SecunderabadCantonment: দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: ছেকেন্দ্ৰাবাদ সেনা ছাউনিৰ পৰা চুৰি হোৱা আগ্নেয়াস্ত্ৰ অৱশেষত উদ্ধাৰ কৰিলে তেলেংগানা আৰক্ষীয়ে। শুকুৰবাৰে হায়দৰাবাদৰ এটা স্থানত অস্ত্ৰসমূহৰ সন্ধান লাভ কৰে আৰক্ষীয়ে। এই ঘটনাৰ স’তে জড়িত থকাৰ অভিযোগত কেবাজনো সেনা বিষয়াক গ্ৰেপ্তাৰ কৰা হৈছে।
তদন্তৰ বিস্তৃত প্ৰতিবেদন প্ৰকাশ পাবলৈ আৰু কিছু সময় লাগিব বুলি জনাইছে তেলেংগানা আৰক্ষীয়ে।
২০ মাদ্ৰাজ ৰেজিমেণ্টৰ সহায়ক লেফটেনেণ্ট কৰ্ণেল ময়াংক গোবিত্ৰীকৰে মালকাজগিৰি কমিছনাৰেটৰ বোলাৰাম থানাত অভিযোগ দাখিল কৰিছিল।
গোলাবাৰুদ ৰখা কোঠাটো হঠাতে খোলা আৰু তলা ভঙা অৱস্থাত প্ৰত্যক্ষ কৰি তেওঁলোকে আগ্নেয়াস্ত্ৰ চুৰি হোৱা বুলি জানিব পাৰে।
৮ ছেপ্টেম্বৰত ২০ মাদ্ৰাজ ৰেজিমেণ্টৰ এটা শাখাৰ এগৰাকী উচ্চপদস্থ বিষয়াক সোধা-পোছা কৰিছিল ভাৰতীয় সেনাৰ শীৰ্ষ বিষয়াসকল আৰু তেলেংগানা আৰক্ষীয়ে।
তদন্তত জানিব পৰা গৈছে যে ৩০ আগষ্টৰ সন্ধিয়া ৬.৩০ বজাত কোটে (কিপাৰ অৱ টেকনিকেল ইকুইপমেণ্টছ বা অস্ত্ৰাগাৰ) বন্ধ হোৱাৰ পূৰ্বে অস্ত্ৰসমূহ শেষবাৰৰ বাবে দেখা গৈছিল।
এগৰাকী উচ্চপদস্থ আৰক্ষী বিষয়াই কয়, ‘‘কোটেত সদায় কঠোৰ নিৰাপত্তা ব্যৱস্থা থাকে। নিৰাপত্তাৰক্ষীসকলে জনোৱা মতে, তাৰ পিছত আৰু কোনো লোকক ভিতৰলৈ সোমোৱা বা বাহিৰলৈ ওলাই যোৱা দেখা পোৱা নাছিল। তদুপৰি অস্ত্ৰাগাৰৰ বহীত সদায় অস্ত্ৰৰ হিচাপ লিখা থাকে। আমি লক্ষ্য কৰিছোঁ যে যোৱা কেবামাহ ধৰি এই হিচাপত গণ্ডগোল হৈ আছিল। আকৌ প্ৰতি নিশা ১০.৩০ বজাৰ পৰা পুৱা ৭ বজালৈ কোনোবাই চিচিটিভি বন্ধ কৰি দিছিল। কেইবাজনো অৱসৰপ্ৰাপ্ত আৰু কৰ্মৰত সেনা বিষয়া এই চক্ৰটোৰ স’তে জড়িত আছিল।’’
তেওঁ লগতে জনাইছে যে, ভৱিষ্যতে আৰু কেবাজনো লোকক গ্ৰেপ্তাৰ কৰা হ’ব পাৰে।






























