Guwahati Murder Case Update:
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:ৰাজ্য কপাই যোৱা মহানগৰীৰ বেলতলা বশিষ্ঠপুৰৰ পত্নীহন্তা ৰামানুজ গোস্বামীৰ পথ দুৰ্ঘটনাত মৃত্যু ৷ পুৱতিনিশা ৩ বজাত ৰামানুজক জিএমচি এইছলৈ অনাৰ পথত সংঘটিত হোৱা এক দুৰ্ঘটনাত মৃত্যুক সাবটি লয় ৰামানুজে ৷ এই কথা সদৰী কৰে গুৱাহাটী মহানগৰ আৰক্ষীৰ উপ-আৰক্ষী আয়ুক্ত টাবুৰাম পেগুৱে ৷
ডিচিপি গৰাকীয়ে সমস্ত ঘটনাৱলীৰ বিৱৰণ দাঙি ধৰি কয়, আজি উকলিছিলি ৰামানুজৰ সাতদিনীয়া আৰক্ষী জিম্মাৰ ম্যাদ। সেয়েহে পুৱতিনিশা ৩ বজাত তেওঁক জিএমচিএইছলৈ অনা হৈছিল স্বাস্থ্য পৰীক্ষাৰ বাবে। কিন্ত নৰকাসুৰ পাহাৰীয়া পথছোৱাত ৰামানুজ সহ আৰক্ষীৰ বাহন খন হঠাতে পাংচাৰ হয় ৷ যাৰবাবে সকলো গাড়ীৰ পৰা নামি আহে৷সেই সময়তে এন্ধাৰৰৰ সুযোগ লৈ চেগ বুজি পলাবলৈ চেষ্টা কৰিছিল ৰামানুজে৷ আনকি আৰক্ষী কনিষ্টবল এজনক গতিয়াই পাহাৰৰ পৰা খাৱৈত জঁপিয়াই দিয়ে ৰামানুজে ৷ পিছত আৰক্ষীয়ে ৰামানুজক মুমূর্ষু অৱস্থাত খাৱৈৰ পৰা উদ্ধাৰ কৰি ততাতৈয়াকৈ জিএমচিএইছলৈ নিয়ে যদিও চিকিৎসকে মৃত ঘোষণা কৰে ৷ ইতিমধ্যে মৃতদেহ ম’গত ৰখা হৈছে ৷
উল্লেখ্য যে ৬ ছেপ্তেম্বৰত ৰামানুজ গোস্বামীয়ে নিজৰ ফ্লেটতে অতি নৃশংসভাৱে পত্নী ৰিয়া তালুকদাৰক হত্যা কৰিছিল৷ নিজ পত্নী ৰিয়াক দাৰে ঘপিয়াই হত্যা কৰি ফ্ৰীজত ভৰাই থৈছিল ছিন্ন মুণ্ড। কাটি পেলাইছিল ৰিয়াৰ হাতৰ আঙুলি। একদৰে বিচ্ছিন্ন শৰীৰটো মজিয়াত পেলাই থৈছিল৷ অৱশ্যে বিশেষ খবৰৰ ভিত্তিত হাতীগাঁও আৰক্ষীয়ে পত্নীহন্তা ৰামানুজক গ্ৰেপ্তাৰ কৰে ৷
ADVERTISEMENT































