DarkSkyReserve : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : নিশা হ’লেই এই গাঁৱৰ আকাশ একোটা মেলি দিয়াৰ ছাতিৰ দৰে গ্রহ-নক্ষত্রই আগুৰি ধৰি দৃষ্টিনন্দন পৰিৱেশৰ সৃষ্টি কৰে। এই পৰিৱেশ নিজ চকুৰে এবাৰ প্ৰত্যক্ষ কৰিবলৈ দেশ-বিদেশৰ অনেক লোকে ভিৰ কৰে। এনেদৰে প্ৰতিদিন গাঁওখন দেশী-বিদেশী অগণন পর্যটকৰে ঠাহ খাই পৰে। সন্ধিয়া নমাৰ লগে লগে আকাশত এই বিৰল দৃশ্য প্রত্যক্ষ কৰা হয়।
এই বিৰল মহাজাগতিক পৰিঘটনাই দেখা দিয়া গাঁওখন হ’ল পূব লাডাখৰ। গাঁওখনৰ নাম হালে। সাগৰপৃষ্ঠৰ পৰা ৪,৫০০ মিটাৰ উচ্চতাত অৱস্থিত হোৱাৰ পৰিপ্ৰেক্ষিতত গাঁওখনত বছৰৰ সকলো সময়তে শীত বিৰাজ কৰে। হিম শীতল পৰিৱেশত সন্ধিয়া নমাৰ লগে লগে গাঁওখনৰ আকাশত হাতীপটি তাৰকা ৰাজ্য, বৃহস্পতি, নেপচুন আদি গ্রহই দেখা দিয়ে।
দর্শনার্থীসকলক আন্ধাৰৰ মাজৰ পৰা এই বিৰল দৃশ্য প্রত্যক্ষ কৰিবলৈ সুযোগ দিয়া হয়।গাঁওখনত পোহৰৰ প্ৰদূষণ প্ৰতিৰোধ কৰাৰ উদ্দেশ্যে কৃত্রিম পোহৰ সৃষ্টি কৰিবলৈ দিয়া নহয়। তাৰ পৰিৱৰ্তে গভীৰ আন্ধাৰৰ পৰা মহাকাশৰ এই অবিস্মৰণীয় দৃশ্য উপভোগ কৰিব লাগে পর্যটক-দর্শনার্থীসকলে।
এনেদৰে হানলে গাঁও দেশৰ প্ৰথমখন ডার্ক স্কাই ৰিজাৰ্ভত পৰিণত হৈছে। বিগত কিছু বছৰৰ পৰা গাঁওখনত প্রায় প্রতিটো দিনতে অসংখ্য দেশী-বিদেশী পর্যটকে ভিৰ কৰি আহিছে। ইয়ে গাঁওবাসীক বৃহৎ পৰিমাণৰ ধন আয়ৰ সুযোগ দিছে। আনকি সৌদিনালৈ আয়ৰ কোনো উৎস নথকা গাঁওখনৰ মহিলাসকলে এতিয়া মাহিলি একৰ পৰা দুই লাখ টকা পর্যন্ত আয় কৰিবলৈ সক্ষম হৈছে।
তেওঁলোকৰ জীৱনলৈ এই বৃহৎ পৰিৱৰ্তন আনে গাঁৱৰ আকাশখনেই। কাৰণ গাঁৱৰ আকাশ পৰিণত হৈছে ‘জ্যোতিৰ পর্যটন’ত। সৌসিদিনালৈ অখ্যাত এই গাঁৱৰ বাসিন্দাসকল পৰম্পৰাগত যাযাবৰ ভেৰাপালক আছিল। বিগত কিছু বছৰত তেওঁলোকৰ বৃহৎ সংখ্যক পৰ্যটকসকলৰ গাইডত পৰিণত হৈছে। গাঁৱৰ ১৮ গৰাকী মহিলাসহ কমেও ২৪ জন লোকক জ্যোতিৰ দূতৰূপে প্রশিক্ষণ প্রদান কৰা হৈছে।
সেই অনুসৰি তেওঁলোকে দেশী-বিদেশী পর্যটকসকলক আকাশৰ এই অবিস্মৰণীয় দৃশ্য প্রত্যক্ষ কৰাত সহায় কৰে। এই দূতসকলৰ হাতে হাতে দূৰবীণ থাকে। এই দূৰবীণৰ সহায়ত দর্শনার্থীসকলে মহাকাশৰ গ্ৰহ, নক্ষত্ৰ আদি প্রত্যক্ষ কৰে।
পূব আকাশৰ অত্যন্ত দুর্গম এই গাঁৱত পৰ্যটকৰ বাবে ‘হোমস্টে’ আৰু অতিথিশালাও গঢ়ি উঠিছে। এইসমূহৰ জৰিয়তে গাঁৱৰ মহিলাসকলে সন্তোষজনক আয় কৰিবলৈ সক্ষম হৈছে। এনে এটা হোমষ্টেৰ গৰাকী আংমো নামৰ মহিলাগৰাকীয়ে কয়, ‘মই এনে এক পৰিৱৰ্তনৰ কথা আগতে কল্পনাও পৰিকল্পনা কৰিব পৰা নাছিলো। আমাৰ গাঁৱৰ আকাশখনেই আমাৰ আয়ৰ উৎসত পৰিণত হ’ব বুলি কেতিয়াও কল্পনা কৰিব পৰা নাছিলো। মোৰ হোমস্টেত মই নিজে ৰন্ধা-বঢ়া কৰো। নিয়মীয়াভারে মই অতিথি পাই আহিছো। আগতে মোৰ কোনো আয় নাছিল। এতিয়া মই মাহিলি ডেৰ লাখ টকা পর্যন্ত আয় কৰো।’
উল্লেখ্য যে গাঁওখনৰ প্রশিক্ষিত জ্যোর্তি দূতসকলক এক জ্যোর্তি বৈজ্ঞানিক প্রতিষ্ঠানে দূৰবীণ যোগান ধৰিছে। এই সম্পর্কত কেচাং দর্জি নামৰ লোকজনে কয়, ‘দূৰবীণৰ সহায়ত দর্শনার্থীসকলে মহাকাশৰ গভীৰতালৈ দৃষ্টি দিব পাৰে। খালী চকুৰে নেদেখা গ্রহ-নক্ষত্র এই দূৰবীণৰ সহায়ত স্পষ্টকৈ দেখিবলৈ পোৱা যায়। এনে এটা দূৰবীণৰ জৰিয়তে আমি শনি গ্রহ ভালদৰে প্রত্যক্ষ কৰিবলৈ সক্ষম হৈছো।’ উল্লেখ্য যে হালে গাঁৱৰ দৰে দ্বিতীয় এক স্থান সমগ্ৰ ভাৰতত নাই। গতিকে এই গাঁৱৰ আকৰ্ষণো অধিক।






























