RalphLauren: দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: কিছুদিন পূর্বে ভাৰতীয় নক্সা চুৰি কৰাৰ গুৰুতৰ অভিযোগ উঠিছিল বিশ্বখ্যাত ফেশ্বন ব্ৰেণ্ড প্ৰাডাৰ বিৰুদ্ধে।
এইবাৰ একে অভিযোগ উত্থাপন হ’ল আন এক আন্তর্জাতিক খ্যাতিসম্পন্ন ফেশ্বন ব্ৰেণ্ড ‘বাল্ল্ফ লৰেন’ৰ বিৰুদ্ধে। লৰেনৰ সাম্প্ৰতিক প্রদর্শিত হোৱা গোলাপী ৰঙৰ পোছাকত ভাৰতীয় ঐতিহ্যবাসী নক্সাৰ পৰশ স্পষ্ট হ’ল।
যোৱা ১২ ছেপ্টেম্বৰত ইনস্টাগ্রামত এই পোছাকৰ ফটো প’ষ্ট কৰিছিল ৰাল্ল্ফ লৰেনে। ভাৰতীয় নক্সা চুৰি কৰি ৰাল্ল্ফ লৰেনে এই পোছাক তৈয়াৰ কৰিছিল যদিও ইয়াৰ কোনো স্বীকৃতি ভাৰতক দিয়া হোৱা নাই।
এই কাৰণত সামাজিক মাধ্যমত সম্প্ৰতি ৰাল্ল্ফ লৰেনৰ ভাৰতীয় নক্সা চুৰিৰ অভিযোগত সৰৱ হৈছে ভাৰতীয় ফেশ্বন ডিজাইনাৰসকল। ফেশ্বন ডিজাইনাৰ প্ৰখৰ ৰাও সিং ছাণ্ডেলে এই প্রসংগত কয় যে ৰাল্ল্ফ লৰেনে কাপোৰৰ ক্ষেত্ৰত দীর্ঘ বিৱৰণ দিছে যদিও কাৰিগৰৰ সূক্ষ্ম হাতৰ কামৰ সন্দৰ্ভত সবিশেষ তথ্য উল্লেখ কৰা নাই।
ভাৰতীয় ঐতিহ্যবাহী জৰডৌচি নক্সা ৰাল্ল্ফ লৰেনে চুৰি কৰা বুলিও ছাণ্ডেলে অভিযোগ কৰিছে। উল্লেখ্য যে ২০১৩ তে জাৰডৌচিৰ জিআই স্বীকৃতি লাভ কৰিছিল লক্ষ্মৌ আৰু ইয়াৰ চাৰিওকাষৰ ছখন জিলাই।































