BRICSGalaDinner: দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : ব্ৰিকছ সন্মিলনৰ মাজতে চীনৰ ৰাষ্ট্ৰপতি শি জিনপিঙৰ স’তে দ্বিপাক্ষিক বৈঠকত মিলিত হৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। কিন্তু শনিবাৰে নিশা মোদীয়ে আয়োজন কৰা গালা ডিনাৰত দেখা নগ’ল চীনৰ ৰাষ্ট্ৰপতি শি জিনপিঙক।
তেওঁৰ অনুপস্থিতিৰ কাৰণ এতিয়াও স্পষ্ট হোৱা নাই। অৱশ্যে প্ৰাপ্ত তথ্য অনুসৰি, সম্ভৱতঃ বিশ্ৰামৰ প্ৰয়োজন হোৱাৰ বাবেই নৈশভোজত অংশ নোলোৱাৰ সিদ্ধান্ত লয় জিনপিঙে। যদিও এই পৰ্যন্ত জিনপিঙৰ প্ৰতিনিধি দলৰ ফালৰ পৰা এই সন্দৰ্ভত কোনো বিবৃতি প্ৰকাশ কৰা হোৱা নাই।
ইফালে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাষ্ট্ৰপতি শি জিনপিঙৰ বৈঠকৰ পাছত ভাৰত আৰু চীনে পৃথক পৃথক বিবৃতি প্ৰকাশ কৰিছে। বৃহত্তৰ দ্বিপাক্ষিক সম্পৰ্কৰ পৰিপ্ৰেক্ষিতত সীমান্ত সমস্যাৰ স্থিতি সন্দৰ্ভত দুয়োখন দেশৰ ভিন্ন দৃষ্টিভংগী এই দুটা বিবৃতিত প্ৰতিফলিত হৈছে।
চীনে সীমান্ত সমস্যাৰ সমাধান আৰু সামগ্ৰিক সম্পৰ্কৰ ক্ষেত্ৰত সমান্তৰাল অগ্ৰগতিৰ পোষকতা কৰাৰ লগতে সীমান্তত শান্তি বজাই ৰখাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। আনহাতে, ভাৰতে বৃহত্তৰ সম্পৰ্কৰ উন্নয়নৰ ভিত্তি হিচাপে সীমান্তত শান্তি আৰু বৰ্তমানৰ সীমান্ত চুক্তিসমূহ মানি চলাৰ বিষয়টোক অগ্ৰাধিকাৰ দিছে। ইয়াৰ সমান্তৰালভাৱে ২০২০ চনৰ গালৱান সংঘাতৰ দৰে ঘটনাসমূহৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছে।
কেৱল জিনপিংয়েই নহয়, সংযুক্ত আৰব আমিৰশ্বাহীৰ প্ৰতিনিধি তথা আবু ধাবিৰ যুৱৰাজ শ্বেখ খালেদ বিন মহম্মদো নৈশভোজত উপস্থিত নাছিল। অৱশ্যে ব্যস্ততাৰ বাবেই তেওঁ নৈশভোজত উপস্থিত থাকিব নোৱাৰিলে। শনিবাৰেই তেওঁ দেশলৈ উভতি যায়। কিন্তু জিনপিং বা বিন মহম্মদ উপস্থিত নাথাকিলেও আনসকল অতিথি নৈশভোজত উপস্থিত আছিল। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনকে ধৰি বিভিন্ন দেশৰ ৰাষ্ট্ৰনেতাসকলে মোদীয়ে আয়োজন কৰা নৈশভোজত অংশগ্ৰহণ কৰে।
নৈশভোজত উপস্থিত আছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ প্ৰমুখ্যে আনসকল। উপস্থিত আছিল পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰী, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফড়ণৱীছ আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও। উল্লেখ্য যে, শনিবাৰে ব্ৰিকছৰ নৈশভোজৰ খাদ্য তালিকাত ভাৰতৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন ব্যঞ্জন স্থান পাইছিল। ইয়াৰ ভিতৰত আছিল খান্ডৱী মিল-ফেই, কুম্ব গালোটি, পনীৰ লাবাবদাৰ, গুচ্ছি মাৰ্মিক, বাজৰা পোলাও, বিটৰুট ৰাইতা, জেলেপিৰ সৈতে অল্ড দিল্লী ফ্ৰুট ক্ৰীম আৰু শাহতুত ফিৰনি।
ইফালে, ডিনাৰৰ সময়ত কিশোৰ কুমাৰৰ গান গোৱা দেখা গ’ল মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী আনোৱাৰ ইব্ৰাহিমক। সকলোকে আচৰিত কৰি ব্ৰিকছৰ গালা ডিনাৰত পিয়ানোৰ সুৰত তেওঁ গাই উঠে, ‘‘খোৱাব হো তুম ইয়া ক’ই হকিকত…’’। ইতিমধ্যে ভাইৰেল হৈ পৰিছে সেই ভিডিঅ’। ইয়াৰ পূৰ্বেও কেমেৰাৰ সন্মুখত তেওঁক কিশোৰ কুমাৰৰ এই গানটো গোৱা দেখা গৈছিল। ইব্ৰাহিমে বাৰে বাৰে প্ৰকাশ কৰি আহিছে যে তেওঁ কিশোৰ কুমাৰৰ গানৰ কিমান ডাঙৰ অনুৰাগী।




































