SachinTendulkar :দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: এটা সপ্তাহতে দুটাকৈ বিশ্ব অভিলেখ হেৰুৱালে শচীন তেণ্ডুলকাৰে। ইংলণ্ডৰ অধিনায়ক জো ৰুটৰ পাছত এইবাৰ শচীনৰ এক অভিলেখ ভাঙিলে জিম্বাব’ৱেৰ ব্ৰেণ্ডন টেইলৰে।
সুদীর্ঘ ২২ বছৰ তিনি মাহ আৰু এদিন ধৰি এদনীয়া আন্তর্জাতিক মেচ খেলিছিল শচীনে। ১৯৮৯ৰ ১৮ ছেপ্টেম্বৰত পাকিস্তানৰ বিপক্ষে এদিনীয়া মেচত তেওঁৰ অভিষেক হৈছিল।
আনহাতে, শচীনে অন্তিম এদিনীয়া আন্তর্জাতিক মেচ খেলিছিল ২০১২ৰ ১৮ মাৰ্চত। ইমানদিনে শচীনেই আছিল সর্বাধিক দিনলৈ এদিনীয়া আন্তর্জাতিক মেচ খেলা ক্রিকেটাৰ।
সম্প্ৰতি অষ্ট্ৰেলিয়াৰ বিপক্ষে প্রথম এদিনীয়া মেচত নমাৰ লগে লগে শচীনক অতিক্ৰম কৰি নতুন বিশ্ব অভিলেখ গঢ়িলে টেইলৰে। জিম্বাব’ৱেৰ ৪০ বছৰীয়া উইকেট কীপাৰ-বেটাৰজনে ২০০৪ৰ ২০ এপ্ৰিলৰ পৰা কালি পর্যন্ত ২২ বছৰ চাৰি মাহ ধৰি এদিনীয়া আন্তর্জাতিক মেচ খেলিছে।
উল্লেখ্য যে পাকিস্তানৰ বিপক্ষে অন্তিম টেষ্টত শচীনৰ এক বিশ্ব অভিলেখ ভাঙিছিল ইংলণ্ডৰ অধিনায়ক ৰুটে। উক্ত টেষ্টত ৰুটে ৬৯সংখ্যক অর্ধশতৰাণ কৰে। শচীনে টেষ্টত ৬৮টা অর্ধশতৰাণ কৰি বিশ্ব অভিলেখৰ গৰাকী হৈ আছিল।































