Rupohihat :দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : একোটা অঞ্চলৰ আৰ্থ-সামাজিক প্রগতি অঞ্চলটোৰ যাতায়াত ব্যৱস্থাৰ ওপৰত বহুখিনি নিৰ্ভৰশীল। কিন্তু দেশ স্বাধীন হোৱাৰ সুদীর্ঘ ৭৯ বছৰ পাছতো যাতায়াত ব্যৱস্থাৰ ক্ষেত্ৰত পিছপৰি আছে নগাঁও জিলাৰ ৰূপহীহাটৰ ৰৌমাৰী, বেলুগুৰি আৰু বৰপেটা অঞ্চলৰ ৰাইজ।
আধুনিক যাতায়াত ব্যৱস্থাৰ যুগতো অঞ্চলটোৰ লোকসকলে যাতায়াতৰ বাবে ভৰসা কৰিবলগীয়া হৈছেবাঁহৰ সাঁকোৰ ওপৰত। এটি উন্নত পথ আৰু এখন কাঠৰ দলঙৰ অভাৱত দৈনন্দিন জীৱনত নানান সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে অঞ্চলবাসী। স্বাধীনতাৰ আঠটা দশকৰ পাছতো যাতায়াতৰ ক্ষেত্রত এনে দুৰৱস্থাই অঞ্চলটোত উন্নয়নৰ প্রকৃত ছবিখন উদঙাই দিছে।
দেশৰ বিভিন্ন প্রান্তত উন্নত পথ, দলং আৰু যোগাযোগ ব্যৱস্থাৰ সম্প্ৰসাৰণ ঘটিছে। চৰকাৰেও গ্রামাঞ্চলৰ উন্নয়নৰ বাবে বিভিন্ন আঁচনি গ্রহণ কৰি আহিছে। কিন্তু তাৰ বিপৰীতে ৰূপহীহাটৰ ৰৌমাৰী, বেলুগুৰি আৰু বৰপেটাৰ ৰাইজে আজিও যাতায়াতৰ মৌলিক সুবিধাৰ বাবে অপেক্ষা কৰিবলগীয়া হোৱাটো পৰিতাপৰ বিষয় হিচাপে বিবেচিত হৈছে।
স্বাধীনতাৰ ৭৯ বছৰৰ পাছতো অঞ্চলটোৰ ৰাইজে এখন বাঁহৰ সাঁকোৰেই মৰণক শৰণ দি আহ-যাহ কৰি থাকিবলগীয়া হৈছে। উল্লেখ্য যে অঞ্চলটোৰ ৰাইজৰ মতে, নিৰাপদ যাতায়াত ব্যৱস্থা কোনো বিলাসিতা নহয়, বৰঞ্চ ই এক মৌলিক প্রয়োজন।
এখন স্থায়ী দলং নিৰ্মাণৰ লগতে যাতায়াতৰ উপযোগী পথৰ ব্যৱস্থা কৰা হ’লে অঞ্চলটোৰ যোগাযোগ ব্যৱস্থাৰ যথেষ্ট উন্নতি ঘটিব। ইয়াৰ ফলত ছাত্র-ছাত্রী, ব্যৱসায়ী, কৃষক, ৰোগী আৰু সাধাৰণ ৰাইজ উপকৃত হ’ব। সেয়েহে ৰৌমাৰী, বেলুগুৰি আৰু বৰপেটা অঞ্চলৰ যাতায়াতৰ সমস্যাটোক গুৰুত্বসহকাৰে বিবেচনা কৰি সংশ্লিষ্ট বিভাগ তথা জনপ্রতিনিধিসকলক শীঘ্ৰে ব্যৱস্থা গ্রহণ কৰিবলৈ স্থানীয় ৰাইজে আহ্বান জনাইছে।
ৰৌমাৰী, বেলুগুৰি আৰু বৰপেটা এই তিনিখন গাঁৱৰ আঞ্চলিক কবৰস্থানখন বেলুগুৰিত অৱস্থিত। গাঁওকেইখনৰ মানুহৰ মৃত্যু হ’লেও কবৰস্থানলৈ লৈ যোৱাতো ব্যাপক অসুবিধাৰ সৃষ্টি হয়। কেৱল প্রতিশ্রুতি নহয়, বাস্তৱ পদক্ষেপৰ জৰিয়তে অঞ্চলটোৰ দীৰ্ঘদিনীয়া সমস্যাৰ স্থায়ী সমাধান বিচাৰিছে ৰাইজে।
আনকি দুয়োকাষে কোনো ধৰণৰ সুৰক্ষা নথকা এই অতি দীঘল বাঁহৰ সাঁকোখন পাৰ হোৱাৰ ক্ষেত্রত কণ কণ শিশু, ছাত্র-ছাত্রী, মহিলা, বয়োজ্যেষ্ঠ লোকে ভীষণ সমস্যাৰ সন্মুখীন হৈ আহিছে। এই সাঁকোখনৰ ওপৰেৰে ৰিক্সা, টমটম, টেম্প’ আদি চলাচল কৰিব নোৱাৰে। ফলত ৰোগীসকলক ডাঙি আনি সাঁকোখনৰ সিটো মূৰেহে টমটম, টেম্প’ আদিত উঠাই হাস্পতাললৈ লৈ যাব লাগে।
স্বাধীনতাৰ ৭৯ বছৰ অতিক্রম কৰাৰ পাছতো বাঁহৰ সাঁকোৰ ওপৰত নিৰ্ভৰশীল হৈ থকা ৰৌমাৰী-বেলুগুৰিৰ ৰাইজে এতিয়া প্রশ্ন কৰিছে- উন্নয়নৰ পোহৰ তেওঁলোকৰ গাঁৱত কেতিয়া পৰিব? মাত্ৰ এখন কাঠৰ দলঙৰ বাবে তেওঁলোক আৰু কেইটা দশক অপেক্ষা কৰিব লাগিব?






























