RoadAccident: দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: তেজপুৰত আজি পুৱা প্ৰায় পাঁচবজাত সংঘটিত এক শোকাবহ পথ দুৰ্ঘটনাত নিহত হৈছে দৰং মহাবিদ্যালয়ৰ এজন প্ৰতিভাশালী ছাত্ৰ৷
মহাভৈৰৱ মন্দিৰৰ সমীপত দুৰ্ঘটনাটো সংঘটিত হয়৷দুৰ্ঘটনাটোত নিহত ছাত্ৰজন দৰং মহাবিদ্যালয়ৰ দৰ্শন বিভাগৰ ছাত্ৰ ঋষি সোণাৰি৷বিশ্বনাথ জিলাৰ ঘাঁহিগাঁৱৰ ৰাজেন সোনাৰিৰ পুত্ৰ ঋষিয়ে যোৱা নিশা এটা ষ্টুডিঅ’ত সংগীতৰ কাম কৰি পুৱা ঘৰপৰাচুবুৰীৰ ভাড়াঘৰলৈ উভতি অহাৰ সময়তে শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয়৷
AS02WB-0635 নম্বৰৰ মটৰ চাইকেলৰে আহি থকা অৱস্থাত পথৰ দাঁতিৰ এজোপা গছত খুন্দা মৰাৰ ফলত থিতাতে নিহত হয় ছাত্ৰ জন।
তেজপুৰৰ নক্ষত্ৰ নামৰ সাংস্কৃতিক গোষ্ঠীটোৰ এজন নিয়মীয়া সদস্য ঋষি ঢোল আৰু গীতাৰ বাদনত সুদক্ষ আছিল৷সৰবৰহী প্ৰতিভাশালী ছাত্ৰজনৰ এনে অনাকাংক্ষিত বিয়োগে সকলোকে মৰ্মাহত কৰিছে৷































