দৈনিক অগ্ৰদূত বাৰ্তা, : গহপুৰত নিশা চুৰি গৰু সৰবৰাহৰ বিৰুদ্ধে আৰক্ষীয়ে চলোৱা অভিযানত তিনিটা গৰুসহ এখন বাহন জব্দ কৰিবলৈ সক্ষম হয়। হেলেম আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পংকজ চিতলাৰ নেতৃত্বত চলোৱা অভিযানত গহপুৰ দিশৰ পৰা আহি থকা সন্দেহজনক বাহনখন আৰক্ষীয়ে খেদি গৈ হেলেম আৰক্ষী থানাৰ সমীপৰ ৰাষ্ট্ৰীয় ঘাইপথত আটক কৰে।
তথ্য অনুসৰি, মাজনিশা হেলেম আৰক্ষীয়ে চুৰি গৰু সৰবৰাহৰ বিৰুদ্ধে অভিযান চলাই থকাৰ সময়তে গহপুৰ দিশৰ পৰা তীব্ৰ গতিত আহি থকা বাহনখনক লৈ আৰক্ষীৰ সন্দেহ হয়। অভিযানকাৰী দলটোৱে বাহনখন অনুসৰণ কৰি খেদি আহে।
আৰক্ষীয়ে পিছে পিছে অহা বুলি উমান পাই বাহনখনৰ চালকে গতি বৃদ্ধি কৰি পলায়নৰ চেষ্টা চলায়। অৱশেষত হেলেম আৰক্ষী থানাৰ সমীপৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ডিভাইদাৰৰ ওচৰত আৰক্ষীয়ে বাহনখন ৰখাবলৈ সক্ষম হয়।
ইয়াৰ পিছতে বাহনখনত তালাচী চলাই আৰক্ষীয়ে ভিতৰৰ পৰা তিনিটা গৰু উদ্ধাৰ কৰে। আৰক্ষীৰ সন্দেহ অনুসৰি, উদ্ধাৰ হোৱা গৰুকেইটা চুৰি কৰি বাহনখনত কঢ়িয়াই নিয়া হৈছিল। জব্দ কৰা বাহনখনৰ নম্বৰ AS 02 AT 8009 বুলি জানিব পৰা গৈছে।
ইফালে, বাহনখনত থকা তিনিজন সন্দেহযুক্ত গৰু চোৰে বৰষুণ আৰু নিশাৰ ঘন আন্ধাৰৰ সুযোগ লৈ ঘটনাস্থলীৰ পৰা পলায়ন কৰে বুলি জানিব পৰা গৈছে। পলাতক লোককেইজনৰ সন্ধানত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে।
আৰক্ষীয়ে উদ্ধাৰ হোৱা তিনিটা গৰুক নিজৰ জিম্মাত লৈ ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে। লগতে উদ্ধাৰ হোৱা গৰু তিনিটাৰ প্ৰকৃত মালিকৰ সন্ধান কৰাৰ লগতে গৰু চুৰিৰ স’তে জড়িত লোকসকলক চিনাক্ত কৰাৰ বাবে তদন্ত আগবঢ়াইছে। জব্দ কৰা বাহনখনৰ নথি-পত্ৰ আৰু অন্যান্য তথ্যও আৰক্ষীয়ে পৰীক্ষা কৰি আছে।






























