BenjaminNetanyahu: দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: মাথোঁ সাত বছৰত কেশসজ্জা আৰু মেকআপৰ বাবদ ৰাজকোষৰ পৰা ইজৰাইলী প্রধানমন্ত্রী বেঞ্জামিন নেতানিয়াহু আৰু তেওঁৰ পত্নী ছাৰা নেতানিয়াহুৱে এক বৃহৎ অংকৰ ধন খৰচ কৰিলে।
দেশখনত প্রধানমন্ত্রী কার্যালয়ে অলপতে প্ৰকাশ কৰা তথ্য অনুসৰি ২০১৯ৰ জানুৱাৰীৰ পৰা চলিত বৰ্ষৰ আগষ্টলৈ দেশখনৰ প্ৰধানমন্ত্ৰীসকলে কেশসজ্জা আৰু মেকআপৰ নামত ৰাজকোষৰ চাৰি লাখ ৭০ হেজাৰ ডলাৰ অৰ্থাৎ ভাৰতীয় মুদ্রাৰ হিচাপত চাৰি কোটি ৪৯ লাখ টকা ব্যয় কৰে।
এই ধনৰ ৯০ শতাংশই নেতানিয়াহু দম্পতীয়ে ৰূপসজ্জাত ব্যয় কৰে। উল্লেখ্য যে য়াৰা ৱিংকলেৰ-শ্বালিট নামৰ এগৰাকী অধিবক্তাই ২০২৫ৰ ডিচেম্বৰত দাখিল কৰা তথ্যৰ স্বাধীনতাৰ আবেদনৰ ভিত্তিত প্রধানমন্ত্রী কার্যালয়ে এই তথ্য ৰাজহুৱা কৰিছে।
নেতানিয়াহুৰ পত্নী শিক্ষাবিদৰূপে খ্যাত। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে প্রকাশ কৰা তথ্যত দেখা গৈছে যে বিগত সাত বছৰত দেশখনৰ প্রধানমন্ত্রীসকলে কেশসজ্জা আৰু মেকআপৰ বাবদ খৰচ কৰা ধনৰ পৰিমাণ বছৰি বৃদ্ধি পায়।
উদাহৰণস্বৰূপে ২০২২ত প্রধানমন্ত্রীৰূপে কাৰ্যনিৰ্বাহ কৰা নাফতালি বেনেড আৰু ৱায়াৰ লেপিডে ২৬.৩৪ লাখ টকা ৰূপসজ্জাত ব্যয় কৰে। ইয়াৰ পাছৰ বছৰ প্ৰধানমন্ত্ৰীৰ ৰূপসজ্জাৰ বাবদ ব্যয় হোৱা ৰাজকোষৰ ধনৰ পৰিমাণ ৯৭.৫২ লাখ টকা হয়। উক্ত বছৰ পুনৰ প্ৰধানমন্ত্ৰী নির্বাচিত হয় বেঞ্জামিন নেতানিয়াহু।
নেতানিয়াহু দম্পতীয়ে ৰূপসজ্জাৰ নামত অধিক ধন ব্যয় কৰে যোৱা বছৰ। বছৰটোত তেওঁলোকে মুঠতে ৰূপসজ্জাৰ নামত ১.০৬ কোটি টকা ব্যয় কৰে। উল্লেখ্য যে ২০২৩ৰ অক্টোবৰত ইজৰাইলে হামাছৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ কৰে। এই যুদ্ধ আৰম্ভ হোৱা বৰ্ষত প্ৰধানমন্ত্ৰীৰ ৰূপচৰ্চাৰ খৰচো চকুত লগাকৈ বৃদ্ধি পায়।
বছৰটোৰ ছেপ্টেম্বৰ-অক্টোবৰৰ সময়ছোৱাত প্রধানমন্ত্রী নেতানিয়াহুৱে কেশসজ্জা আৰু মেকআপৰ নামতে ১.৫১ লাখ টকা ব্যয় কৰে। আনকি অক্টোবৰত প্রধানমন্ত্রীয়ে কেশসজ্জাৰ নামত ৭৭,০৭৬ টকা ব্যয় কৰে। স্বাভাৱিকতে এনে এজন প্ৰধানমন্ত্ৰীৰ বিদেশ ভ্রমণো ব্যয়বহুল হয়।
তেওঁ বিদেশ ভ্ৰমণৰ বাবদ সর্বাধিক ধন ব্যয় কৰে যোৱা বছৰৰ ফেব্ৰুৱাৰীত কৰা আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণত। তেতিয়া চাৰিদিনীয়া ভ্রমণসূচীৰে তেওঁ কৰা এই আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইজৰাইলী ৰাজকোষে কেৱল তেওঁৰ কেশসজ্জা আৰু মেকআপতে ১২.৯ লাখ টকা ব্যয় কৰে।
একে কথাই খাটে ২০২৪ৰ জুলাইত তেওঁ কৰা আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণতো। এই ভ্রমণতো তেওঁ কেশসজ্জা আৰু মেকআপৰ নামত ১০.৯৯ লাখ টকা ব্যয় কৰে। স্বাভাৱিকতে তেওঁৰ সাজপাৰতো ৰাজকোষৰ বিপুল পৰিমাণৰ ধন ব্যয় হৈ আহিছে। আনহাতে, দেশখনৰ প্ৰধানমন্ত্ৰীসকলৰ ৰূপচৰ্চাৰ বাবদ হোৱা চৰকাৰী খৰচৰ তথ্য প্রধানমন্ত্রী কার্যালয়ে গাপ দি ৰখা বুলি ‘মুভমেন্ট ফৰ ফ্ৰীডম অৱ ইনফৰমেচন’ শীর্ষক সংস্থাটোৰ মুখ্য কাৰ্যবাহী হিদাই নেগেভে সমালোচনা কৰিছে।
নেগেভে কয় যে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এই কথা বুজি পাবই লাগিব যে ৰাজহুৱা ধনক ব্যক্তিগত ধনৰূপে গণ্য কৰিব নোৱাৰি আৰু এই ক্ষেত্রত জবাবদিহিতা থাকিবই লাগিব।































