TreePlantation: দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক :পৰিৱেশ সুৰক্ষা আৰু সেউজীয়া ধৰিত্ৰী গঢ়ি তোলাৰ লক্ষ্যৰে আজি বৈঠালাংছ’ৰ লেঙেৰীস্থিত চিআৰপিএফ কেম্পৰ উদ্যোগত এক গছপুলি ৰোপণ কাৰ্যসূচী অনুষ্ঠিত হয়।
বৰপথাৰ প্ৰগতিশীল বালিকা মধ্য ইংৰাজী বিদ্যালয়ৰ চৌহদত অনুষ্ঠিত এই কাৰ্যসূচীত বিভিন্ন প্ৰজাতিৰ প্ৰায় আঢ়ৈশটা গছপুলি ৰোপণ কৰা হয়।
গুৱাহাটীৰ নুনমাটিস্থিত ১২৮ নম্বৰ চিআৰপিএফ বেটেলিয়নৰ কমাণ্ডেণ্ট যতীনন্দ্ৰ নাথ ৰায়ৰ নিৰ্দেশক্ৰমে আৰু লেঙেৰী কেম্পৰ ভাৰপ্ৰাপ্ত বিষয়া তথা এচিষ্টেণ্ট কমাণ্ডেণ্ট এল চেৰট’ৰ প্ৰত্যক্ষ নেতৃত্বত এই কাৰ্যসূচী ৰূপায়ণ কৰা হয়।
বিদ্যালয়খনৰ চৌহদ সেউজীয়া কৰি তোলাৰ লগতে ছাত্ৰীসকলৰ মাজত প্ৰকৃতিৰ প্ৰতি ভালপোৱা আৰু পৰিৱেশ সচেতনতা বৃদ্ধি কৰাৰ উদ্দেশ্যে এই পদক্ষেপ গ্ৰহণ কৰা হয়।
গছপুলি ৰোপণ কাৰ্যসূচীত চিআৰপিএফ জোৱানসকলৰ লগতে বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰীসকলেও উৎসাহেৰে অংশগ্ৰহণ কৰে।
গছপুলি ৰোপণৰ লগতে সেইবোৰৰ সঠিক সংৰক্ষণ আৰু ডাঙৰ-দীঘল কৰাৰ দায়িত্বও সকলোৱে গ্ৰহণ কৰে।
নিৰাপত্তা বাহিনীৰ এই জনকল্যাণমূলক আৰু পৰিৱেশবান্ধৱ পদক্ষেপে স্থানীয় ৰাইজ তথা বিদ্যালয় পৰিয়ালৰ মাজত আদৰ লাভ কৰিছে।






























