BRICS2026: দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: বহু তৰপীয়া নিৰাপত্তা ব্যৱস্থাৰে আজিৰ পৰা দিল্লীত অনুষ্ঠিত হ’ব ব্রিক্ছ সম্মিলন। ইয়াৰ বাবে দিল্লীত নিয়োজিত কৰা হৈছে সাত হেজাৰ নিৰাপত্তাৰক্ষী আৰু পাঁচ হেজাৰ যানবাহন আৰক্ষী। বৈঠকস্থলী ভাৰত মণ্ডপমৰ পৰা বহু দূৰলৈ বিস্তৃত থাকিব নিৰাপত্তাৰক্ষীৰ বাহন। এই হাইপ্র’ফাইল আন্তঃৰাষ্ট্ৰীয় বৈঠকৰ বাবে দিল্লী আৰক্ষী ব্যাপক কুচকাৱাজৰে নামি পৰিছে।
বিমানবন্দৰৰ পৰা হোটেললৈ বিদেশী ভিভিআইপিৰ আগমনৰ বাবে আকাশী পথেৰেও নিৰীক্ষণৰ ব্যৱস্থা কৰা হৈছে। এইসকলৰ যাতায়াতৰ সময়ত অসুবিধাৰ সৃষ্টি যাতে নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি যানবাহন আৰক্ষীয়ে ২২টা পথ সংযোগ আৰু ৩৫টা মূল পথ চিনাক্ত কৰিছে।
বিগত কে’বামাহ ধৰি ব্রিক্ছ সম্মিলনৰ বাবে প্রস্তুতি পৰা আৰম্ভ কৰি বিদেশী সম্ভাৰো থাকিব এই মেনুত। ভাৰত মণ্ডপমত অনুষ্ঠিত হ’বলগীয়া এই ১৮ সংখ্যক ব্রিকছ সম্মিলনলৈ আহিব ব্রাজিল, ৰাছিয়া, চীন, দক্ষিণ আফ্রিকা, ইজিপ্ত, ইণ্ডোনেছিয়া, ইৰান, সংযুক্ত আৰব আমিবশ্বাহীকে ধৰি অংশীদাৰী দেশসমূহ।
এইসকলৰ বাবে অতি সযতনে আৰু পৰম্পৰাৰ লগতে দেশৰ আগশাৰীৰ চেফসকলে উদ্ভাৱনী চিন্তাৰ প্রয়োগ ঘটাই অতিথিৰ বাবে সাজু কৰিছে মেনু। সূত্রত প্রকাশ যে ব্ৰিছৰ মেনুত দেশৰ ছটা প্রান্তৰ ছয় বিধ বিখ্যাত খাদ্যসম্ভাৰ থাকিব। এই মুখৰোচক জলপানৰ ভিতৰত থাকিব কাশ্মীৰৰ মছলাযুক্ত আখৰোট, পুৰণি দিল্লীৰ ময়দা কাজু, মহাৰাষ্ট্ৰৰ ভাখাৰৱাৰি, ৰাজস্থানৰ মিনি কচুৰি, পশ্চিমবংগৰ কুচো নিমকি আৰু তামিলনাডুৰ মুৰুকু। দেশৰ উত্তৰৰ পৰা দক্ষিণ, পূবৰ পৰা পশ্চিমলৈ ছয় ৰাজ্যৰ পৰা বাছনি কৰা বিখ্যাত আহাৰ দেশী-বিদেশী অতিথিসকলৰ বাবে বিশেষ পাৰদৰ্শী ৰান্ধনিয়ে আহাৰ প্ৰস্তুত কৰিব।
দিল্লীৰ লীলা পেলেচ, তাজমহল, দ্য ললিত আদিৰ দৰে বিলাসী হোটেলসমূহত এতিয়া ব্রিক্ছ অতিথিৰ বাবে অতি ব্যস্ততা দেখা গৈছে। ললিতৰ মহাপ্ৰবন্ধক বিশাল শৰ্মাই কয় যে দেশৰ বিভিন্ন অঞ্চলৰ বন্ধন ঐতিহ্য পৰিবেশন কৰিবলৈ তেওঁলোক সাজু হৈছে। ইয়াৰ উপৰি ভাৰতীয় সুৱাস অটুট ৰাখি বিশ্বৰ আন বিভিন্ন ঠাইৰ আহাৰো থাকিব মেনুত।
ভাৰত চৰকাৰে মিলেট শস্যৰ খাদ্যাভ্যাসৰ বাবে বিভিন্ন কাৰ্যসূচী গ্ৰহণৰ সময়তে অতিথিৰ বাবেও প্ৰস্তুত কৰা হ’ব মিলেটৰ বিভিন্ন প্ৰকৰণ। তদুপৰি থাকিব ৰাগীৰে বনোৱা ডোচা, বাজৰা উপমা, মিলেট প’ংগাল আদি। বতৰৰ ফর্মুলাৰ লগতে পৰিবেশন কৰা হ’ব নাৰিকলৰ পানী, বাটাৰ মিল্ক আদি। দুপৰীয়াৰ আহাৰৰ বাবে অতিথিয়ে গুজৰাট, ৰাজস্থান আৰু দক্ষিণ ভাৰতৰ থালিৰ সোৱাদ ল’ব পাৰিব। তদুপৰি থাকিব কাশ্মীৰী পোলাও, হায়দৰাবাদী বিৰিয়ানি, দক্ষিণ ভাৰতীয় স্তু ডেকানি তর্কা আদি। ইপিনে, ভাৰতীয় খাদ্য পৰিবেশন কৰা হ’ব নৈশ আহাৰত যেনে অবধি কাবাব, বিভিন্ন ধৰণৰ তন্দুৰিৰ প্ৰকৰণ, ভাৰতীয় তৰকাৰী আদি।
ৰাজকীয় খাদ্যাভ্যাসৰ উপৰি ভাৰতত প্রচলিত বিভিন্ন ধৰণৰ ব্যঞ্জনৰ ৰন্ধন প্রণালী এইকেইদিন পৰীক্ষা-নিৰীক্ষা কৰি আছে চেফসকলে। চিৰাচৰিত মেনুৰ বাহিৰলৈ গৈ হেজাৰ হেজাৰ বছৰ ধৰি ভাৰতত প্রচলিত খাদ্য সম্ভাৰ প্ৰস্তুত কৰা হৈছে। মিলেটৰ বিভিন্ন প্ৰকৰণৰ লগতে বিখ্যাত গলৌটি কাবাব, তন্দুৰত বেক কৰা কটি আদিও পৰিবেশন কৰা হ’ব। নানা ধৰণৰ তছো থাকিব এই খাদ্য তালিকাত। তদুপৰি নানা ধৰণৰ চালাড পৰিবেশন কৰিব।
যিসকল অতিথিয়ে তেল মছলা খায় তেওঁলোকৰ বাবেও পৃথক কাউণ্টাৰ থাকিব, য’ত কন্টিনেন্টেল ব্রেকফাষ্ট পৰিবেশন কৰা হ’ব। দিল্লীৰ বিলাসী হোটেলৰ চেফসকলে কয় যে আন্তঃৰাষ্ট্ৰীয় অতিথিক ভাৰতীয় খাদ্যৰ সোৱাদ যোগোৱাৰ লগতে তেওঁলোকৰ নিজ নিজ দেশৰ আহাৰৰ প্ৰয়োজনীয়তাও পূৰণ কৰা হ’ব।
ইপিনে, স্বাস্থ্যসম্মত খাদ্যৰ বাবে দৈনন্দিন পৰীক্ষা-নিৰীক্ষা কৰি থকা হৈছে। খাদ্য প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰিবলগীয়া প্রতিবিধ মছলা, কেঁচা সামগ্রী আৰু বেকাৰীৰ সামগ্ৰীক খাদ্য সুৰক্ষা বিষয়াই তথা মাইক্ৰ’বায় ‘লজিষ্টে পৰীক্ষা কৰিছে।
































