PlasticBottleConstruction: দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: প্লাষ্টিকৰ বটল সাধাৰণতে ব্যৱহাৰৰ পাছত পেলাই দিা হয়। অথচ এই পেলাই দিয়া প্লাষ্টিকৰ বটলেই এতিয়া হৈ উঠিছে গৃহ নিৰ্মাণৰ অন্যতম উপকৰণ। শুনিবলৈ আচৰিত লাগিলেও এনে এক অভিনৱ পদ্ধতি প্রস্তুত কৰিছে জার্মান নির্মাণকর্মী আন্দ্রেয়াছ ফ্র’জেই।
উত্তৰ আমেৰিকাৰ দেশ হণ্ডুৰাছত কাম কৰি থকাৰ সময়তে প্লাষ্টিক আবৰ্জনাৰ বিপুল ভাণ্ডাৰ দেখি তেওঁৰ মূৰলৈ এনে এক অভিনৱ চিন্তা আহিছিল। পৰিৱেশৰ প্ৰদূষণ হ্ৰাসৰ সমান্তৰালকৈ অতি কম খৰচতে গৃহ নিৰ্মাণৰ পথৰ সন্ধান কৰিবলৈ আৰম্ভ কৰে ফ্ৰ’জেই।
ফ্র’জেৰ এই পদ্ধতি অতি সহজ। পেলাই দিয়া প্লাষ্টিকৰ বটলত প্রথমে ঠেচি ঠেচি বালি ভৰোৱা হয়। ভিতৰৰ বালিয়ে শক্তিশালীভাৱে চাপ দি থকাৰ নৰৰ্ম তথা পাতল প্লাষ্টিকৰ বটলটোও এক শক্তিশালী ব্লকৰ দৰে উপকৰণত পৰিণত হৈ পৰে। ইয়াৰ পাছত সেই ‘বটল-ইটা’সমূহ শাৰী কৰি দেৱালৰ মাজত বহুওৱা হয় তথা ৰছী আৰু চিমেণ্টৰ মৰ্টাৰৰ সহায়ত সিবোৰক পৰস্পৰৰ স’তে যুক্ত কৰা হয়। এইদৰেই নির্মাণ হয় ঘৰৰ বেৰ।
ফ্র’জে দাবী কৰে যে এই পদ্ধতিত তৈয়াৰী গাঁথনিৰ প্ৰায় ৭০ শতাংশই পুনর্ব্যৱহৃত উপকৰণৰেই নিৰ্মাণ হ’ব পাৰে। প্ৰচলিত কংক্রিট ব্লকৰ তুলনাত এই নির্মাণ পদ্ধতিৰ কিছু সুবিধাও আছে বুলি প্রকল্পটোৰ স’তে জড়িতসকলে জনাইছে। আনকি এই পদ্ধতিত নির্মিত এটা ঘৰে ৩৬ টন ওজনৰ সেউজ ছাদ বহন কৰিব পাৰে আৰু ইয়াৰ সম্ভাব্য স্থায়িত্ব প্রায় ৩০০ বছৰ পৰ্যন্ত হ’ব পাৰে বুলিও দাবী কৰা হৈছে।
অৱশ্যে এই উদ্যোগ কেৱল ঘৰ নিৰ্মাণতেই থমকি ৰোৱা নাই। একে প্রযুক্তি ব্যৱহাৰ কৰি ইতিমধ্যে ৩৫০০ লিটাৰ ধাৰণ ক্ষমতাৰ পানীৰ টেংকি, কেম্পিঙৰ ঈগলু আৰু প্ৰাচীন ৰেপ্ন দলঙৰ প্ৰতিৰূপ নিৰ্মাণ কৰা হৈছে। এই প্ৰকল্পৰ আন এক সুবিধা হৈছে ইয়াৰ খৰচ। এই ধৰণৰ নিৰ্মাণ প্রচলিত পদ্ধতিৰ তুলনাত প্রায় ৫০ শতাংশ পর্যন্ত সস্তীয়া হ’ব বুলিও দাবী কৰা হৈছে।
অৱশ্যে এই উদ্যোগৰ লক্ষ্য কেৱল পৰিৱেশবান্ধন নির্মাণ নহয়। = স্থানীয় মানুহক এই প্রযুক্তি শিকোৱাতো গুৰুত্ব প্ৰদান কৰা হৈছে। হণ্ডুৰাছৰ ৰোয়াটন দ্বীপৰ পৰিৱেশকর্মী, শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ স’তে এই কাম কৰি আছে ফ্র’জেই। শিক্ষার্থীসকলে বটল প্ৰস্তুত কৰা, চিমেণ্ট তৈয়াৰী আৰু বেৰত বটল বহুওৱাৰ দৰে কামবোৰ শিকিছে। ইয়াৰ ফলত বাস্তৱ নিৰ্মাণকাৰ্যৰ স’তে গণিত আৰু পৰিৱেশ শিক্ষাৰো যোগসূত্র সৃষ্টি হৈছে।
প্লাষ্টিক আবর্জনাক বোজা বুলি নাভাবি সম্পদৰূপে ব্যৱহাৰ কৰাৰ এই ধাৰণাটোৱে ইতিমধ্যে আন্তর্জাতিক স্তৰতো দৃষ্টি আকর্ষণ কৰিছে। প্রকল্পটোৱে সফল উন্নয়নমূলক উদ্যোগৰ উদাহৰণৰূপে ৰাষ্ট্ৰসংঘৰ এক গ্রন্থতো স্থান পাইছে।
অর্থাৎ, যি প্লাষ্টিকৰ বটল এটা সময়ত পৰিৱেশৰ বাবে সমস্যা আছিল; সঠিক প্রযুক্তি আৰু পৰিকল্পনাৰ বলত সেই বটলেই হৈ উঠিব পাৰে মানুহৰ মূৰ গোজাৰ ঠাই নিৰ্মাণৰ উপকৰণ। আবৰ্জনাৰ পৰা বাসগৃহ- আন্দ্রেয়াছ ফ্ৰ’জেৰ এই উদ্যোগে দেখুৱাইছে যে পৰিৱেশ ৰক্ষা আৰু সাশ্রয়ী নির্মাণ একেলগেও সম্ভৱ।






























