AirIndiaPilot: দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক :দক্ষিণ দিল্লীৰ বসন্ত কুঞ্জ অঞ্চলৰ এখন হোটেলৰ পৰা উদ্ধাৰ হ’ল এয়াৰ ইণ্ডিয়াৰ এজন পাইলটৰ মৃতদেহ। বৃহস্পতিবাৰে উক্ত হোটেলখনত উঠিছিল পাইলটজন। সূত্ৰৰ খবৰ অনুসৰি, বোয়িং ৭৮৭ৰ প্ৰশিক্ষণ গ্ৰহণৰ বাবে মুম্বাইৰ পৰা দিল্লীলৈ আহিছিল তেওঁ। তেওঁৰ মৃত্যুক কেন্দ্ৰ কৰি ৰহস্য ঘনীভূত হৈছে। মৃত পাইলটজনৰ নাম সানি আসলদেকৰ।
আৰক্ষী সূত্ৰ অনুসৰি, পাইলটজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে সফদৰজং হাস্পতাললৈ লৈ যোৱা হৈছে। সেই প্ৰতিবেদন লাভ কৰাৰ পিছতহে মৃত্যুৰ প্ৰকৃত কাৰণ স্পষ্ট হ’ব। এটা অস্বাভাৱিক মৃত্যুৰ গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।
উপ-আৰক্ষী আয়ুক্ত (দক্ষিণ-পূব দিল্লী) অমিত গোৱেলে জনোৱা অনুসৰি, শুকুৰবাৰে বসন্ত কুঞ্জ উত্তৰ থানালৈ এই সন্দৰ্ভত খবৰ আহে। তাৰ পিছতে আৰক্ষী হোটেলখনত উপস্থিত হয়। আৰক্ষীয়েই পাইলটজনক স্থানীয় হাস্পতাললৈ লৈ যায় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।
প্ৰাথমিক তদন্তত আৰক্ষীয়ে জানিব পৰা মতে, পাইলটজনৰ ভাতৃয়ে হোটেল কৰ্তৃপক্ষৰ স’তে যোগাযোগ কৰি জনাইছিল যে তেওঁৰ ককায়েকৰ স’তে কোনো ধৰণে যোগাযোগ কৰিব পৰা হোৱা নাই। ফোন কৰিলেও তেওঁ ফোনটো ধৰা নাই। এই ফোন লাভ কৰাৰ পিছতে হোটেলৰ মেনেজাৰ পাইলটজনৰ কোঠালৈ যায়। কিন্তু ভিতৰৰ পৰা কোঠাটোৰ দুৱাৰ বন্ধ হৈ আছিল।
কেবাবাৰো মাতিও কোনো সঁহাৰি নোপোৱাত সন্দেহ হয় মেনেজাৰৰ। ইয়াৰ পাছত ডুপ্লিকেট চাবিৰে কোঠাটো খুলি ভিতৰত প্ৰৱেশ কৰোঁতেই পাইলটজনক অচেতন অৱস্থাত পৰি থকা দেখা পায়। লগে লগে আৰক্ষীক খবৰ দিয়া হয়।
এই ঘটনাক লৈ এয়াৰ ইণ্ডিয়াৰ ফালৰ পৰাও এটা বিবৃতি প্ৰকাশ কৰা হৈছে। বিমান সংস্থাটোৱে জনোৱা অনুসৰি, শনিবাৰে পুৱা বিমান চলোৱাৰ কথা আছিল সানিৰ। ইয়াৰ পূৰ্বে তেওঁ এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ পাইলট হিচাপে কৰ্মৰত আছিল। প্ৰায় দুমাহ পূৰ্বে এয়াৰ ইণ্ডিয়াত যোগদান কৰিছিল তেওঁ। পাইলটজনৰ মৃত্যুত শোক প্ৰকাশ কৰিছে এয়াৰ ইণ্ডিয়াই। লগতে তেওঁৰ পৰিয়ালৰ কাষত থকাৰ বাৰ্তাও দিছে বিমান সংস্থাটোৱে।




































