SemiconIndia2026: দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : আত্মনিৰ্ভৰ আৰু বিকশিত ভাৰত গঢ়ি তোলাই লক্ষ্য। সেই লক্ষ্য পূৰণৰ পথত দেশে কেবাটাও খোজ আগবাঢ়িছে বুলি নতুন দিল্লীত ‘ছেমিকন ইণ্ডিয়া ২০২৬’ৰ মঞ্চৰ পৰা দাবী কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। সমান্তৰালভাৱে নিজৰ ৭৬সংখ্যক জন্মদিনত বিশ্বত ভাৰতৰ ক্ৰমবৰ্ধমান কূটনৈতিক আৰু অৰ্থনৈতিক শক্তিৰ ছবিও দাঙি ধৰিলে প্ৰধানমন্ত্ৰীগৰাকীয়ে।
বৃহস্পতিবাৰে নতুন দিল্লীত ‘ছেমিকন ইণ্ডিয়া’ৰ উদ্বোধন কৰে প্ৰধানমন্ত্ৰীয়ে। সেই মঞ্চৰ পৰাই ছেমিকণ্ডাক্টৰ উদ্যোগত দেশৰ অগ্ৰগতিৰ কথাও দাঙি ধৰে তেওঁ।
কেৱল সেয়াই নহয়, নতুন দিল্লীত সদ্য অনুষ্ঠিত ব্ৰিকছ সন্মিলনৰ প্ৰসংগও প্ৰধানমন্ত্ৰীৰ বক্তব্যত উঠে আহে। মোদীয়ে কয় যে, এই সন্মিলনত সৰ্বসন্মতিক্ৰমে ‘নতুন দিল্লীৰ ঘোষণা’ গ্ৰহণ কৰা আৰু সমগ্ৰ বিশ্বতে অৰ্থনৈতিক মন্দাৱস্থাৰ পৰিৱেশৰ মাজতো ভাৰতৰ জিডিপি ৭.৮ শতাংশ বৃদ্ধি পোৱাটোৱে প্ৰমাণ কৰিছে যে বিশ্বৰ দেশসমূহৰ ভাৰতৰ প্ৰতি আস্থা আৰু বিশ্বাস কিমান বৃদ্ধি পাইছে।
তেওঁ কয়, ‘‘এফালে ভাৰতৰ অৰ্থনীতি অধিক শক্তিশালী হৈ আছে, আনফালে ভাৰতৰ ওপৰত বিশ্বৰ আস্থা ক্ৰমাৎ বৃদ্ধি পাইছে। আৰু এই আস্থাৰ সেই ছবিখন প্ৰতিফলিত হৈছে কেইদিনমান পূৰ্বে অনুষ্ঠিত ব্ৰিকছ শীৰ্ষ সন্মিলনতো। সৰ্বসন্মতিক্ৰমে নতুন দিল্লীৰ ঘোষণা গ্ৰহণ কৰাটো ভাৰতৰ প্ৰতি বিশ্বৰ আস্থাৰ আন এক বৃহৎ প্ৰমাণ।’’
উল্লেখ্য, যোৱা ১২ আৰু ১৩ ছেপ্টেম্বৰত নতুন দিল্লীত অনুষ্ঠিত হৈছিল ১৮সংখ্যক ব্ৰিকছ শীৰ্ষ সন্মিলন।এই মঞ্চৰ পৰাই ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় কূটনৈতিক সফলতাৰ কথাও দাঙি ধৰে মোদীয়ে।
ব্ৰিকছ সন্মিলনত ইৰান আৰু সংযুক্ত আৰব আমিৰশ্বাহীৰ মাজত মতানৈক্য থকাৰ পাছতো কেনেদৰে আলোচনাৰ জৰিয়তে ঐকমত্যত উপনীত হোৱাটো সম্ভৱ হৈছিল আৰু তাত ভাৰতৰ ভূমিকা কি আছিল, সেই কথাও উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে।
ইয়াৰ পাছতে মোদীয়ে কয়, ‘‘ভাৰতৰ অৰ্থনীতিৰ ওপৰত বিশ্বৰ যেনেদৰে আস্থা বৃদ্ধি পাইছে, তেনেদৰে প্ৰযুক্তিৰ ক্ষেত্ৰতো বিশ্বদৰবাৰত দেশৰ গুৰুত্ব বৃদ্ধি পাইছে।’’
ছেমিকণ্ডাক্টৰ উদ্যোগত দেশৰ অগ্ৰগতিৰ প্ৰসংগ উত্থাপন কৰি প্ৰধানমন্ত্ৰীয়ে জনায় যে ইতিমধ্যে ১২টা ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ কাম আৰম্ভ হৈছে। কেবাটাও প্ৰকল্পত বাণিজ্যিকভাৱেও চিপ উৎপাদনৰ কাম আৰম্ভ হৈছে। ইয়াৰ পিছতে তেওঁ কয়, ‘‘প্ৰযুক্তি, উদ্ভাৱন আৰু উৎপাদন—এই তিনিটা ক্ষেত্ৰক একেলগে লৈ আত্মনিৰ্ভৰ ভাৰতৰ লক্ষ্য পূৰণৰ দিশত আগবাঢ়িব ভাৰত।’’































