RanjitKumarDass: দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক :অসম বিধানসভাৰ অধ্যক্ষ ৰণজিৎ কুমাৰ দাসে আজি দক্ষিণ আফ্ৰিকাৰ কেপ টাউনত যোৱা ১৩ চেপ্তেম্বৰৰ পৰা আৰম্ভ হোৱা আৰু অহা ১৯ চেপ্তেম্বৰলৈ চলিবলগীয়া ৬৯ সংখ্যক কমনৱেলথ পাৰ্লিয়ামেণ্টেৰী কনফাৰেন্সৰ অংশ হিচাপে কেপ টাউন ইণ্টাৰনেশ্যনেল কনভেনচন চেণ্টাৰ-২ৰ নেৰিনা এণ্ড প্ৰোটিয়াত (Nerina & Protea, CTICC-2 )আয়োজিত “জলবায়ুৰ স’তে খাপ খোৱা আৰু সহনশীলতাৰ উৎকৰ্ষ সাধনত সংসদীয় নেতৃত্ব”( Parliamentary leadership in promoting climate adaptation and resilience) শীৰ্ষক এখন কৰ্মশালাত অংশগ্ৰহণ কৰি ক্ৰমবৰ্ধমান জলবায়ু পৰিৱৰ্তনৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত সংসদীয় প্ৰতিনিধিসকলে ল’ব পৰা নেতৃত্বপ্ৰদানকাৰী ভূমিকাৰ লগতে জলবায়ু নীতি প্ৰস্তুত,ৰূপায়ন,তদাৰক,
আইনী দায়বদ্ধতাৰ প্ৰয়োজনীয়তা আদিৰ বিষয়ে আলোকপাত কৰে।
তেওঁ লগতে ক্ৰমান্বয়ে তীব্ৰতৰ হৈ অহা বতৰজনিত পৰিঘটনাৰ পৰিপ্ৰেক্ষিতত জলবায়ু পৰিৱৰ্তনৰ সৈতে অভিযোজনৰ বাবে গ্ৰহণ কৰা ৰাষ্ট্ৰীয় পৰিকল্পনাসমূহ যাতে খণ্ডভিত্তিক বাজেট, আন্তঃগাঁথনিৰ মানদণ্ড আৰু স্থানীয় চৰকাৰৰ পৰিকল্পনা কাঠামোৰ সৈতে সম্পূৰ্ণৰূপে সংযুক্ত হয়, সেয়া নিশ্চিত কৰাৰ বাবে সংসদীয় প্ৰতিনিধিসকলে নিজৰ নিজৰ এলেকা সমূহত ল’ব পৰা জনসচেতনতাকে ধৰি আন আন বিষয় সমূহৰ ওপৰতো আলোকপাত কৰে।
জলবায়ু সহনশীলতাৰ ক্ষেত্ৰত বিধানসভা আৰু সংসদসমূহে যাতে সুস্থিৰ, প্ৰমাণভিত্তিক আৰু ফলপ্ৰসূ নেতৃত্ব প্ৰদান কৰিব পাৰে, তাৰ বাবে কি কি প্ৰাতিষ্ঠানিক সংস্কাৰ অথবা নতুন সংসদীয় প্ৰক্ৰিয়া গ্ৰহণ কৰাৰ কথা চিন্তা কৰিব পাৰি বিশেষকৈ আগতীয়া সতৰ্কীকৰণ ব্যৱস্থা, প্ৰকৃতিভিত্তিক সমাধান আৰু গুৰুত্বপূৰ্ণ আন্তঃগাঁথনিৰ সুৰক্ষাৰ ক্ষেত্ৰত সংসদসমূহৰ সক্ষমতা কেনেদৰে অধিক শক্তিশালী কৰিব পাৰি সেই বিষয়েও তেওঁ বক্তব্য ৰাখে।
উল্লেখ্য যে জলবায়ু পৰিৱৰ্তনৰ সৈতে অভিযোজন আৰু সহনশীলতা বৃদ্ধিৰ দৰে গুৰুত্বপূৰ্ণ বিষয়ত কমনৱেলথৰ বিভিন্ন সংসদৰ মাজত অভিজ্ঞতা আৰু জ্ঞানৰ পাৰস্পৰিক বিনিময় তথা সংসদীয় নেতৃত্ব অধিক শক্তিশালী কৰা সম্বন্ধীয় বিষয়সমূহে এই কৰ্মশালাত বিশেষ গুৰুত্ব লাভ কৰে।
আজিৰ এই কৰ্মশালাত লোকসভাৰ সাংসদ ৰাস্না বেনাৰ্জী, উত্তৰাখণ্ড বিধানসভাৰ অধ্যক্ষ ৰিতু কাণ্ডুৰী ভূষণকে ধৰি বিভিন্ন দেশৰ সাংসদ, বিধানসভাৰ অধ্যক্ষৰ লগতে অসম বিধানসভাৰ সচিব ৰাজীৱ ভট্টাচাৰ্যও অংশ গ্ৰহণ কৰে।































