দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: তেজপুৰ চহৰৰ গাতে লাগি থকা মাজগাঁও পঞ্চায়তৰ অন্তৰ্গত এটা ব্যস্ত পথৰ কাষত বাৰিষাৰ পানী নিষ্কাশনৰ উপযুক্ত কালভার্টৰ সুবিধা নথকাত পথচাৰী আৰু স্থানীয় বাসিন্দাসকলে জ্বলা-কলা খাইছে।
তেজপুৰ মূঢ়াতেতেলীৰ পৰা মাজগাঁও তামুলীচুবুৰী শইকীয়া চুবুৰী সংযোগী জ্যোতি আগৰৱালা পথটো লোক নির্মাণ বিভাগে কিছু বছৰ পূৰ্বে নিৰ্মাণ কৰিছিল।
পেভাৰব্লকৰে নিৰ্মাণ কৰা পথটোৰ এক অংশত পানী নিষ্কাশনৰ বাবে এটা কালভার্টৰ অতি প্রয়োজন থকা সত্বেও বিভাগীয়ভাবে এই বিষয়টোৰ প্ৰতি গুৰুত্ব প্রদান কৰা নহ’ল।
ইয়াৰ পৰিণতিত পথ নিৰ্মাণৰ প্ৰাক্কলনতে বিষয়টো সন্নিবিষ্ট নহ’ল। যাৰ ফলত এতিয়া নলাৰে বৈ অহা পানী উক্ত স্থানতে জমা হৈ পৰে আৰু পথৰ ওপৰত যথেষ্ট পানী ৰৈ যায়। এইদৰে উক্ত স্থানত দীর্ঘ সময় পানী আৱদ্ধ হৈ পৰাত পথটোত শেলুৱৈ উৎপন্ন হোৱাত পথচাৰীয়ে খোজকাঢ়ি যোৱাটো অসম্ভৱ হৈ পৰিছে।
ইফালে, সন্ধিয়া অন্ধকাৰত যাতায়ত কৰাও এনে কাৰণতে দুর্বিসহ হৈ পৰে। এই ক্ষেত্রত স্থানীয় প্রশাসন তথা বিভাগে বিগত সময়ত পথটোৰ সমস্যা সমাধান কৰাৰ কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ বাবে ৰাইজে জীয়াতু ভুগিবলগীয়া হৈছে। প্রশাসনে আগন্তুক সময়ত ৰাইজৰ সমস্যা সমাধানত পদক্ষেপ গ্রহণ কৰিবনে বুলিও ক্ষুব্ধ ৰাইজে প্রশ্ন কৰিছে।




































