DrRabiBoroCivilHospital: দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: বাগসা জিলাৰ মুছলপুৰস্থিত ডাঃ ৰবি বড়ো অসামৰিক চিকিৎসালয়ত স্থাপন কৰা অক্সিজেন প্লান্ট দুটা সম্প্রতি ভেঁকোভাওনাত পৰিণত হৈছে। কোটি কোটি টকা শৰাধ কৰি চিকিৎসালয়খনত স্থাপন কৰা অক্সিজেন প্লান্ট দুটা আজিলৈকে কার্যক্ষম নকৰাত চিকিৎসালয়খনত জৰুৰীকালীন ৰোগীয়ে অক্সিজেন লাভৰ পৰা বঞ্চিত হৈ আহিছে।
তথ্য অনুসৰি, কৰ’নাৰ পাছত জৰুৰীকালীন ৰোগীৰ প্ৰতি লক্ষ্য ৰাখি অর্থাৎ ২০২১ত কে’বা কোটি টকা খৰচ কৰি চিকিৎসালয়খনত দুটাকৈ অক্সিজেন প্লান্ট স্থাপন কৰিছিল। কিন্তু পাঁচ বছৰ অতিক্ৰম কৰাৰ পাছতো চিকিৎসালয়খনত কার্যক্ষম হৈ নুঠিল অক্সিজেন প্লান্ট দুটা।
চিকিৎসালয়খনৰ এগৰাকী চিকিৎসকে জানিব দিয়া অনুসৰি অক্সিজেন প্লান্ট কেইটা সক্ৰিয় কৰি ৰাখিবলৈ অহৰহ বিদ্যুতৰ প্ৰয়োজন। কিন্তু ৰহস্যজনকভাৱে আজিলৈকে অক্সিজেন প্লান্ট দুটাত বিভাগীয় কর্তৃপক্ষই বিদ্যুৎ সংযোগ নকৰাত অক্সিজেন উৎপাদন বন্ধ হৈ আছে।
যাৰ ফলত চিকিৎসালয়খনৰ ৰোগীসকল অক্সিজেন প্লান্ট দুটাৰ পৰা লাভান্বিত হোৱা নাই। কোটি কোটি টকা খৰচ কৰি স্থাপন কৰা অক্সিজেন প্লান্ট দুটাত বিভাগীয় কর্তৃপক্ষই কিয় আজিলৈকে বিদ্যুৎ সংযোগ নকৰি পেলাই থৈছে সেয়া ৰহস্যজনক। ইফালে জিলাখনৰ একমাত্র অসামৰিক চিকিৎসালয়খনত ক’ভিডকালীন সময়ত স্থাপন কৰা আইচিইউও আজিলৈকে কার্যক্ষম কৰি নোতোলাত জৰুৰীকালীন সেৱাৰ পৰা বঞ্চিত হৈছে জিলাবাসী।
বিগত পাঁচ বছৰৰ অধিক কাল কোনো এজন টেকনেচিয়ান নিযুক্তি নিদিয়াত ভালুকৰ সাঙীত পৰিণত হৈছে। কিছুদিন পূর্বে মাত্র তিনিমাহ আইচিইউৰ পাঁচখন বিছনা কার্যক্ষম কৰি তুলিছিল যদিও টেকনচিয়ান কেইজনৰ ম্যাদ উকলি যোৱাৰ পাছত পুনৰ বিকল হৈ পৰে। আইচিইউ কক্ষকেইটা কার্যক্ষম কৰি তুলিবলৈ তথা টেকনিচিয়ানৰ অভাৱ দূৰ কৰিবলৈ স্বাস্থ্য বিভাগৰ ওচৰত ৰাইজে দাবী উত্থাপন কৰিছে।
জিলা সদৰস্থ এই চিকিৎসালয়খনৰ এনে অৱস্থাৰ বাবে ৰাইজে মনত কষ্ট পাইছে আৰু সুবিধা নোপোৱা বাবে দূৰ দৰণিলৈ যাব লগা হৈছে।






























