দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: অৰুণাচলৰ ভূমিত শতাধিক জলবিদ্যুৎ প্রকল্প নিৰ্মাণ কৰি কেন্দ্ৰীয় চৰকাৰে অসমক ভয়াৱহ দুৰ্যোগৰ মাজলৈ ঠেলি দিছে। শেহতীয়াকৈ শক্তি মন্ত্রণালয়ে চিয়াঙৰ পানী আবদ্ধ কৰি নিৰ্মাণৰ তৎপৰতা আৰম্ভ কৰিছে আপাৰ চিয়াং বহুমুখী জলবিদ্যুৎ প্রকল্প। দৈনিক ১১,২০০ মেগাৱাট বিদ্যুৎ উৎপাদনৰ লক্ষ্য লোৱা এই প্ৰকল্পৰ বিৰুদ্ধে অৰুণাচলত মুকলি বিৰোধ অব্যাহত থকাৰ পাছত অসমৰ পৰা সন্তর্পণে ইয়াত সহযোগিতা চলিছে। ইয়াকে লৈ সতর্ক হৈছে গৃহ বিভাগ তথা আৰক্ষী। দিল্লীৰ নিৰ্দেশত এই তৎপৰতা আৰম্ভ কৰা হৈছে।
উল্লেখ্য যে ইতিমধ্যে খননৰ যন্ত্রাংশ নদীবান্ধটো নিৰ্মাণৰ প্ৰস্তাৱিত ভূমিত এনএইছপিচিয়ে মজুত কৰিছে। এই যন্ত্রাংশৰে প্ৰকল্পটোৰ প্রাথমিক কাম-কাজ আৰম্ভ কৰা হ’ব আৰু ইয়াকে লৈ অৰুণাচলতে তীব্র প্রতিবাদ গঢ়ি উঠিছে। লক্ষ্যণীয়ভাবে এই প্রতিবাদ সম্প্ৰসাৰিত হৈছে অসমলৈও। ইতিমধ্যে অসমৰ নদীবান্ধ বিৰোধী একাংশই অৰুণাচলত আৰম্ভ হোৱা প্ৰতিবাদত অংশগ্ৰহণ কৰিছে। এই প্রতিবাদক অসমলৈও পূর্ণ পৰ্যায়ত সম্প্ৰসাৰিত কৰাৰ পৰিকল্পনাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে। ইয়াৰ লগে লগে সষ্টম হৈছে ৰাজ্যৰ গৃহ বিভাগ।
পূর্বে নামনি সোৱণশিৰিৰ বৃহৎ জলবিদ্যুৎ প্রকল্পটোক লৈ অসমত যি প্রতিবাদ গঢ়ি উঠিছিল তাৰ ফলত কেন্দ্রীয় চৰকাৰৰ শক্তি মন্ত্রণালয় আৰু এনএইছপিচি বৃহৎ লোকচানৰ সন্মুখীন হ’বলগীয়া হয়। ইয়াৰ পাছত দিবাংসহ আন যিকেইটা বৃহৎ প্ৰকল্পৰ কাম অৰুণাচলৰ ভূমিত অব্যাহত আছে তাত যাতে বাধাৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি একাংশ দল-সংগঠনক এনএইছপিচি তথা নিৰ্মাণকাৰী সংস্থাই নানান কৌশলৰে আপোচ কৰিবলৈ বাধ্য কৰাৰ চৰ্চা আছে। এই প্রকল্পবোৰক লৈ অৰুণাচলত বিশেষ প্রতিবাদো হোৱা নাছিল। কিন্তু আপাৰ চিয়াং প্রকল্পটোৰ ক্ষেত্ৰত অৰুণাচলত আৰম্ভহোৱা প্রতিবাদক সহজভাৱে লোৱা নাই এনএইছপিচিয়ে। সেইবাবে প্রকল্পটোৰ দায়িত্বত থকা এনএইছপিচিয়ে অৰুণাচলৰ লগতে অসম চৰকাৰৰ পৰাও এই ক্ষেত্ৰত কঠোৰ স্থিতি বিচাৰিছে আৰু তাৰে প্ৰতিক্রিয়া ইতিমধ্যে আৰম্ভ হৈছে।
আপাৰ চিয়াঙৰ বৃহৎ প্রকল্পটোৰ আদি জনগোষ্ঠীয়ে তীব্ৰ বিৰোধিতা কৰিছে। অৰুণাচলৰ অন্যতম বৃহৎ জনগোষ্ঠীটোৰ বাসভূমিতে এই প্রকল্পটো নিৰ্মাণৰ প্ৰস্তাৱ কৰা হৈছে। এনএইছপিচিৰ লক্ষ্য অনুসৰি ২০২৮ত প্রকল্পটোৰ নিৰ্মাণ কাৰ্য আৰম্ভ হ’ব আৰু ২০৩২ত বিদ্যুৎ উৎপাদনৰ সূচনা হ’ব। প্রাথমিক প্ৰস্তাৱ অনুসৰি, প্ৰকল্পটোৰ নিৰ্মাণৰ ব্যয় ধাৰ্য কৰা হৈছে ১৩ বিলিয়ন আমেৰিকান ডলাৰ।
সোমবাৰে অৰুণাচলত এই প্রকল্পটোৰ বিৰোধিতাৰে তীব্র প্রতিবাদ সাব্যস্ত কৰা হয়। প্ৰতিবাদকাৰীৰ লগত এনএইছপিচি আৰু অৰুণাচল প্রদেশ চৰকাৰে ইতিমধ্যে তিনিলানি আলোচনাত বহিছে; কিন্তু এই আলোচনাত কোনো যোগাত্মক ফল ওলোৱা নাই। নির্মাণ সম্পূর্ণ হৈ উঠিলে এইটো ভাৰতৰ সৰ্ববৃহৎ জলবিদ্যুৎ প্রকল্পৰূপে পৰিগণিত হ’ব। প্রকল্পটো নিৰ্মাণৰ বাবে কে’বাশ পৰিয়ালক স্থানান্তৰ কৰিব লাগিব। নিঃশেষ হ’ব পাহাৰৰ বৃহৎ ভূমি। তদুপৰি ধ্বংস কৰা হ’ব বৃহৎ অৰণ্যও। বিশ্বৰ অন্যতম জৈৱ বৈচিত্র্য ক্ষেত্রৰূপেও উক্ত অঞ্চলটো স্বীকৃত।
অৰুণাচলত হ’বলগীয়া এই বৃহৎ ধ্বংস কাৰ্যৰ সমান্তৰাল প্ৰভাৱ অসমতো পৰিব। কাৰণ চিয়াং নদীখনেই অসমত ব্রহ্মপুত্র নাম লৈছে। সেই ব্ৰহ্মপুত্ৰৰ পানীকে অৰুণাচলত বৃহৎ বান্ধত আবদ্ধ কৰি বিদ্যুৎ উৎপাদনৰ লক্ষ্য কৰি লোৱা হৈছে। ব্ৰহ্মপুত্ৰৰ অন্যতম মুখ্য উপ-নদী লোহিত নদীৰ ওপৰত এই বান্ধৰ প্ৰত্যক্ষ প্রভাৱ পৰিব। সেই বাবে অৰুণাচলৰ প্রতিবাদী ব্যক্তি-দল-সংগঠনে নামনিৰ অসমৰ প্ৰভাৱিত হ’বলগীয়া অঞ্চলৰ ৰাইজৰ পৰাও সহযোগিতা বিচাৰিছে।
এই সহযোগিতা কে’বাটাও পক্ষৰ পৰা অৰুণাচলৰ প্ৰতিবাদী লোকসকলে লাভ কৰিছে। ইয়াৰ ওপৰতে চকু পৰিছে চৰকাৰৰ গৃহ বিভাগৰ। প্ৰতিবাদৰ সংগঠিত ৰূপৰ ওপৰত শেন দৃষ্টি ৰখা হৈছে। কাৰণ অতি সন্তপর্ণে বৃহৎ বান্ধটোৰ বিৰুদ্ধে বিৰোধ ক্রমে তীব্ৰতৰ হ’ব পাৰে বুলি সূত্ৰটোৱে জনায়। সেই কাৰণে অৰুণাচলত চলা প্রতিবাদক স্তিমিত কৰাৰ কৌশলৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰা হৈছে।































