দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: তিনিচুকীয়া জিলাৰ কাকপথাৰ অঞ্চলত বৰ্তমান বালিৰ ৰমৰমীয়া অবৈধ ব্যৱসায় চলি থকাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। অভিযোগ অনুসৰি কাকপথাৰ বন বিভাগৰ এচাম বিষয়াৰ প্ৰত্যক্ষ আশীৰ্বাদত এক দুষ্ট চক্ৰই দিনে-নিশাই কাকপথাৰ অঞ্চলৰ বিভিন্ন কাষৰীয়া নদী-নলাসমূহৰ পৰা অবৈধভাৱে বালি খনন কৰি লাখ লাখ টকাৰ ব্যৱসায় চলাই আহিছে।
ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি তিনিচুকীয়া জিলা সমিতিৰ সাংগঠনিক সম্পাদক ৰূপম মৰাণে উত্থাপন কৰা অভিযোগ মতে, কাকপথাৰ বন বিভাগৰ ৰেঞ্জাৰ জনৈক সোনোৱাল আৰু প্ৰটেকচন ৰেঞ্জাৰ জনৈক বৰগোহাঁইৰ ছত্ৰছায়াত এই সমগ্ৰ বালিৰ চিণ্ডিকেট চলি আছে।
অভিযোগ অনুসৰি প্ৰতিখন বালি ভৰ্তি ডাম্পাৰ আৰু ট্ৰেক্টৰৰ পৰা এটা নিৰ্দিষ্ট পৰিমাণৰ ধন সংগ্ৰহ কৰি এই অবৈধ খননক বৈধতা দিয়া হৈছে। যাৰ বাবে বন বিভাগে জানিও নজনাৰ ভাও জুৰি ৰহস্যজনক নীৰৱতা অৱলম্বন কৰিছে।
এইদৰে নদীৰ বুকু খান্দি বালি উলিওৱাৰ ফলত কোমচাং অঞ্চলত ডুমডুমা নদীৰ স্বাভাৱিক গতি সলনি হোৱাৰ লগতে অঞ্চলটোৰ পৰিৱেশ তন্ত্ৰৰ প্ৰতি ভাবুকি আহি পৰিছে। নদীৰ পাৰ খহনীয়া তীব্ৰ হৈছে আৰু ওচৰৰ কৃষিভূমিৰ ক্ষতি হৈছে। যাৰ বাবে স্থানীয় ৰাইজৰ মাজতো ক্ষোভে বিৰাজ কৰিছে।
যি সময়ত ৰাজ্যৰ বন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ৰাজ্যজুৰি অবৈধ খনন আৰু বনজ সম্পদৰ সৰবৰাহৰ বিৰুদ্ধে শূণ্য সহনশীলতাৰ নীতি গ্ৰহণ কৰি কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে, তেনে সময়তে কাকপথাৰৰ দৰে অঞ্চলত বন বিভাগৰ বিষয়াৰ নামত এনে অভিযোগ উত্থাপন হোৱাটো অত্যন্ত দুৰ্ভাগ্যজনক আৰু বন মন্ত্ৰীৰ নিৰ্দেশক প্ৰত্যাহ্বান জনোৱাৰ দৰে কাৰ্য বুলি সচেতন মহলে মন্তব্য কৰিছে।
এই সমগ্ৰ ঘটনা সন্দৰ্ভত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ডুমডুমাৰ সংমণ্ডল বন বিষয়া (DFO) ক শীঘ্ৰে হস্তক্ষেপ কৰিবলৈ দাবী জনাইছে। উল্লেখ্য যে ইয়াৰ পূৰ্বেও কৃষক মুক্তি সংগ্ৰাম সমিতি, তিনিচুকীয়া জিলা সমিতিয়ে ডুমডুমা-কাকপথাৰ অঞ্চলৰ অবৈধ বালিৰ খনন বন্ধ কৰাৰ দাবীত কেইবাবাৰো স্মাৰক পত্ৰ প্ৰদান কৰিছিল।































