SaudiArabia : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: ক্ৰমাৎ মধ্যপ্রাচ্য যুদ্ধৰ অধিক প্ৰসাৰ ঘটাৰ আশংকা প্ৰবল হৈছে। এই যুদ্ধত নতুন নতুন দেশ অচিৰে জড়িত হোৱাৰ সম্ভাৱনায়ো দেখা দিছে। এনে আশংকা প্রকট কৰি ইছলাম ধৰ্মীসকলৰ পবিত্ৰ স্থান মক্কাত য়েমেনৰ হুথি বাহিনীয়ে আক্রমণ কৰাত বিশ্বজুৰি ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি হৈছে। হুথিৰ এই কাৰ্যক লৈ জাঙৰ খাই উঠিছে সমগ্ৰ বিশ্বৰ ডেৰশ কোটি মুছলমান।
ছৌদি আৰবে অভিযোগ কৰা অনুসৰি বুধবাৰে নিশা হুথিয়ে মক্কালৈ এখন ড্র’ন নিক্ষেপ কৰে। মক্কাত আক্ৰমণৰ উদ্দেশ্যে হুথিয়ে প্ৰেৰণ কৰা ড্ৰ’নখন ছৌদি বাহিনীয়ে মক্কা চহৰৰ ওচৰত গুলীয়াই ভূপতিত কৰে বুলি ছৌদি আৰব চৰকাৰে দাবী কৰিছে। অৱশ্যে মক্কাত আক্ৰমণৰ চেষ্টা চলোৱাৰ অভিযোগ খণ্ডন কৰিছে হুথি বাহিনীয়ে। বাহিনীটোৰ মুখপাত্র হাজেম অল-আছাদে কয়, ‘মক্কাত হুথিয়ে আক্ৰমণৰ চেষ্টা চলোৱা বুলি যি প্ৰচাৰ চলোৱা হৈছে সেয়া ম্যাদ উকলা মিথ্যাচাৰ। এনে মিথ্যাচাৰ পূৰ্বে ব্যৱহাৰ কৰা হৈছিল, এতিয়া আৰু এনে মিথ্যাচাৰে কাকো মূর্খ বনাব নোৱাৰে।’
উল্লেখ্য যে শেহতীয়াভাবে প্রচণ্ড উত্থান ঘটা ইৰান সমর্থিত য়েমেনৰ হুথি বাহিনীয়ে মধ্যপ্রাচ্যৰ পৰা তেল সৰবৰাহত ব্যৱহৃত এটা গুৰুত্বপূর্ণ জলপথ দখল কৰি ৰাখিছে। ইয়াকে লৈ ছৌদি আৰবে তীব্র আপত্তি দর্শাই অহাৰ সময়তে হুথি বাহিনীয়ে স্বয়ং মক্কাতে আক্ৰমণৰ চেষ্টা চলোৱা বুলি অভিযোগ উত্থাপন হৈছে। বাহিনীটোৰ এই কাণ্ডক লৈ সমগ্ৰ বিশ্বৰ ডেৰশ কোটি মুছলমান লোকক প্রতিনিধিত্ব কৰা তথা ৫৭ খন ইছলামিক দেশ সদস্য ৰাষ্ট্ৰৰূপে থকা ‘দ্য অর্গেনাইজেচন অব ইছলামিক কপাৰেছন’ (অ’আইচি)-এ তীব্র প্রতিবাদ প্রকাশ কৰিছে।
হুথিৰ এই কাণ্ডক ‘জঘন্য’ আখ্যা দি সংগঠনটোৱে কয়, ‘এই আক্রমণে প্রকৃত ক্ষেত্ৰ আৰু মছজিদৰ বিশুদ্ধতা উলংঘা কৰিলে আৰু নিৰীহ লোকৰ মনত ভয় ৰোপণ কৰিলে।’ আনহাতে, ছৌদি বাহিনীয়ে যোৱা নিশা মক্কাৰ ওচৰত ড্র’নখন গুলীয়াই ভূপতিত কৰাৰ পাছতে মক্কা মহানগৰীত ছৌদি আৰবে সতৰ্কতা জাৰি কৰে। হুথিৰ মক্কা আক্ৰমণৰ ব্যৰ্থ চেষ্টাক কাপুৰুষালি বুলি অভিহিত কৰিছে ছৌদি আৰব চৰকাৰে।
লক্ষ্যণীয়ভাৱে হুথিৰ এই আক্ৰমণৰ পাছতে ছৌদি আৰব চলিত মধ্যপ্রাচ্য যুদ্ধত অধিক জড়িত হোৱা বুলি চর্চা হৈছে। এই ক্ষেত্ৰত আৰু এক লক্ষ্যণীয় দিশ হ’ল যে ছৌদি আৰবৰ স’তে তুৰস্ক আৰু পাকিস্তানৰ সামৰিক চুক্তি আছে। এই চুক্তি অনুসৰি যুদ্ধৰ সময়ত এখনে আনখন দেশক সহায় কৰাৰ প্ৰতিশ্রুতি আছে। গতিকে বন্ধুদেশৰূপে মধ্যপ্রাচ্যৰ যুদ্ধত তুৰস্ক আৰু পাকিস্তানো জড়িত হ’ব বুলি ব্যাপক চর্চা হৈছে। লক্ষ্যণীয়ভারে ‘অর্গেনাইজেচন অব ইছলামিক কপাৰেছন’ শীর্ষক সংগঠন ছৌদি আৰবৰ নেতৃত্বত গঠিত হৈছে।
আনহাতে, ছৌদি বাহিনী নেতৃত্বাধীন মিত্র বাহিনীৰ মুখপাত্র তুর্কি অল-মালিকীয়ে কয় যে এটা দশকৰ পাছত প্ৰথমবাৰৰ বাবে হুথিয়ে পুনৰ মক্কাক আক্ৰমণৰ লক্ষ্য কৰি ল’লে। হুথিক ইয়াৰ প্ৰত্যুত্তৰ দিবলৈ মিত্র বাহিনী সষ্টম বাহিনী হৈছে বুলিও অল-মালিকীয়ে সদৰী কৰিছে।
আৰামকোৰ কাৰ্যালয়ত আক্ৰমণৰ দাবী
ছৌদি আৰবৰ অর্থনীতিলৈ অন্যতম মূল অৱদান আগবঢ়াই অহা দেশখনৰ বিখ্যাত তৈল প্রতিষ্ঠান আৰামকো কার্যালয়ত আক্রমণ সংঘটিত কৰা বুলি দাবী কৰিছে হুথি বাহিনীয়ে। সংগঠনটোৱে কালি এই দাবী কৰি কয় যে আৰামকোৰ য়াম্বুস্থিত কার্যালয় আৰু খামিছ মুছেইতস্থিত বিমানকোঠতো আক্রমণ সংঘটিত কৰা হৈছে। কেৱল সেয়াই নহয়, আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা ছৌদি আৰবে আমদানি কৰা দ্বৈত ইঞ্জিনযুক্ত এখন অত্যাধুনিক এফ-১৫ যুদ্ধ বিমানো গুলীয়াই ভূপতিত কৰা বুলি হুথি বিদ্রোহীয়ে দাবী কৰিছে।
সংগঠনটোৱে দাবী কৰা অনুসৰি, ছৌদি আৰবৰ এই অত্যাধুনিক যুদ্ধ বিমানে য়েমেনৰ মধ্য মাৰিব প্ৰদেশৰ আকাশমাৰ্গত উৰি থকাৰ সময়ত ভূপতিত কৰা হয়। অৱশ্যে যুদ্ধ বিমানখন ভূপতিত কৰাৰ কোনো প্রমাণ হুথিয়ে দিব পৰা নাই। এই সম্পৰ্কত হুথিৰ সামৰিক মুখপাত্র ব্রিগেডিয়াৰ জেনেৰেল য়াহিয়া ছাৰিয়েও বিমানখন ধ্বংস কৰাৰ নিৰ্দিষ্ট স্থানৰ কথা প্রকাশ কৰা নাই।
অমানৰ মাজেৰে ছৌদি আৰবৰ তেল প্ৰেৰণ: হ্রাস পালে খাৰুৱা তেলৰ মূল্য
ইতিমধ্যে ইৰান যুদ্ধৰ পাছৰে পৰা হৰমুজ প্রণালী বন্ধ হৈ থকাৰ সময়তে হুথিয়ে মধ্যপ্রাচ্যৰ পৰা তেল সৰবৰাহ কৰা আন এটা গুৰুত্বপূৰ্ণ জলপথ দখল কৰাৰ ফলত আন্তর্জাতিক বজাৰত খাৰুৱা তেলৰ অত্যধিক মূল্য বৃদ্ধি হৈছে যদিও আজি কিছু পৰিমাণে ইয়াৰ মূল্য হ্রাস পায়। ইয়াৰ কাৰণ হৈছে ছৌদি আৰবে অ’মান হৈ বিশ্বৰ বজাৰলৈ অতিৰিক্ত খাৰুৱা তেল প্ৰেৰণ কৰিবলৈ লৈছে। তৎসত্ত্বেও কালি ইউৰোপৰ বজাৰত ডিজেলৰ মূল্য বৃদ্ধিয়ে অভিলেখ স্থাপন কৰে।
হুথিয়ে দখল কৰিলে ছৌদি আৰবৰ লোহিত সাগৰৰ উপকূল
বিগত কিছুদিনৰ পৰা অধিক ভয়াৱহ ৰূপ ধাৰণ কৰা হুথি বিদ্রোহীয়ে আজি বিগত কিছু বছৰৰ ভিতৰতে সৰ্ববৃহৎ সামৰিক সফলতা অর্জন কৰে। আব্দুল মালিক অল-হুথি নেতৃত্বাধীন বাহিনীটোৱে কালি ছৌদি আৰবৰ লোহিত সাগৰৰ উপকূলৰ বৃহৎ ভূভাগ দখল কৰে। ইয়াৰ লগে লগে ছৌদি আৰবৰ তেল সৰবৰাহত আন এক প্রচণ্ড বাধা সৃষ্টিৰো আশংকা প্রবল হৈছে। দেশখনৰ এই ভূভাগ দখলৰ ফলত হুথিয়ে ইতিমধ্যে দখল কৰা বাব অল-মান্দেব প্রণালী অধিক নিয়ন্ত্ৰণৰ সুবিধা অৰ্জন কৰিলে। ফলত বিশ্বৰ বজাৰত অচিৰে খাৰুৱা তেলকে ধৰি বিভিন্ন সামগ্ৰীৰ প্ৰচণ্ড মূল্যবৃদ্ধি ঘটাৰ আশংকা প্রবল হৈছে। উল্লেখ্য যে যোৱা সপ্তাহতে হুথিয়ে বাব অল-মাণ্ডেব জলপথ নিজৰ কজালৈ নিয়ে। ফলত বিশ্বৰ বজাৰত খাৰুৱা তেলৰ মূল্য পুনৰ আকাশলংঘী হয়। আজি সংগঠনটোৱে ছৌদিৰ ভূভাগৰ এক বৃহৎ অংশ দখল কৰাত এই আশংকা দুগুণে বৃদ্ধি পাইছে। ইয়াৰ পৰিণাম স্বাভাৱিকতে ভাৰতেও ভোগ কৰিবলগীয়া হ’ব পাৰে।






























