SocialMediaRegulation: দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: এইবাৰ দেশত নাবালকৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰত নিয়ন্ত্ৰণ আৰোপ কৰা হ’ব নেকি? মুখ্য ন্যায়াধীশৰ মন্তব্যত পোৱা গ’ল ডাঙৰ ইংগিত। ন্যায়াধীশ সূৰ্য কান্তে কয়, ‘ক’ৰবাত এটা নিয়ন্ত্ৰণৰ প্ৰয়োজন আছে। ৰক্ষাকৱচ অতি অৱশ্যেই প্ৰয়োজন।’এই সন্দৰ্ভত কেন্দ্ৰসহ সকলো পক্ষৰ মতামত জানিবলৈ জাননী জাৰি কৰিছে উচ্চতম ন্যায়ালয়ে।
১৮ বছৰৰ তলৰ বয়সৰ লোকৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰ নিয়ন্ত্ৰণ আৰু নিৰাপত্তাৰ প্ৰসংগত ‘জাষ্ট ৰাইটছ ফৰ চিল্ড্ৰেন এলায়েন্স’ নামৰ এটা এনজিঅ’ই এখন জনস্বাৰ্থৰ গোচৰ ৰুজু কৰিছিল। সেই গোচৰৰ ভিত্তিতে কেন্দ্ৰলৈ জাননী প্ৰেৰণ কৰিলে উচ্চতম ন্যায়ালয়ে।
মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, ন্যায়াধীশ জয়মাল্য বাগচী আৰু ন্যায়াধীশ ভি মোহনাৰ বিচাৰপীঠে বৃহস্পতিবাৰে কেন্দ্ৰৰ নামত জাননী জাৰি কৰি মন্তব্য কৰে, “ভাৰতত আমাৰ কিছু ৰক্ষাকৱচ অতি অৱশ্যেই প্ৰয়োজন।”
এনজিঅ’টোৰ হৈ যুক্তি দাঙি ধৰে অধিবক্তা এইচ এছ ফুলকাই। দাখিল কৰা আবেদনখনৰ মূল বক্তব্য হৈছে—একাধিক ছ’চিয়েল মিডিয়া প্লেটফৰ্মত শিশুৰ যৌন নিৰ্যাতন সম্পৰ্কীয় কনটেণ্ট আপলোড কৰিব নোৱাৰিব বুলি নিয়ম থাকিলেও সেই নিয়ম মানি চলা হোৱা নাই।
১৮ বছৰৰ তলৰ বয়সৰ লোকসকলে যাতে অভিভাৱক বা আইনগত অভিভাৱকৰ সন্মতি অবিহনে কোনো ডিজিটেল প্লেটফৰ্মৰ স’তে চুক্তিত জড়িত হ’ব নোৱাৰে, সেয়া নিশ্চিত কৰাৰ বাবেও আবেদন জনোৱা হৈছে। আবেদনকাৰীসকলে কয় যে নাবালকৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰৰ ক্ষেত্ৰত অভিভাৱক বা আইনগত অভিভাৱকৰ পৰিচয় পৰীক্ষা অথবা ই-কেওৱাইচি কৰাটো প্ৰয়োজনীয়।
কাৰণ, শিশুসকলে অবাধে ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰিলে ইয়াৰ স’তে কেবাটাও বিপদো জড়িত হৈ থাকে। অনলাইন গ্ৰুমিং, যৌন শোষণ, সৰবৰাহ, চাইবাৰবুলিং, তথ্য ফাদিল হোৱাৰ দৰে সমস্যাৰ সন্মুখীন হ’ব পাৰে তেওঁলোকে। এই সন্দৰ্ভত আদালতে কেন্দ্ৰৰ মতামত জানিব বিচাৰিছে।
উল্লেখ্য যে, ইতিমধ্যে দেশৰ প্ৰথমখন ৰাজ্য হিচাপে ১৬ বছৰ বয়স পৰ্যন্ত ছ’চিয়েল মিডিয়া ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ কৰাৰ সিদ্ধান্ত লৈছে কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰে। শীঘ্ৰেই এই বিল বিধানসভাত গৃহীত হ’ব পাৰে। আগন্তুক দিনত আৰু কেবাখনো ৰাজ্যই এই পথ অনুসৰণ কৰিব পাৰে বুলিও খবৰ প্ৰকাশ পাইছে।
শেহতীয়াকৈ মাদ্ৰাজ উচ্চ ন্যায়ালয়ে এটা পৰ্যবেক্ষণত কৈছিল যে ১৬ বছৰৰ তলৰ কিশোৰ-কিশোৰীৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰত অষ্ট্ৰেলিয়াই যিধৰণে নিষেধাজ্ঞা আৰোপ কৰিছে, ভাৰতেও একে পথ অনুসৰণ কৰা উচিত।
আগন্তুক দিনত উচ্চতম ন্যায়ালয়েও সেই পথ অনুসৰণ কৰিলে আচৰিত হ’বলগীয়া একো নাথাকিব বুলি মত প্ৰকাশ কৰিছে বিষয়টোৰ স’তে অৱগত মহলে।






























