KishoreKumarDas : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : মধ্য অসমৰ অগ্রণী ফটোগ্রাফীৰ শিক্ষানুষ্ঠান ‘ভিউফাইণ্ডাৰ’ৰ ১৬ বছৰীয়া গৌৰৱোজ্জ্বল যাত্ৰাৰ স’তে সংগতি ৰাখি অসমৰ বিশিষ্ট চিত্রশিল্পী কিশোৰ কুমাৰ দাসৰ ওপজা দিন উপলক্ষে অহা ৩১ অক্টোবৰ, এক আৰু দুই নৱেম্বৰত নগাঁৱৰ প্ৰণৱ বৰুৱা কলাক্ষেত্রত তিনিদিনীয়াকৈ এখন একক চিত্রপ্রদর্শনীৰ আয়োজন কৰা হৈছে।
এই প্রদর্শনীৰ আৰম্ভণিৰ দিনা, অর্থাৎ ৩১ অক্টোবৰত, শিল্পীগৰাকীৰ শিল্পকলা আৰু শিক্ষা ক্ষেত্রলৈ আগবঢ়োৱা দীর্ঘদিনীয়া অৱদানৰ প্রতি সম্মান জনাই ভিউফাইণ্ডাৰৰ উদ্যোগত তেওঁক ‘শিল্পসাৰথি’ সন্মানেৰে সন্মানিত কৰা হ’ব।
নগাঁৱৰ বিশিষ্ট ব্যক্তিসকলৰ লগতে শিল্প-সাহিত্যৰ অনুৰাগীসকলৰ উপস্থিতিত অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠানটোৱে অসমৰ শিল্পকলা জগতৰ বাবে এক বিশেষ তাৎপর্য বহন কৰিব বুলি আশা কৰা হৈছে। উল্লেখ্য যে ২০১০ৰ পৰা ফটোগ্রাফী শিক্ষা আৰু সৃষ্টিশীল কৰ্মৰ একনিষ্ঠ প্রচেষ্টাৰে আগবাঢ়ি অহা ভিউফাইন্ডাৰে বিগত ১৬ বছৰত বহুতো ঘাত-প্রতিঘাত অতিক্ৰম কৰি মধ্য অসমৰ এক উল্লেখযোগ্য ফটোগ্রাফী শিক্ষানুষ্ঠান হিচাপে নিজৰ পৰিচয় প্রতিষ্ঠা কৰিবলৈ সক্ষম হৈছে।
এই শিক্ষানুষ্ঠানৰ পৰা বহু ছাত্ৰ-ছাত্ৰীয়ে সফলতাৰে প্ৰশিক্ষণ সম্পূৰ্ণ কৰি অসম তথা ভাৰতৰ বিভিন্ন স্থানত কর্মসংস্থাপন লাভ কৰাৰ লগতে ফটোগ্রাফী আৰু সংশ্লিষ্ট ক্ষেত্রসমূহত নিজৰ প্ৰতিভা আৰু দক্ষতাৰে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে।
ফটোগ্রাফী শিক্ষাৰ সমান্তৰালভাৱে ভিউফাইন্ডাৰে অসমৰ শিল্প-সংস্কৃতিৰ চৰ্চা, সংৰক্ষণ আৰু প্ৰসাৰৰ ক্ষেত্ৰতো উল্লেখ্য ভূমিকা পালন কৰি আহিছে। বিশেষকৈ নগাঁৱৰ আৰু ইয়াৰ পার্শ্বৱৰ্তী
অঞ্চলসমূহত শিল্পকলা বিষয়ক আলোচনাচক্র, প্রদর্শনী, কর্মশালা, পুৰণি সম্পদৰ সংৰক্ষণ আৰু পুনৰুদ্ধাৰৰ দৰে বিভিন্ন কার্যসূচী ৰূপায়ণ কৰি আহিছে অনুষ্ঠানটোৱে।
ইয়াৰ লগতে অসমৰ দৃশ্যকলা, সাহিত্য, ফটোগ্রাফী আৰু প্ৰকৃতি সংৰক্ষণৰ ক্ষেত্ৰত উল্লেখ্য অৱদান আগবঢ়োৱা বিশিষ্ট ব্যক্তিসকলক যথাসাধ্য সন্মানিত আৰু উৎসাহিত কৰি অহাটোও ভিউফাইণ্ডাৰৰ অন্যতম বিশেষত্ব। এই ধাৰাবাহিক প্ৰচেষ্টাৰ অংশ হিচাপে ২০১১ত গৱেষক-পণ্ডিত ড° নৰেন কলিতাক তেওঁৰ গৱেষণামূলক লেখাৰ জৰিয়তে অসমৰ শিল্পকলাৰ জগতখনলৈ আগবঢ়োৱা অৱদানৰ বাবে ‘চিত্রপট’ সম্মান প্রদান কৰা হৈছিল।
২০২১ত বিশিষ্ট ফটো সাংবাদিক আনোৱাৰ হাজৰিকা আৰু ২০২২ত বিশিষ্ট সাহিত্যিক শর্মিষ্ঠা প্রীতমক ‘ভিউফাইণ্ডাৰ বঁটা’ৰে সন্মানিত কৰা হয়। একেদৰে, ২০২৩ত নগাঁৱৰ প্রসিদ্ধ বন্যপ্রাণী ফটোগ্ৰাফাৰ প্ৰশান্ত বৰদলৈক ‘পাৰ্থসাৰথি ফটোগ্রাফী বঁটা’ আৰু ২০২৪ত বিশিষ্ট প্রকৃতি তথা পৰিৱেশপ্রেমী দীপজ্যোতি বৰাক ‘প্রকৃতি কোঁৱৰ’ সন্মান প্রদান কৰা হৈছিল।






























