PetrolPrice : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : পুনৰ বৃদ্ধি পাব নেকি পেট্ৰ’ল-ডিজেলৰ মূল্য ? এনে আশংকাই এতিয়া দেখা দিছে। বুধবাৰে আমেৰিকাৰ হাউছ অৱ ৰিপ্ৰেজেণ্টেটিভছত গৃহীত হ’ল ৰাছিয়াৰ বিৰুদ্ধে নিষেধাজ্ঞা আৰোপৰ বিল। এই বিলৰ জৰিয়তে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ হাতত ব্যাপক ক্ষমতা থাকিব।
ৰাছিয়াৰ পৰা তেল আৰু গেছ ক্ৰয় কৰা দেশসমূহৰ ওপৰত ১০০ শতাংশ শুল্ক আৰোপ কৰিব পাৰিব তেওঁ। এতিয়া কেৱল এই বিলত ট্ৰাম্পে স্বাক্ষৰ কৰালৈ অপেক্ষা। আৰু ইয়াতেই ভাৰতৰ চিন্তা, কিয়নো ৰাছিয়াৰ পৰা তেল আৰু ইন্ধন ক্ৰয় কৰে ভাৰতে।
ৰাছিয়াৰ পৰা ভাৰতে সস্তাত ক্ৰুড তেল ক্ৰয় কৰিব নোৱাৰিলে স্বাভাৱিকভাৱেই পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধি পাব পাৰে। দেশত ইন্ধনৰ মূল্য উঠা-নমা নিৰ্ভৰ কৰে ভাৰতে কোনখন দেশৰ পৰা তেল ক্ৰয় কৰিছে, বিশ্ববজাৰত ক্ৰুড তেলৰ মূল্য কিমান আৰু ডলাৰৰ তুলনাত ভাৰতীয় মুদ্ৰাৰ মূল্য কিমান, তাৰ ওপৰত।
ৰাছিয়াৰ পৰা কিমান তেল-ইন্ধন ক্ৰয় কৰে ভাৰতে?
২০২২ চনৰ পৰা ভাৰতে ৰাছিয়াৰ তেলৰ সৰ্ববৃহৎ ক্ৰেতা হিচাপে পৰিগণিত হৈ আহিছে। পশ্চিমীয়া দেশসমূহে ৰাছিয়াৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ সময়ত ৰাছিয়াই ৰেহাই মূল্যত, কম দামত তেল বিক্ৰী কৰিছিল।
২০২৬ বিত্তীয় বৰ্ষত ভাৰতে ৪০.৮ বিলিয়ন ডলাৰৰ ৰাছিয়ান ক্ৰুড তেল আমদানি কৰিছে। ভাৰতলৈ আমদানি কৰা তেলৰ ৫১ শতাংশই ৰাছিয়াৰ পৰা আহে।
ভাৰতে নিজৰ মুঠ চাহিদাৰ ৮৮ শতাংশ ক্ৰুড তেলেই আমদানি কৰে। হঠাতে যদি ৰাছিয়াৰ পৰা তেল আমদানি বন্ধ কৰি দিয়া হয়, তেন্তে বৃহৎ সংকটৰ সৃষ্টি হ’ব পাৰে। কাৰণ তেনে পৰিস্থিতিত ভাৰতক বিপুল পৰিমাণৰ ক্ৰুড তেল আমদানিৰ বাবে বিকল্প যোগানকাৰী দেশ বিচাৰিব লাগিব। সেই ক্ষেত্ৰত খৰচ অধিক বৃদ্ধি পাব পাৰে। তাৰ প্ৰভাৱ পোনপটীয়াকৈ পেট্ৰ’ল-ডিজেলৰ দামতো পৰিব পাৰে বুলি আশংকা কৰা হৈছে।
ৰাছিয়াৰ উপৰি ভাৰতে মধ্যপ্ৰাচ্য, আফ্ৰিকা আৰু আমেৰিকাৰ পৰাও তেল আমদানি কৰে।






























