BRICSSummit : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : দিল্লী ঘোষণাপত্ৰত মুখ থেকেচা পাকিস্তানৰ! শনিবাৰে ব্ৰিকছ মঞ্চৰ পৰা একেলগে পহলগাম আক্ৰমণৰ নিন্দা কৰে ৰাছিয়া, চীন আৰু ইৰানে। একে সময়তে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত দৃঢ় অংগীকাৰ পুনৰবাৰ প্ৰকাশ কৰিছে ব্ৰিকছৰ সদস্যভুক্ত দেশসমূহে।
বিশেষজ্ঞসকলৰ মতে, ইয়াৰ জৰিয়তে বিশ্বমঞ্চত পুনৰ ইছলামাবাদক কূটনৈতিকভাৱে চাপত পেলালে নতুন দিল্লীয়ে।
ঘোষণাপত্ৰত স্পষ্ট কৰা হৈছে যে সীমান্ত পাৰ হৈ সন্ত্ৰাসবাদীৰ অনুপ্ৰৱেশ, সন্ত্ৰাসবাদী কাৰ্যকলাপত অৰ্থ সাহায্য আৰু সন্ত্ৰাসবাদীৰ নিৰাপদ আশ্ৰয়স্থল ধ্বংস কৰাটো এতিয়া ব্ৰিকছৰ সদস্যভুক্ত দেশসমূহৰ অন্যতম প্ৰধান লক্ষ্য।
একে সময়তে সন্ত্ৰাসবাদ দমনৰ ক্ষেত্ৰত ‘দ্বিমুখী নীতি’ও প্ৰত্যাখ্যান কৰিছে ব্ৰিকছে। প্ৰসংগক্ৰমে, সন্ত্ৰাসবাদৰ ক্ষেত্ৰত আৰম্ভণিৰে পৰাই দ্বিচাৰিতাৰ পথত আছে পাকিস্তান। ইয়াৰ জৰিয়তে সেই ইছলামাবাদকেই কঠোৰ বাৰ্তা দিয়া হ’ল বুলি মত প্ৰকাশ কৰিছে বিশেষজ্ঞসকলে।
যুটীয়া বিবৃতিত ব্ৰিকছৰ দেশসমূহে স্পষ্টভাৱে জনাইছে যে যিকোনো ৰূপৰেই নহওক কিয়, সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত তেওঁলোক সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ। ব্ৰিকছৰ মঞ্চত যুৱসমাজৰ ওপৰতো বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে।
যুৱ প্ৰজন্মৰ মাজত চৰমপন্থী মনোভাৱ আৰু উগ্ৰবাদৰ প্ৰসাৰক লৈ দেশসমূহে উদ্বেগ প্ৰকাশ কৰিছে। লগতে এনে কাৰ্যকলাপ সমূলি উৎখাত কৰাৰ ওপৰতো বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। এইক্ষেত্ৰত ব্ৰিকছৰ সদস্যভুক্ত দেশসমূহে পাৰস্পৰিক সহযোগিতা অধিক বৃদ্ধি কৰাৰ আহ্বান জনাইছে। সন্ত্ৰাসবাদৰ বিৰুদ্ধে ‘জিৰো ট’লাৰেন্স’ নীতি আৰু যুটীয়া যুঁজৰো বাৰ্তা দিয়া হৈছে।




































