅ’ ভাৰতত থকা ক্রেতালৈ প্ৰেৰণ কৰা হয়।
এই লেনদেন সম্পন্ন কৰিবলৈ কলকাতা বাবলু আৰু মুম্বাইৰ চিল্লু নামৰ দুজন লোকে বিগত বৰ্ষৰ মে’ত বাংলাদেশলৈ গৈছিল। অভিযোগ অনুসৰি দিলবাৰ আৰু তপন নামৰ বাংলাদেশৰ দুজন লোকে এই যোগাযোগ আৰু ব্যৱস্থা কৰি দিছিল।
এটা প্রাপ্তবয়স্ক আৰু আনটো পোৱালি লেমুৰৰ বাবে ১.৭ নিযুত বাংলাদেশী টাকা প্রায় ১৩ লাখ মূল্য নির্ধাৰণ কৰা হয়। আন এটা পোৱালি লেমুৰৰ বাবে তিনি লাখ বাংলাদেশী টাকা অর্থাৎ ভাৰতীয় মূল্য প্রায় ২.৩২ লাখ টকাত দুয়োপক্ষৰ মাজত বন্দোবস্ত হয়।
ছুৱাডাঙাৰ দৰ্শনা সীমান্তৰে ভাৰতলৈ পৰৱৰ্তী পর্যায়ত এই জন্তু কেইটাৰ চোৰাং সৰবৰাহ কৰা হয়। পৰৱৰ্তী পৰ্যায়ত বানতাৰাত ৪৮ লাখ টকাত এইখিনি বিক্ৰী কৰা হয়। বাংলাদেশী তদন্তকাৰীয়ে সামাজিক মাধ্যমত ফটো প্রকাশিত হোৱাত অনুসন্ধান আৰম্ভ কৰে আৰু তথ্য উদ্ধাৰ কৰে যে এইকেইটাৰ স’তে গাজিপুৰৰ ছাফাৰী পাৰ্কৰ পৰা চুৰি হোৱা লেমুৰৰ সাদৃশ্য আছে।
প্রকাশিত বাতৰি অনুসৰি জন্তুকেইটাৰ দেহত স্বকীয় চিনাক্তকৰণ অৰ্থাৎ মাইক্ৰ’ছিফট নথকাৰ বাবে চুৰি হোৱা বাংলাদেশৰ গাজিপুৰৰ লেমুৰ কেইটাই গুজৰাটৰ বানতাৰাত ৰখা লেমুৰ বুলি প্ৰতিপন্ন কৰাত জটিলতাৰ সৃষ্টি হৈছে।
গাজিপুৰৰ ছাফাৰী পাৰ্কত পাঁচ বছৰ ধৰি এই লেমুৰ কেইটা আছিল যদিও উদ্যান কর্তৃপক্ষই মাইক্ৰ’ছিফট লগোৱা নাছিল অথবা ডিএনএ নমুনা সংগ্ৰহ কৰা নাছিল।
বাংলাদেশত বর্তমান থকা পোৱালি লেমুৰৰ ডিএনএ সংগ্ৰহ কৰিবলৈ সাজু হৈছে। ভাৰতত থকা লেমুৰৰ কেইটাই জিনগতভাৱে বাংলাদেশৰ লেমুৰৰ স’তে সম্পর্কিত হয় নে নহয় সেয়া পৰীক্ষা কৰিব।
তদন্তকাৰী বিষয়া সুনীল দাসে কয় যে ইতিমধ্যে এই চুৰি কাণ্ডত জড়িত থকা পাৰ্কৰ নিৰাপত্তাৰক্ষীক গ্ৰেপ্তাৰ কৰা হৈছে। কে’বাজনো অভিযুক্তই স্বীকাৰোক্তি দিয়া বুলি তেওঁ কয়। এই ঘটনাত চিআইডিয়ে মুঠ আঠজনক অভিযুক্ত কৰিছে।
ইয়াৰ ছজনে স্বীকাৰোক্তি দিছে আৰু দিলবাৰ তথা জাহিৰ মিঞা পলাতক হৈ থকা বুলি কয় তদন্তকাৰী বিষয়াই।






























