RishabhSinghSambyal: দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : চাকৰি জীৱন শেষ হোৱাৰ পূৰ্বেই ভাৰতীয় সেনাবাহিনীৰ পৰা অৱসৰ গ্ৰহণ কৰিছে ঋষভ সিং সাম্বিয়ালে। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ এডিচি পদতো এতিয়া নাই ঋষভ সিং সাম্বিয়াল। ১২ বছৰীয়া চাকৰি জীৱনৰ শেষৰ কেইটামান বছৰ তেওঁ ৰাষ্ট্ৰপতি মুৰ্মুৰ এডিচি হিচাপে দায়িত্ব পালন কৰিছিল।
এই সময়ছোৱাত তেওঁ একাধিক ‘ত্যাগ’ কৰিবলগীয়া হৈছিল। পৰিয়ালৰ পৰা আঁতৰি থাকিবলগীয়া হোৱাৰ লগতে বিবাহো কৰিব পৰা নাছিল। কিন্তু কিয়? এই সন্দৰ্ভত এইবাৰ মুখ খুলিছে ‘নেচনেল ক্ৰাছ’ ঋষভে।
দ্ৰৌপদী মুৰ্মু ৰাষ্ট্ৰপতি হোৱাৰ পাছত তেওঁৰ এডিচি হিচাপে আছিল মেজৰ ঋষভ। দেশৰ সাংবিধানিক প্ৰধানৰ স’তে মেজৰ ঋষভৰ সম্পৰ্ক বিশ্বজুৰি চৰ্চিত হৈছিল। চৰকাৰী সম্পৰ্কৰ ঊৰ্ধ্বলৈ গৈ নেটিজেনসকলে তেওঁলোকক ‘মা-সন্তান’ৰ বন্ধনত বান্ধি লৈছিল। ৩০ বছৰীয়া ঋষভ ৰাষ্ট্ৰপতি মুৰ্মুৰ সন্তানসম। কিন্তু এই চাকৰিৰ বাবে প্ৰাক্তন মেজৰগৰাকীয়ে বহু ত্যাগ কৰিবলগীয়া হৈছিল বুলি তেওঁ নিজেই জনাইছে।
‘নেচনেল ক্ৰাছ’ মেজৰ ঋষভক লৈ প্ৰথম প্ৰশ্নই আছিল—বিবাহ নকৰিলে কিয়? এটা পডকাষ্টত তেওঁ কয়, “এডিচি হ’বলৈ হ’লে প্ৰথম চৰ্তই হৈছে বিবাহ কৰিব নোৱাৰি। ময়ো কৰা নাছিলোঁ। মই পৰিয়ালৰ পৰা আঁতৰি থাকিছোঁ। মোৰ মতে, এয়া ডাঙৰ ত্যাগ।”
সাম্বিয়ালে জনোৱা মতে, এগৰাকী এডিচি হিচাপে তেওঁৰ কোনো ব্যক্তিগত জীৱন নাছিল। তেওঁৰ ভাষাত, “ৰাষ্ট্ৰপতিৰ দায়িত্বত থকাৰ সময়ত মই সাধাৰণ মানুহৰ দৰে বাহিৰলৈ গৈ জীৱন উপভোগ কৰিব পৰা নাছিলোঁ।”
কঠোৰ নিয়মৰ মাজত আবদ্ধ জীৱনৰ বাবে তেওঁ একাকিত্বত ভুগিছিল নেকি? ঋষভৰ উত্তৰ স্পষ্ট। তেওঁ কয়, “এই সময়ছোৱাত মোৰ ভাল-বেয়া দিশবোৰক লৈ নতুনকৈ ভাবিবলৈ সময় আৰু সুযোগ পাইছিলোঁ।”
তেওঁ লগতে কয়, “মই একাকিত্ব অনুভৱ কৰোঁ ঠিকেই। তাৰ পৰা ইতিবাচক কিবা এটা বিচাৰি উলিয়াবলৈ চেষ্টা কৰোঁ।” তেওঁ জনোৱা মতে, আজিও দিনটোত প্ৰায় এঘণ্টা সময় নিজৰ বাবে ৰাখে। সেই সময়ত তেওঁ কাৰো স’তে নাথাকে। কেৱল নিজকে সময় দিয়ে।
দেশৰ ৰাষ্ট্ৰপতিৰ এডিচি হোৱাৰ কথা তেওঁ বহু আগৰ পৰাই পৰিকল্পনা কৰিছিল নেকি? এই প্ৰশ্নৰ উত্তৰত ঋষভে স্পষ্টকৈ কয়, “মই জনাই নাছিলোঁ যে এডিচি বুলি কিবা এটা আছে।” এই ক্ষেত্ৰলৈ কেনেকৈ আহিছিল? তেওঁ জনোৱা মতে, ভাৰতত আন দেশৰ সেনাবাহিনীৰ স’তে যৌথ মহড়াত অংশগ্ৰহণ কৰাৰ পূৰ্বে তেওঁৰ কমাণ্ডিং অফিচাৰে তেওঁক জনাইছিল যে, তেওঁৰ নাম এই তালিকাত ৰখা হৈছে।
তেওঁ কি কৰিব বিচাৰে বুলি সোধাত ঋষভে কয়, “মোৰ প্ৰথম উত্তৰ আছিল, নাই। মই কৈছিলোঁ, মই বহু কাম কৰিব বিচাৰোঁ। কিন্তু সেই ঠাইলৈ যাব নিবিচাৰোঁ।” অৱশ্যে আনসকলৰ স’তে কথা পতাৰ পাছত আৰু তেওঁলোকৰ মতামত লোৱাৰ পাছত এডিচি হোৱাৰ প্ৰশিক্ষণ লোৱাৰ কথা ভাবিছিল বুলি সদ্য প্ৰাক্তন মেজৰ ঋষভে জনাইছে।




































