DrugFreeAssam : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : ৰাজ্যত বর্তমান নিচামুক্তি সজাগতা অভিযান চলাই থকাৰ বিপৰীতে মাৰাত্মক নিচাজাতীয় সামগ্ৰীৰ বজাৰখনো মুকলি ভাবেই চলাই থাকিবলৈ দিয়া হৈছে। উল্লেখ্য যে ছেপ্টেম্বৰ আৰু অক্টোবৰত সমগ্ৰ ৰাজ্যজুৰি বিভিন্ন চৰকাৰী আৰু বেচৰকাৰী উদ্যোগত এই সজাগতা কার্যসূচী অব্যাহত ৰখাৰ বিপৰীতে হাস্যকৰ ভাৱেই এয়া যে বাস্তৱত এক নাটক সেয়া চৰকাৰী বিভাগ তথা প্রশাসনীয় ব্যৱস্থাৰ কাণ্ড কাৰখানাৰ পৰাই স্পষ্ট হৈছে।
উল্লেখ্য যে গুটখা আৰু ধপাতজাতীয় সামগ্রী সেৱনৰ বাবেই কৰ্কটকে ধৰি এনে জটিল ৰোগত ৰাজ্যৰ প্রায় ৩৫ হেজাৰ লোকৰ মৃত্যু ঘটে বুলি উল্লেখ কৰিছে স্বাস্থ্য বিভাগৰ এক সূত্রই। কিন্তু ইমানৰ পাছতো বিদ্যালয়, শিক্ষানুষ্ঠানৰ লগতে সকলো স্থানতে গোটখা জাতীয় সকলো ধপাতযুক্ত সামগ্রী মুকলি ভাৱেই বিক্রী হৈ আহিছে সমগ্ৰ ৰাজ্যৰ লগতে তেজপুৰ তথা শোণিতপুৰৰ প্রতিটো চুক কোণত। এক সূত্রই প্ৰকাশ কৰা অনুসৰি ৰাজ্যত দৈনিক কিমান গুটখা বিক্রী হয় তাৰ কোনো নিশ্চিত তথ্য চৰকাৰৰ ঘৰত মজুত নায়।
কিন্তু ৰাজ্যৰ প্ৰতিখন জিলাতে দৈনিক কোটি টকাৰ কেৱল গুটখাই বিক্রী হোৱাৰ বিষয়ে প্রকাশ কৰি সূত্ৰটোৱে আৰু কয় যে এই ক্ষেত্রত যেনেদৰে ব্যৱসায়ীৰ লাভ হয় তেনেদৰে সৰ্বসাধাৰণৰ ব্যাপক ক্ষতি হোৱাৰ লগতে চৰকাৰে উপযুক্ত পৰিমাণৰ ৰাজহো লাভ নকৰে। উল্লেখ্য যে,তেজপুৰতে গোটখাৰ পাঁচটা বৃহৎ পাইকাৰী বিক্ৰী প্রতিষ্ঠান আছে আৰু এই প্রতিষ্ঠান সমূহৰ পৰাই তেজপুৰৰ লগতে জিলা তথা চুবুৰীয়া ৰাজ্যলৈ বহু পৰিমাণৰ গুটখাৰ সৰবৰাহ হয়। কিন্তু প্রকৃততে এই পাঁচটা গুটখা বিক্ৰীৰ পাইকাৰী প্রতিষ্ঠানে দৈনিক কিমান গুটখা বিক্ৰী কৰে তাৰ সঠিক তথ্য কাৰো হাততে নায়।
একেদৰেই ঢেকিয়াজুলি, ৰঙাপৰাতো আছে ণ্ডাটখাৰ এনে পাইকাৰী বিক্ৰী প্রতিষ্ঠান। কিন্তু চৰকাৰী নিয়ম অনুসৰি, ৰাজ্যত নিষিদ্ধ এই বেহা তেজপুৰ চহৰত মুকলিভাৱেই চলি আহিছে। প্রণিধানযোগ্য যে চৰকাৰে খাদ্য সুৰক্ষা আইনৰ অধীনত ২০১৯ ৰ ২২ নৱেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ ৰাজ্যৰ খাদ্য সুৰক্ষা বিভাগে জনস্বাস্থ্যৰ সুৰক্ষাৰ বাবে সমগ্ৰ ৰাজ্যতে গুটখা আৰু পান মছলাৰ উৎপাদন তথা বিক্ৰীৰ ক্ষেত্ৰত নিয়মীয়াকৈ চৰকাৰী অধিসূচনা জাৰিৰে নিষেধাজ্ঞা বৃদ্ধি কৰি আছে। এই বছৰতো খাদ্য সুৰক্ষা বিভাগে নতুন জাননীৰে এই নিষেধাজ্ঞা বর্তমানলৈকে অব্যাহত ৰাখিছে য’দিও সেয়া সকলো দেখুৱাবৰ বাবেহে।
নিয়ম অনুসৰি, যিকোনো খাদ্য সামগ্রীত ধপাত বা নিকোটিন ব্যৱহাৰ কৰাটো সম্পূর্ণ নিষিদ্ধ আৰু ৰাজ্যত গুটখা, পান মচলা বা অন্যান্য ধপাতজাতীয় সামগ্ৰীৰ উৎপাদন, মজুতকৰণ, বিতৰণ আৰু বিতৰণৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞা সত্ত্বেও মুকলি মুৰীয়াকৈ গুদামত গুটখা মজুত ৰখাৰ লগতে মুকলিমূৰীয়াকৈ ব্যৱসায় চলি আহিছে। ৰাজ্যৰ পুৰুষ-মহিলা, যুৱক-যুৱতী, ছাত্র-ছাত্রী আনকি কিশোৰ কিশোৰী সকলোকে ধৰি বর্তমান গুটখা সেৱনকাৰী সংখ্যা ৪০ শতাংশৰ অধিক হোৱাৰ আশংকা বৃদ্ধি পোৱাৰ বিপৰীতে গুটখা নতুবা ধপাতজাতীয় সামগ্ৰীৰ উৎপাদন, বিক্রী তথা মজুতকৰণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰ আৰু প্ৰতিখন জিলাৰ প্ৰশাসন তথা সংশ্লিষ্ট বিভাগৰ নীৰৱতাই এই গুটখা ব্যৱসায়ীসকলৰ স’তে সংশ্লিষ্ট সকলো চৰকাৰী পক্ষৰে থকা গোপন বুজিবুজিকে স্পষ্ট কৰিছে।
বছৰটোত কেতিয়াবা এদিন দুদিন গুটখা বিৰোধী অভিযান চলোৱা চৰকাৰী বিভাগ তাৰ পাছতেই দীর্ঘদিনৰ বাবে নিঃপালি দিয়ে আৰু গুটখাৰ ৰমৰমীয়া ব্যৱসায় চলি থাকে। এনে অৱস্থাৰ পাছত বৈধ-অবৈধ সুৰা, গুটখা, ধপাত আদিৰ লগতে ক্রমান্বয়ে ড্ৰাগছৰ বেহা তথা সৰবৰাহো বৃদ্ধি পাবলৈ লোৱা ৰাজ্যত চৰকাৰীভাৱে চলা নিচামুক্তি সজাগতা অভিযান বাস্তৱত প্রহসনত পৰিণত হৈছে।
প্রণিধানযোগ্য যে তেজপুৰত দীর্ঘদিনৰ বিৰতিত কেতিয়াবা চৰকাৰী বিভাগৰ গুটখা বিৰোধী অভিযান চলিলেও সেই অভিযান মাত্র দুই এখন গুমটি বা তেনেই সাধাৰণ দোকানতহে চলে। গুটখাৰ বৃহৎ ব্যৱসায়ীসকল সুৰক্ষিতে থাকে। তদুপৰি, গোটখাৰ প্রভাৱত বিশেষভাৱে যুৱ-ছাত্ৰসকল পৰা সত্ত্বেও ৰহস্যজনকভাৱে এনে অপকাৰী সামগ্ৰীৰ প্ৰচলনৰ বিৰুদ্ধে নীৰৱতা অৱলম্বন কৰি আহিছে বিভিন্ন ছাত্র তথা যুৱ সংগঠনসমূহেও।
এনে কাৰণতে এই মাৰাত্মক সামগ্ৰীবোৰৰ প্ৰচলন একাধিক পক্ষৰ গোপন বুজাবুজিৰ বাবেই নির্বিঘ্নে চলি থকা বুলি সৰ্বসাধাৰণৰ মাজত চর্চা চলিছে।






























