দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : আজি দিল্লীত অনুষ্ঠিত হৈছে ১৮ সংখ্যক ব্ৰিকছ সন্মিলন। ব্ৰিকছ দেশৰ নেতাসকলক আদৰিবলৈ সাজু হোৱাৰ সময়তে খাদ্যক লৈ কি কূটনীতি হ’ব সেয়াও চৰ্চালৈ আহিছে। দিল্লীৰ কেবাখনো বিলাসী হোটেলে নিজ নিজ মেন্যুৰে অতিথিক লোভনীয় আহাৰ পৰিবেশন কৰিবলৈ প্ৰস্তুত হৈছে। ভাৰতীয় পৰম্পৰাগত খাদ্য-জলপানৰ পৰা আৰম্ভ কৰি বিদেশী সম্ভাৰো থাকিব এই মেনুত।
ভাৰতত অনুষ্ঠিত হ’বলগীয়া এই সন্মিলনলৈ আহিব ব্ৰাজিল, ৰাছিয়া, চীন, দক্ষিণ আফ্ৰিকা, ইজিপ্ত, ইণ্ডোনেছিয়া, ইৰান, সংযুক্ত আৰব আমিৰশ্বাহীকে ধৰি অংশীদাৰী দেশসমূহৰ নেতাসকল। এইসকলৰ বাবে অতি সযতনে আৰু পৰম্পৰাৰ লগতে দেশৰ আগশাৰীৰ চেফসকলে উদ্ভাৱনী চিন্তাৰ প্ৰয়োগ ঘটাই অতিথিৰ বাবে সাজু কৰিছে মেনু।
সূত্ৰত প্ৰকাশ যে ব্ৰিকছৰ মেনুত দেশৰ ছটা প্ৰান্তৰ ছয় বিধ বিখ্যাত খাদ্যসম্ভাৰ থাকিব। এই মুখৰোচক জলপানৰ ভিতৰত থাকিব কাশ্মীৰৰ মছলাযুক্ত আখৰোট, পুৰণি দিল্লীৰ ময়দা কাজু, মহাৰাষ্ট্ৰৰ ভাখাৰৱাৰি, ৰাজস্থানৰ মিনি কচুৰি, পশ্চিমবংগৰ কুচো নিমকি আৰু তামিলনাডুৰ মুৰুকু।
দেশৰ উত্তৰৰ পৰা দক্ষিণ, পূবৰ পৰা পশ্চিমলৈ ছয় ৰাজ্যৰ পৰা বাছনি কৰা বিখ্যাত আহাৰ দেশী-বিদেশী অতিথিসকলৰ বাবে বিশেষ পাৰদৰ্শী ৰান্ধনিয়ে প্ৰস্তুত কৰিব।
দিল্লীৰ লীলা পেলেচ, তাজমহল, দ্য ললিত আদিৰ দৰে বিলাসী হোটেলসমূহত এতিয়া ব্ৰিকছ অতিথিৰ বাবে অতি ব্যস্ততা দেখা গৈছে। ললিতৰ মহাপ্ৰবন্ধক বিশাল শৰ্মাই কয় যে দেশৰ বিভিন্ন অঞ্চলৰ বন্ধন ঐতিহ্য পৰিবেশন কৰিবলৈ তেওঁলোক সাজু হৈছে। ইয়াৰ উপৰি ভাৰতীয় সুৱাস অটুট ৰাখি বিশ্বৰ আন বিভিন্ন ঠাইৰ আহাৰো থাকিব মেনুত।
ভাৰত চৰকাৰে মিলেট শস্যৰ খাদ্যাভ্যাসৰ বাবে বিভিন্ন কাৰ্যসূচী গ্ৰহণৰ সময়তে অতিথিৰ বাবেও প্ৰস্তুত কৰা হ’ব মিলেটৰ বিভিন্ন প্ৰকৰণ। তদুপৰি থাকিব ৰাগীৰে বনোৱা ডোচা, বাজৰা উপপ্পা, মিলেট পংগাল আদি। বতৰৰ ফৰ্মুলাৰ লগতে পৰিবেশন কৰা হ’ব নাৰিকলৰ পানী, বাটাৰ মিল্ক আদি।
দুপৰীয়াৰ আহাৰৰ বাবে অতিথিয়ে গুজৰাট, ৰাজস্থান আৰু দক্ষিণ ভাৰতৰ থালিৰ সোৱাদ ল’ব পাৰিব। তদুপৰি থাকিব কাশ্মীৰী পোলাও, হায়দৰাবাদী বিৰিয়ানি, দক্ষিণ ভাৰতীয় ষ্টু, ডেকানি তৰ্কা আদি। ইপিনে, ভাৰতীয় খাদ্য পৰিবেশন কৰা হ’ব নৈশ আহাৰত যেনে অবধি কাবাব, বিভিন্ন ধৰণৰ তন্দুৰিৰ প্ৰকৰণ, ভাৰতীয় তৰকাৰী আদি।
ৰাজকীয় খাদ্যাভ্যাসৰ উপৰি ভাৰতত প্ৰচলিত বিভিন্ন ধৰণৰ ব্যঞ্জনৰ ৰন্ধন প্ৰণালী এইকেইদিন পৰীক্ষা-নিৰীক্ষা কৰি আছে চেফসকলে। চিৰাচৰিত মেনুৰ বাহিৰলৈ গৈ হাজাৰ হাজাৰ বছৰ ধৰি ভাৰতত প্ৰচলিত খাদ্য সম্ভাৰ প্ৰস্তুত কৰা হৈছে। মিলেটৰ বিভিন্ন প্ৰকৰণৰ লগতে বিখ্যাত গলৌটি কাবাব, তন্দুৰত বেক কৰা ৰুটি আদিও পৰিবেশন কৰা হ’ব। নানা ধৰণৰ তছো থাকিব এই খাদ্য তালিকাত। তদুপৰি নানা ধৰণৰ চালাড পৰিবেশন কৰিব।
যিসকল অতিথিয়ে তেল-মছলা খায় তেওঁলোকৰ বাবেও পৃথক কাউণ্টাৰ থাকিব, য’ত কণ্টিনেণ্টেল ব্ৰেকফাষ্ট পৰিবেশন কৰা হ’ব। দিল্লীৰ বিলাসী হোটেলৰ চেফসকলে কয় যে আন্তঃৰাষ্ট্ৰীয় অতিথিক ভাৰতীয় খাদ্যৰ সোৱাদ যোগোৱাৰ লগতে তেওঁলোকৰ নিজ নিজ দেশৰ আহাৰৰ প্ৰয়োজনীয়তাও পূৰণ কৰা হ’ব।
ইপিনে, স্বাস্থ্যসন্মত খাদ্যৰ বাবে দৈনন্দিন পৰীক্ষা-নিৰীক্ষা কৰি থকা হৈছে। খাদ্য প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰিবলগীয়া প্ৰতিবিধ মছলা, কেঁচা সামগ্ৰী আৰু বেকাৰীৰ সামগ্ৰীক খাদ্য সুৰক্ষা বিষয়া তথা মাইক্ৰ’বায়’লজিষ্টে পৰীক্ষা কৰিছে।































