CockroachMilk : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: গাখীৰ খালে যে মানৱ দেহে ভৰপূৰ শক্তি পায়, সেই কথা সকলোৱে জানে। প্র’টিনৰ এনে প্রাকৃতিক উৎস অতি কমেইহে আছে। নিয়মিতৰূপে গৰুৰ গাখীৰ পান কৰিব পাৰিলে হাড় আৰু দাঁত সবল হয়। শৰীৰত কেলছিয়ামৰ অভাৱ হ্রাস পায়।
পুষ্টিবিদসকলৰ মতে, গৰুৰ গাখীৰৰ বিকল্প আন একোৱেই হ’ব নোৱাৰে। অৱশ্যে সম্প্রতি এক গৱেষণাত উঠি আহিছে এনে এক তথ্য, যি বহু বিজ্ঞানীকো স্তম্ভিত কৰি তুলিছে। সন্ধান পোৱা গৈছে এনে এক প্ৰাণীৰ, যাৰ গাখীৰত গৰুৰ গাখীৰতকৈও বেছি পুষ্টিগুণ আছে।
ফলত সেই প্ৰাণীৰ গাখীৰ পান কৰিলে প্রায় তিনিগুণ বেছি শক্তি পোৱা যাব। আনকি পোনপটীয়াকৈ ‘ছুপাৰফুড’ৰ আখ্যাও দিব পাৰি এই গাখীৰক।
আচলতে প্রাণী নহয়, বৰঞ্চ এবিধ বিশেষ পতংগক কেন্দ্ৰ কৰিহে এই চর্চা। উল্লেখ্য যে সেই পতংগ হৈছে এবিধ পঁইতাচোৰা। অৰ্থাৎ পঁইতাচোৰাৰ গাখীৰত গৰুৰ গাখীৰতকৈ অধিক উচ্চমানৰ প্ৰ’টিন আছে বুলি ক’লেও হয়তো ভুল নহ’ব।
এই গৱেষণাৰ ফলত যোৱা সপ্তাহত ৰসায়নত ‘আইজ ন’বেল বঁটা’ লাভ কৰিছে উক্ত বিজ্ঞানীৰ দলটোৱে। সেই দলত ভাৰতীয় বিজ্ঞানী সঞ্চাৰী বেনার্জীও আছে। এই ন’বেল জয়ৰ কাহিনী পোহৰলৈ অহাত কম সময়তে স্বাভাৱিকতে ‘ভাইৰেল’ হৈ পৰিছে।
এতিয়া প্রশ্ন হৈছে যে এয়া জানো সঁচাকৈয়ে সম্ভৱ? এই গৱেষণাক কেন্দ্ৰ কৰি নানা জল্পনাৰো সৃষ্টি হৈছে। আচলতে সকলো প্ৰজাতিৰ পঁইতাচোৰাৰ দেহত গাখীৰ উৎপন্ন নহয়। এই আশ্চৰ্যকৰ গাখীৰ পোৱা যায় ‘পেচিফিক বিটল ককৰোচ’ নামৰ এক বিশেষ প্ৰজাতিৰ পঁইতাচোৰাৰ দেহত।
এই পতংগক বিজ্ঞানসম্মত নাম ‘ডিপলপটেৰা পাংকটাটা’। এই প্রজাতিয়ে আন প্ৰজাতিৰ পঁইতাচোৰাৰ দৰে কণী নাপাৰে, বৰঞ্চ স্তন্যপায়ী প্ৰাণীৰ দৰে সন্তান জন্ম দিয়ে। মাতৃৰ শৰীৰত উৎপন্ন হোৱা গাখীৰেই হয় সেই সন্তানৰ প্ৰথম খাদ্য আৰু প্ৰধান পুষ্টিৰ উৎস।
গৱেষণাত দেখা গৈছে যে গৰুৰ গাখীৰৰ তুলনাত তিনিগুণ বেছি শক্তি সঞ্চিত থাকে এইবিধ পঁইতাচোৰাৰ গাখীৰৰ প্ৰ’টিন ক্রিস্টেলত।
যদিও মানুহে জানো এই গাখীৰ পান কৰিব পাৰে? ইয়াতেই আহি থমকি ৰৈছে আচল প্রশ্নটো। এই গাখীৰ সম্প্ৰতি মানুহৰ বাবে সাধাৰণ খাদ্যৰূপে ব্যৱহৃত নহয় তথা মানুহে খোৱাৰ বাবে নিৰাপদ বুলিও প্রমাণিত হোৱা নাই।
সেয়ে পঁইতাচোৰাৰ সদ্যোজাত পোৱালিৰ বাবে এই গাখীৰ ‘ছুপাৰফুড’ হ’লেও মানুহ বা আন কোনো প্ৰাণীৰ ক্ষেত্ৰত কিমান কাৰ্যকৰী, তাক লৈ প্রশ্নচিহ্ন লাগি আছে।































