5GService: দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:মোবাইল টাৱাৰ আছে, কিন্তু পৰ্যাপ্ত নেটৱৰ্ক সেৱা নাই। মাহে মাহে নিয়মীয়াকৈ ৰিচাৰ্জ কৰিও মোবাইল নেটৱৰ্ক আৰু ইণ্টাৰনেট সেৱা লাভ নকৰাৰ অভিযোগত ডুমডুমাৰ বিভিন্ন অঞ্চলৰ Jio গ্ৰাহকৰ মাজত ক্ষোভ বৃদ্ধি পাইছে।
বিশেষকৈ ফিল’বাৰী অঞ্চলৰ তৰাণী গাঁৱত থকা Jio মোবাইল টাৱাৰক কেন্দ্ৰ কৰি আজি সৃষ্টি হয় উত্তেজনাময় পৰিস্থিতি।
প্ৰাপ্ত তথ্য অনুসৰি, আজি তৰাণী গাঁৱৰ Jio মোবাইল টাৱাৰ পৰিদৰ্শনৰ বাবে কোম্পানীটোৰ কেইগৰাকীমান লোক উপস্থিত হয়। তেওঁলোক অহাৰ খবৰ পাই স্থানীয় ৰাইজে আগুৰি ধৰি দীৰ্ঘদিনীয়া নেটৱৰ্ক সমস্যাক লৈ বিভিন্ন প্ৰশ্ন উত্থাপন কৰে।
ৰাইজৰ অভিযোগ অনুসৰি, অঞ্চলটোত বহুদিন ধৰি Jioৰ নেটৱৰ্ক অতি দুৰ্বল। কেতিয়াবা মোবাইলত নেটৱৰ্কৰ চিহ্ন দেখা গ’লেও ইণ্টাৰনেট স্বাভাৱিকভাৱে ব্যৱহাৰ কৰিব নোৱাৰি। ফোন কল কৰাত অসুবিধা, ইণ্টাৰনেটৰ গতি অতি কম হোৱা আৰু হঠাতে নেটৱৰ্ক বিচ্ছিন্ন হোৱা আদি সমস্যাত গ্ৰাহকসকল ভুগি আহিছে।
ইফালে, বৰ্তমান 5G সেৱাৰ ব্যৱহাৰ বৃদ্ধি পোৱাৰ সময়তে তৰাণী অঞ্চলত উন্নত নেটৱৰ্ক সেৱা নোপোৱাক লৈও স্থানীয় ৰাইজে প্ৰশ্ন উত্থাপন কৰে। নিয়মীয়াকৈ ৰিচাৰ্জ কৰাৰ পিছতো প্ৰাপ্য সেৱা লাভ নকৰাৰ অভিযোগ তুলি সমস্যাটোৰ শীঘ্ৰে সমাধানৰ দাবী জনায় ৰাইজে।
ৰাইজৰ মতে, নেটৱৰ্কৰ দুৰ্বলতাৰ বাবে ছাত্ৰ-ছাত্ৰীৰ অনলাইন শিক্ষা, অনলাইন ব্যৱসায়, ডিজিটেল লেনদেন, অনলাইন ফৰ্ম পূৰণ, জৰুৰী ফোন কল আৰু চিকিৎসাজনিত যোগাযোগতো সমস্যাৰ সৃষ্টি হৈছে। তৰাণীকে ধৰি ডুমডুমাৰ আশে-পাশে থকা কেইবাটাও অঞ্চলতো একেধৰণৰ সমস্যাৰ সন্মুখীন হোৱা বুলি স্থানীয় লোকসকলে অভিযোগ কৰে।
সেয়ে কেৱল তৰাণীৰ টাৱাৰ পৰীক্ষা কৰাই নহয়, সমগ্ৰ অঞ্চলটোৰ নেটৱৰ্ক কভাৰেজ, টাৱাৰৰ কাৰ্যক্ষমতা আৰু ইণ্টাৰনেট সেৱাৰ মান পৰীক্ষা কৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ Jio কৰ্তৃপক্ষৰ ওচৰত দাবী জনাইছে ৰাইজে।
আনহাতে, 5G সেৱা প্ৰদানৰ দাবীক লৈ আজি তৰাণীত পৰিস্থিতি উত্তপ্ত হৈ পৰে। স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে, তিনি ঘণ্টাৰ ভিতৰত 5G সেৱা উপলব্ধ নকৰিলে টাৱাৰত তলা লগাই বন্ধ কৰি দিয়াৰ দৰে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ কথাও ঘোষণা কৰে।
এতিয়া স্থানীয় গ্ৰাহকৰ প্ৰশ্ন—টাৱাৰ থকাৰ পিছতো কিয় নেটৱৰ্কৰ এনে দুৰৱস্থা? নিয়মীয়াকৈ ৰিচাৰ্জ কৰা গ্ৰাহকে উন্নত সেৱা কেতিয়া লাভ কৰিব? সমস্যাটোৰ স্থায়ী সমাধানৰ বাবে Jio কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰে, সেয়া লক্ষণীয় হ’ব।































