IranUSConflict:দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: ইৰান বনাম আমেৰিকা-ইজৰাইল যুদ্ধৰ অন্ত পৰিল বুলি মাজতে কিছুদিন স্বস্তিৰ পৰিৱেশ সৃষ্টি হ’লেও পুনৰ অশান্ত হৈছে পশ্চিম এছিয়া।ভাৰতৰ তেলৰ বজাৰত ইয়াৰ প্ৰভাৱ পৰিবলৈ ধৰিছে। প্রতি লিটাৰ ডিজেলত ২৩ টকা আৰু পেট্র’লত পাঁচ টকাকৈ লোকচানৰ বোজা ব’ব লগা হৈছে বুলি অজুহাত দেখুৱাই ৰাষ্ট্ৰীয়কৃত তৈল বিপণন ইৰান-আমেৰিকাৰ আঁকোৰগোজালিত ভূমণ্ডল অস্থিৰ সংস্থাসমূহে পুনৰ মূল্যবৃদ্ধি কৰিবলৈ সাজু হৈছে।
এই পর্যন্ত আমেৰিকা আৰু ইৰানৰ আঁকোৰগজ স্থিতিত যুদ্ধৰ অৱসান ঘটাৰ কোনো লক্ষণ ফুটি উঠা নাই। ইয়াৰ বিপৰীতে হৰমুজ প্ৰণালীত তৈলবাহী জাহাজ ধ্বংস প্রতিযোগিতাত নামিছে দুয়োপক্ষ। আমেৰিকাৰ দাবী অনুসৰি কালি ইৰানৰ পাঁচখন তৈলবাহী জাহাজত মার্কিন সেনাই আক্ৰমণ কৰিছে।
প্রত্যুত্তৰত ইৰানে কয় যে আমেৰিকাৰ দুখন যুদ্ধ জাহাজ আৰু আঠখন তৈলবাহী জাহাজ ধ্বংস কৰিছে। ইৰানৰ সমৰ্থনপুষ্ট ছিয়া সন্ত্রাসবাদী সংগঠন হুথিয়ে য়েমেনৰ ভূমিৰ পৰা আক্ৰমণ চলাইছে ছৌদি আৰবৰ বিৰুদ্ধে। ইপিনে, হৰমুজ প্রণালী বন্ধ হৈয়ে আছে।
ছৌদি আৰবৰ তেল পৰিবহণৰ বিকল্প পথ বাব আল-মান্দেৱত অচলাৱস্থাৰ সৃষ্টি হৈছে। এই পৰিস্থিতিত যোৱা বুধবাৰে ব্ৰেণ্টৰ খাৰুৱা তেলৰ মূল্য প্রতি বেৰলত এশ ডলাৰ অতিক্ৰম কৰিলে। যোৱা ২১ মে’ৰ পাছত প্ৰথমবাৰ এনে অৱস্থা হৈছে। এক বেৰলত প্ৰায় ১৫৯ লিটাৰ বা ৪২ গেলন তেল থাকে।
ভাৰতে এই তেলৰ চাহিদাৰ ৯০ শতাংশই আমদানি কৰে। একেদৰে পশ্চিম এছিয়াৰ পৰা আন আন অঞ্চলৰ পৰা অপৰিশোধিত তেল ক্ৰয় কৰা হয়। ইয়াৰ মূল্যই কালি প্রতি বেৰলত ১০৮.৮১ ডলাৰ স্পৰ্শ কৰিলে।
বিকল্প কিঃ কোন পথেৰে আনিব পাৰিব তেল
এই পৰিস্থিতিত প্রশ্ন হ’ল যে পশ্চিম এছিয়াৰ পৰা তেল অনাৰ আন কোনো পথ নাই নেকি? মূল পথ হৈছে হৰমুজ। ইৰানৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ হোৱাৰ পূৰ্বে বিশ্বৰ তেল মুঠ চাহিদা ২০ শতাংশ পাৰস্য উপসাগৰৰ পথেৰে সৰবৰাহ কৰা হৈছিল। ইৰাক, কুৱেইট, বাহেইন আৰু কাটাৰৰ পৰা তেল পৰিবাহী জাহাজ অহা-যোৱাৰ আন কোনো পথ নাই।
ছৌদি আৰবৰ পৰা অৱশ্যে লোহিত সাগৰৰে তেল সৰবৰাহ কৰা হয়। কিন্তু এডেন উপসাগৰলৈ অহাৰ মুখতে বাব আল-মান্দেব প্রণালীত ঘাটি আছে সন্ত্রাসবাদী সংগঠন হুথিৰ। ছৌদি আৰৱৰ কোনো জাহাজক এই পথেৰে যাব নিদিয়ে বুলি এমাহ পূর্বতে হুংকাৰ দিয়ে হুথিয়ে। ইয়াৰ পাছতো তেল পৰিবহণ কৰিবলৈ চেষ্টা কৰা কে’বাখনো জাহাজত আক্ৰমণ কৰা হয়।
ইয়াৰে ভিতৰত এখনে ভাৰতলৈ তেল আনি থকা সময়ত আক্ৰমণৰ সন্মুখীন হোৱাত বাধ্যত পৰি পুনৰ ছৌদি আৰবলৈ উভতি যায়। ছৌদি আৰৱৰ তেল ভাৰতলৈ অনাৰ আন এটা পথ আছে। লোহিত সাগৰৰে জাহাজ আহি দক্ষিণ-পূবৰ বাব আল মান্দেবৰ দিশলৈ নগৈ উত্তৰ-পশ্চিমৰ ছুৱেজ খালৰে তেল আনিব পৰা যায়। কিন্তু সেই পথ বহু দীঘলীয়া হয়। ছুৱেজ খাল অতিক্ৰম কৰি প্ৰথমতে পাব ভূমধ্য সাগৰ। তাৰ পাছত জিব্রাল্টাৰ প্ৰণালীৰে আটলান্টিক মহাসাগৰত উপস্থিত হ’ব পাৰিব। ইয়াৰ পাছত সম্পূর্ণ আফ্রিকা মহাদেশ পৰিভ্ৰমণ কৰি উত্তমাশা অন্তৰীপৰ কাষেৰে ভাৰত মহাসাগৰত উপস্থিত হ’ব জাহাজ। তাৰ পৰা আৰব সাগৰ হৈ মুম্বাই বা গুজৰাট পাবহি। ইয়াৰ ফলত ১০ৰ পৰা ১৫ দিন অধিক লাগিব, ব্যয় বহু পৰিমাণে বৃদ্ধি পাব।
বিশ্বজুৰি যি পদ্ধতিত তেল কিনা-বেচা হয় তাক বাণিজ্যিক পৰিভাষাত কোৱা হয় ‘ফ্রি অন বর্ড’। জাহাজত তেল উঠোৱা পর্যন্ত সকলো খৰচ বিক্রেতাৰ। জাহাজ মেলি দিয়াৰ পাছত সকলো দায়িত্ব থাকে ক্ৰেতাৰ। পৰিবহণ, বীমা আৰু অন্যান্য ব্যয় ক্রেতাই বহন কৰিব লাগে। ইতিমধ্যে ইৰান যুদ্ধ আৰম্ভৰ পাছত বিপদ বৃদ্ধিৰ বাবে বীমা ব্যয় বহু পৰিমাণে বৃদ্ধি পাইছে।
ইয়াৰ পাছত যদি দীঘলীয়া পথেৰে তেল অনা হয় তেন্তে পৰিবহণ ব্যয় বৃদ্ধি পাব; অর্থাৎ বাঢ়িব তেলৰ মূল্য। সাধাৰণ ৰাইজৰ ওপৰত মাধমাৰ পৰিব। ইপিনে, ছুৱেজ খালৰে পৰিবহণৰ সমস্যাও অধিক। জাহাজত যিমানে মাল উঠাব সিমানেই গধুৰ হ’ব; অর্থাৎ এই জাহাজৰ বেছি অংশ পানীৰ তললৈ যাব। তেতিয়া চলাচলৰ বাবে জলপথৰ গভীৰতা বা প্রশস্ততাৰ অধিক প্রয়োজন হ’ব।
সম্প্রতি ছুৱেজ খালৰ গভীৰতা হ্রাস পাইছে। ইয়াৰে বৃহৎ তৈলবাহী জাহাজ সম্পূর্ণরূপে পাৰ কৰাব নোৱাৰি। ফলত হৰমুজ বা বাব আল-মান্দেৱ প্ৰণালীৰে এখন জাহাজে কঢ়িয়াই আনিব পৰা বৃহৎ পৰিমাণৰ তেল ছুৱেজৰে আনিব নোৱাৰি। ফলত দীঘলীয়া পথেই নহয়, কম পৰিমাণৰ তেল সৰবৰাহ আদিকে ধৰি পৰিবহণ ব্যয় বহু বৃদ্ধি পায়। ইয়াৰ ফলতেই দেশৰ বজাৰত অধিক হাহাকাৰ লাগিছে।
যোৱা ২৮ ফেব্ৰুৱাৰীত আমেৰিকা আৰু ইজৰাইলৰ যৌথ বাহিনীয়ে ইৰানত আক্ৰমণ কৰাৰ পাছৰে পৰা তেল আৰু ৰন্ধন গেছৰ সংকটৰ আৰম্ভণি হ’ল। দুবাৰকৈ গেছৰ দাম প্রায় ৯০ টকা বৃদ্ধি পালে। এতিয়া পুনৰ লোকচানৰ কথা কৈ তৈল বিপণন সংস্থাসমূহে তেলৰ মূল্য বঢ়াবলৈ সাজু হৈছে।
































