ArtificialIntelligence: দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: মানুহৰ শৰীৰ চিৰকাল একেই নাথাকে। বয়স বঢ়াৰ লগে লগে বার্ধক্যই কাহিল কৰে শৰীৰক। অৱশ্যে এই চিৰকালীন সত্যও সলনি হৈ পৰিব পাৰে। সাম্প্রতিক এক গৱেষণাত এনে চাঞ্চল্যকৰ প্ৰতিবেদনেই প্রকাশ পাইছে।
এআই বা কৃত্রিম বুদ্ধিমত্তাৰ সহায়ত সম্প্রতি চলি আছে এনে এবিধ যুগান্তকাৰী ঔষধ প্রস্তুতৰ কাম। এই ঔষধে মাত্র ছসপ্তাহতে মানুহৰ বয়স ছবছৰ হ্ৰাস কৰিব। এই দাবী কৰিছে গৱেষকৰ দলে।
সম্প্রতি ‘নেচাৰ বায়’টেকন’লজি’ পত্রিকাত প্রকাশ পাইছে এই গৱেষণাপত্র। তাতেই জনা গৈছে ৰেণ্টোছাটিব নামৰ এবিধ ঔষধৰ কথা। ইনছিলিকো মেডিচিনে প্রস্তুত কৰা এই ঔষধ প্রাথমিকভাৱে প্ৰস্তুত কৰা হৈছিল হাঁওফাওঁৰ অসুখৰ চিকিৎসাৰ বাবে।
যদিও কোম্পানীটোৰ তৰফৰ পৰা জনোৱা হৈছে যে এই ঔষধক লৈ এক ক্লিনিকেল ট্রায়েল চলোৱা হৈছিল। ২০২৩ আৰু ২০২৪ত চীনত এই ট্রায়েল চলোৱাৰ কথা জনা গৈছে। গৱেষণা অনুসৰি, এই ট্রায়েলত ৪২জন অংশগ্ৰহণকাৰীক অন্তর্ভুক্ত কৰা হৈছিল।
দেখা যায় যে ৰেণ্টোছাটিব গ্ৰহণকাৰী ৰোগীসকলৰ ক্ষেত্ৰত চিকিৎসাৰ পাছত তেওঁলোকৰ আনুমানিক জৈৱিক বয়স হ্রাস পাইছে। আনহাতে, যিসকলে এই চিকিৎসা গ্রহণ কৰা নাছিল, তেওঁলোকৰ ক্ষেত্ৰত জৈৱিক বয়স অপৰিৱৰ্তিত আছে বা বৃদ্ধি পাইছে।
ইনচিলিকো, হার্ভার্ড বিশ্ববিদ্যালয় আৰু পিকিং বিশ্ববিদ্যালয়ৰ গৱেষকসকলৰ কেইটামান দলে ছটা ‘এজিং ক্লক’ (বয়স নিৰ্ণায়ক ঘড়ী) ব্যৱহাৰ কৰিছে। এই ঘড়ীৰ সহায়তে শৰীৰৰ কোষ-কলা আৰু অংগ-প্রত্যংগৰ কাৰ্যকাৰিতা আৰু তাৰ লগতে শৰীৰৰ ৰাসায়নিক আৰু প্ৰ’টিন-সংক্রান্তীয় পৰিৱৰ্তনসমূহ বিশ্লেষণ কৰি জৈৱিক বয়স নির্ধাৰণ কৰি পাৰি।
যিসকলৰ জৈৱিক বয়স কম, তেওঁলোকৰ মৃত্যু সিমানদিনলৈ পিছুৱাই যায়। এই গৱেষণাত কৃত্রিম বুদ্ধিমত্তাও ব্যৱহাৰ কৰা হৈছে। পুৰণি ফটোক নতুন কৰা বা স্থিৰ ছবিক চলমান কৰা, এজনৰ শৰীৰত আনৰ মূৰ সংযোগ কৰি কাৰিকৰী বা ফৰমাইছ অনুসৰি আদ্যন্ত এখন নতুন কাল্পনিক মানুহৰ ফটো তৈয়াৰ কৰা, তথ্য-প্ৰযুক্তিৰ কাম নিমিষতে কৰি পেলোৱা বা এশ মানুহৰ কাম চম্ভালি লোৱাই নহয়; কৃত্রিম মেধাৰ হাত যে অনেক দূৰলৈ বিস্তৃত সেয়া পুনৰ বুজা গ’ল এই গৱেষণাৰ বিষয়টো পোহৰলৈ অহাৰ লগে লগে।






























