Horoscope: মেষ: মানসিক, প্রেম-প্রীতি আৰু পৰিবাৰিক শুভ কাৰক। শিক্ষার্থীৰ সফলতাৰ যোগ। হাতলৈ টকা-পইচা আহিব যদিও খৰচ বাঢ়িব। ঘৰলৈ সুখ আহিব। স্বাস্থ্যৰ অৱনতি হ’ব পাৰে। শুভ ৰং নীলা। শুভ সংখ্যা ৩।
বৃষ: যান-বাহন চলোৱা লোকসকলে অলপ সাৱধান হৈ চলাব। প্ৰেম আৰু পাৰিবাৰিক দিশত শুভ। শিক্ষার্থীৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত অশান্তি থাকিব। কৰ্মচাৰীৰ মনৰ অশান্তি হ’ব। বাণিজ্যত উন্নতিৰ যোগ। শুভৰং সেউজীয়া। শুভ সংখ্যা ৭।
মিথুন: সময়ৰ কাম সময়ত কৰিলে ভাল ফল পাব। স্বাস্থ্যৰ প্ৰতি যত্ন ল’ব। চাকৰিৰ ক্ষেত্ৰত সন্মান লাভ হ’ব। সৰু সৰু কথাত মানসিক কিছু প্ৰভাৱ পেলাব। শুভ ৰং বগা। শুভ সংখ্যা ৬।
কর্কট: আজি শুভ কাম আৰম্ভ কৰিব পাৰে। আর্থিক ক্ষতিৰ পৰা ৰক্ষা পৰিব। পূর্ব দিনৰ তুলনাত আজি বহুলাংশে যোগাযোগ উন্নত। আর্থিক ক্ষতিৰ পৰা ৰক্ষা পৰিব। শুভ ৰং ৰঙা, শুভ সংখ্যা ১।
সিংহ: প্রেম আৰু পাৰিবাৰিক দিশত সুখ-শান্তি থাকিব। শিক্ষার্থীৰ অধ্যয়নৰ ক্ষেত্ৰত চিন্তা হ’ব। কর্মক্ষেত্রত আপোনাৰ ভাৱমূর্তি প্রায় ঠিক থাকিব যদিও কোনো কাৰণে চিন্তাৰ কাৰণ নাই। শুভ ৰং নীলা। শুভসংখ্যা ৬।
কন্যা: চাকৰিয়ালৰ পদোন্নতি হোৱাৰ আশা আছে। নতুন ব্যৱসায়ৰ সন্ধান পাব পাৰে। জাতকৰ কোনো উন্নত যোগাযোগৰ পৰা লাভ। বিদ্যাত বেয়া নহ’ব। ভ্রমণাদিত মধ্যম। শুভ ৰং হালধীয়া। শুভ সংখ্যা ৩।
তুলা: আজি আপোনাৰ শৰীৰৰ শুভ কাৰক হ’ব। সাহিত্যিক, খেলুৱৈ আৰু শিল্পীৰ নতুন উৎসাহ বৃদ্ধিৰ যোগ। কোনোৱে প্ৰৱঞ্চকৰ কবলত পৰাৰ কৃষক। বিদ্যাত যত্নৰ ফল পাব। শুভ ৰং ক’লা। শুভ সংখ্যা ৫।
বৃশ্চিক: ক্রমে দিনটো বাঢ়ি অহাৰ লগে লগে মনটো গধূৰ হ’ব পাৰে। অতিৰিক্ত ব্যয় হ’ব পাৰে। নিজৰ ভাৰাসাম্য বজায় ৰাখক। আনক সহায় কৰি সন্মানিত হ’ব। অস্থিৰতা বাঢ়িব ব্যৱসায়ত শুভ। ভ্রমণ কৰতো সোঁ ফালৰ পৰা কৰিব। শুভ ৰং গেৰুৱা। শুভ সংখ্যা ৪।
মকৰ ব্যৱসায়ত লাভ কৰিব পাৰিব। চাকৰিৰ বাবে চেষ্টা কৰা সকলে ভাল খবৰ পাব। ব্যৱসায়ীসকল টকা-পইচাৰ লেনদেন নিজৰ হাতেৰে কৰিব। মনৰ অশান্তি আছে যদিও দিনতো ভাল যাব। শুভ ৰং বেঙনীয়া। শুভ সংখ্যা ২।
কুম্ভ: আজি দিনটো আপোনাৰ বাবে শাৰীৰিক সুস্থতা হৈ থাকিব। মনৰ অশান্তি হ’ব পাৰে। প্রেম-প্রীতি আৰু পাৰিবাৰিকত কিছু অশান্তি হ’ব। শিক্ষাৰ্থীৰ অধ্যয়নৰ ক্ষেত্ৰত অশান্তি হ’ব। শুভ ৰং বগা। শুভ সংখ্যা ২।
মীন: আর্থিক যোগাযোগত কিছুদিন উপকৃত তথা খৰচ। বন্ধুবৰ্গৰ পৰা দূৰত থাকক নাইবা অযথা শত্রু বৃদ্ধি পাব। শিক্ষার্থীৰ বাবে শুভ। কর্মত মধ্যম। শুভ নীলা ৰং ব্যৱহাৰ কৰক। শুভ সংখ্যা ৮।
































