দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: হঠাতে সামাজিক মাধ্যমলৈ উভতি আহিছে ৮০ৰ দশকৰ স্মৃতি। ইনস্টাগ্রাম, ফেচবুকৰ পৰা এক্স হেন্ডেল, সর্বত্রে দেখা গৈছে বিভিন্ন লোকৰ নষ্টালজিক ছবি। আমাৰ অসমতো সম্প্রতি সামাজিক মাধ্যম ভৰি পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মা, কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালসহ বহু ৰাজনীতিবিদ, যতীন বৰা, প্ৰস্তুতি পৰাশৰ আদিৰ দৰে চেলিব্রিটীৰ পুৰণি দিনৰ ফটোৰে।
অৱশ্যে সেইবোৰ আচল পুৰণি ফটো নহয়। আর্টিফিচিয়েল ইন্টেলিজেন্স (এআই) বা কৃত্রিম বুদ্ধিমত্তাৰ সহায়ত বৰ্তমানৰ কোনো ফটোক সলাই প্ৰস্তুত কৰা হৈছে ১৯৮০ৰ দশকৰ ছাপ থকা ৰেট্রো প’ট্রেইট। দীঘল চুলি, চকুত ছানগ্লাছ, ৰঙীন পোছাক, উষ্ণ পোহৰ আৰু পুৰণি ফিল্মী শৈলীত ফটোসমূহ দেখিলে এনে লাগে যেন কিছু দশকৰ পূৰ্বৰ কোনো এলবামৰ পৰাহে উলিয়াই সামাজিক মাধ্যমত আপলোড কৰা হৈছে।
প্রথম অৱস্থাত বিষয়টোক একেবাৰে ধেমালিতে সৃষ্টি হোৱা
ছ’চিয়েল মিডিয়া ট্রেন্ড বুলিয়ে ধাৰণা হ’ব পাৰে; কিন্তু ইয়াৰ অন্তৰালত আছে মানুহৰ পুৰণি দিনৰ প্ৰতি থকা টান বা নষ্টালজিয়াৰ গভীৰ অনুভূতি। বিশেষকৈ এনে অনেক তৰুণ-তৰুণীয়ে এই ট্রেণ্ডত অংশ লৈছে, যিসকলে হয়তো ৮০ৰ দশক দেখা নাছিল।
কৃত্রিম বুদ্ধিমত্তাই তেওঁলোকক সেই সময়ৰ এক কল্পিত সংস্কৰণ সৃষ্টি কৰাৰ সুযোগ দিছে। কিয় ৮০ৰ দশকেই ইমান আকর্ষণীয়? ইয়াৰ এক ডাঙৰ কাৰণ হৈছে সেই সময়ৰ পৃথক ভিজুৱেল পৰিচিতি। ফেশ্বন, কেশ বিন্ন্যাস, পুৰণি কেমেৰা, ষ্টুডিঅ’ প’ট্ৰেইট; সকলোবোৰৰ মাজত আছিল এক স্বতন্ত্র নান্দনিকতা।
আজিৰ কৃত্রিম বুদ্ধিমত্তাই অতি সহজেই সেই চেহেৰা আৰু পৰিৱেশ তৈয়াৰ কৰি দিব পাৰিছে। অৱশ্যে একাংশ মনোবিজ্ঞানীৰ মতে, এই আকর্ষণ কেৱল এক নির্দিষ্ট দশকৰ প্ৰতি ভালপোৱা নহয়। বৰঞ্চ ইয়াৰ মাজত আছে এনে কিছু অনুভূতিৰ সন্ধান, যাৰ অভাৱ মানুহে বৰ্তমানৰ জীৱনত অনুভৱ কৰিছে।
মনোবিজ্ঞানী ক্লে ৰাউটলেজৰ গৱেষণাত দেখা গৈছে যে তৰুণ প্ৰজন্মৰ বহুতেই এনে সময়ৰ বাবে নষ্টালজিক অনুভৱ কৰে, যি সময়ত তেওঁলোক নিজেই নাছিল। ইয়াৰ লগত জড়িত থাকিব পাৰে সামাজিক যোগাযোগ, জীৱনৰ ওপৰত নিয়ন্ত্ৰণ আৰু অধিক অর্থপূর্ণ সম্পৰ্কৰ আকাংক্ষা।
এই ট্রেণ্ডক কেবল অতীতলৈ উভতি যোৱাৰ চেষ্টা বুলি চোৱাৰ পৰিৱৰ্তে বৰ্তমানৰ জীৱনত আমি কি হেৰুৱাইছো, তাৰো এক ইংগিতৰূপে চাব পাৰি।































