NuclearWeaponsStockpile:দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: ভাৰতৰ পাৰমাণৱিক অস্ত্ৰৰ ভঁৰালত আনুমানিক ১৯০ টা ৱাৰহেড আছে। এইসমূহ ৱাৰহেডৰ মাজত নতুনকৈ তৈয়াৰ কৰা ক্ষেপণাস্ত্ৰৰ বাবে ৩০ টা অতিৰিক্ত ৱাৰহেডো অন্তর্ভুক্ত কৰা হৈছে।
শেহতীয়া এক প্ৰতিবেদনত ভাৰতৰ পৰমাণু অস্ত্ৰৰ সন্দৰ্ভত এই চাঞ্চল্যকৰ তথ্য প্রকাশ পালে। ফেডাৰেচন অব আমেৰিকান ছায়েন্টিষ্ট (এফএএছ)ৰ প্ৰতিবেদনত ভাৰতৰ পৰমাণু অস্ত্ৰৰ সন্দৰ্ভত এই তথ্য উল্লেখ কৰিছে।
এফএএছে প্রতিবেদনত উল্লেখ কৰা অনুসৰি মুক্ত তথ্য, চৰকাৰী তথ্য আৰু বাণিজ্যিক কৃত্রিম উপগ্ৰহৰ জৰিয়তে লাভ কৰা ফটোৰ বিশ্লেষণৰ আধাৰত ভাৰতৰ পৰমাণু অস্ত্ৰৰ এই পৰিসংখ্যা প্ৰস্তুত কৰা হৈছে।
এফএএছৰ নিউক্লিয়াৰ ইনফ’ৰমেচন প্রজেক্টৰ সঞ্চালক হেন্স ক্রিষ্টেনছনে সদৰী কৰা অনুসৰি ২০২৬ৰ পৰিসংখ্যা অনুসৰি ভাৰতত বর্তমানে পৰমাণু অস্ত্র বহনত সক্ষম প্রায় ১৯০ টা ৱাৰহেড আছে।
সম্প্রতি ভাৰতৰ পৰমাণু অস্ত্ৰৰ ভঁৰালত ১৬০ টাৰো অধিক ৱাৰহেড আছে আৰু অন্যান্য ৩০ টা ৱাৰহেড নির্মীয়মান অৱস্থাত আছে বুলি এফএএছৰ প্রতিবেদনত দাবী কৰা হৈছে।
































