Kaliabar:
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:ভয়ংকৰ কাণ্ডৰ পাছতে সাৰ পালে বিয়াগোম জনস্বাস্থ্য কাৰিকৰী বিভাগে। যোৱা ১২ ছেপ্টেম্বৰত কলিয়াবৰত এক শনি পূজাৰ প্ৰসাদ গ্রহণ কৰাৰ পাছত শিশু-মহিলাসহ ১৬০ খনৰো অধিক লোক আক্রান্ত হোৱাৰ ঘটনাৰ সম্প্ৰতি প্ৰকৃত কাৰণ পোহৰলৈ আহিছে যে দুষিত পানীৰ পৰা হোৱা কলফর্ম বেক্টেৰিয়াৰ সংক্ৰমণতহে এই ভয়ংকৰ ঘটনা সংঘটিত হয়।
এই তথ্য পোহৰলৈ অহাৰ পাছতহে প্রশাসন আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগে বেক্টেৰিয়াৰ উৎসস্থল তিনিটা নলীনাদ ছীল কৰিছে। ইয়াকে লৈ ৰাইজৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে। কাৰণ অত বছৰে অঞ্চলটোৰ পানী নমুনাৰ পৰীক্ষা কৰা নাছিল জনস্বাস্থ্য কাৰিকৰী বিভাগে। ফলত এই ডেৰ শতাধিক লোক একেলগে অসুস্থ হ’বলগীয়া হয়। আজিও এক পৃষ্ঠাৰ পৰা ইয়াৰে ১৬০ জন লোক চিকিৎসাধীন হৈ আছে।
উল্লেখ্য যে যোৱা ১২ ছেপ্টেম্বৰত লাওখোৱা গাঁও পঞ্চায়তৰ অন্তৰ্গত পশ্চিম হৰিভঙা গাঁৱৰ শনি মন্দিৰত আয়োজিত পূজাত প্রসাদ গ্ৰহণ কৰাৰ পাছতহে এজনৰ পাছত আনজনকৈ ১৬০ জনতকৈ অধিক লোক ডায়েৰিয়া, পেটৰ বিষ আদিত আক্রান্ত হয়। পাছত আক্রান্তসকলক জখলাবন্ধাস্থিত কলিয়াবৰ সমজিলা চিকিৎসালয়ৰ লগতে নগাঁও আৰু তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়।
প্রথম অৱস্থাত ঘটনাটো খাদ্য বিষক্রিয়াজনিত বুলি সন্দেহ কৰা হৈছিল যদিও সম্প্রতি এই সন্দেহ অমূলক হৈছে। আনহাতে, ঘটনাৰ পাছতে স্থানীয় ৰাইজৰ দাবীত জনস্বাস্থ্য কাৰিকৰী বিভাগে এই মন্দিৰৰ আশে-পাশে থকা তিনিটা হাত নলীনাদৰ পানীৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষা কৰে।
পৰীক্ষাত তিনিওটা উৎসতে মাৰাত্মক কলিফর্ম বেক্টেৰিয়াৰ উপস্থিতি ধৰা পৰে। সূত্ৰই জনোৱা মতে, পূজাৰ প্ৰসাদ প্রস্তুত কৰোতে আৰু হাত-মুখ ধুওতে এই দূষিত নলীনাদৰ পানী ব্যৱহাৰ কৰা হৈছিল। ফলত গণ অসুস্থতাৰ ঘটনাটো সংঘটিত হয়। সম্প্রতি বিভাগে এই তিনিওটা নলীনাদ বন্ধ কৰাৰ লগতে ওচৰ-পাঁজৰৰ নলীনাদসমূহ বীজাণুমুক্ত কৰিছে। তদুপৰি উন্নত পৰীক্ষাৰ বাবে পানীৰ নমুনা সংগ্ৰহ কৰি নগাঁৱৰ জিলা পৰীক্ষাগাৰলৈ বিভাগে প্ৰেৰণ কৰিছে।
# কি এই কলিফর্ম বেক্টেৰিয়া
কলিফর্ম হৈছে বেক্টেৰিয়াৰ এটা বৃহৎ গোট। এইবোৰ সাধাৰণতে মানুহ আৰু জীব-জন্তুৰ অস্ত্রত, মাটি আৰু পানীত পোৱা যায়। নিজে কলিফর্মে পোনপটীয়াকৈ ৰোগ সৃষ্টি নকৰিলেও, খোৱাপানীত ইয়াৰ উপস্থিতিয়ে এক ভয়ংকৰ বিপদৰ সংকেত দিয়ে। ইয়াৰ অৰ্থ হৈছে পানী মল-মূত্র বা পচন সাৰ পদাৰ্থৰে দূষিত হৈছে আৰু তাত ‘ই-কলি’ টাইফয়েড, কলেৰাৰ দৰে মাৰাত্মক বীজাণু থাকিব পাৰে।
এ
ই দূষিত পানী খালে ডায়েৰীয়া, তেজযুক্ত শৌচ, বমি, পেটৰ বিষ, টাইফয়েড, জণ্ডিচ আনকি কলেৰা আদি ৰোগ হ’ব পাৰে। বিশেষকৈ শিশু আৰু বৃদ্ধসকলৰ বাবে ই অতি বিপজ্জনক। প্রাথমিক তদন্তত দেখা গৈছে যে ছল কৰা তিনিওটা নলীনাদৰ পাইপত ফাট আৰু ভঙা অংশ আছিল। সেই ফাটেৰেই মাটিৰ পৰা বেক্টেৰিয়া পানীত প্ৰৱেশ কৰিছিল। তদুপৰি নলীনাদৰ ওচৰতে থকা অপৰিষ্কাৰ পৰিৱেশ আৰু শৌচাগাৰৰ নৈকট্যই এই প্ৰদূষণ বৃদ্ধি কৰিছে।
# ৰাইজৰ মাজত আতংক
খাদ্য বিষক্রিয়া নহয়, মাৰাত্মক বেক্টেৰিয়া সৃষ্টি কৰা এই ভয়ানক কাণ্ডক লৈ স্বাভাৱিকতে স্থানীয় ৰাইজৰ মাজত আতংকৰ সৃষ্টি হৈছে। ইয়াকে লৈ উদ্বিগ্ন স্থানীয় এজন লোকে কয়, ‘এই ঘটনা অতি ভয়ানক। আমি বহু বছৰ ধৰি নলীনাদৰ পানী পান কৰি আহিছো। প্রশাসনে আমাৰ অঞ্চলৰ প্ৰতিটো নলীনাদৰ পানী পৰীক্ষা কৰিব লাগে।’ ইপিনে, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়াসকলে প্রকাশ কৰা মতে ‘দূষিত নলীনাদকেইটা স্থায়ীভাবে বন্ধ কৰা হৈছে। সমগ্র অঞ্চলটো বীজাণুমুক্ত কৰা হৈছে আৰু অন্যান্য উৎসসমূহ নিৰীক্ষণ কৰা হৈছে। ৰাইজক পানী উতলাই খাবলৈ আহ্বান জনোৱা হৈছে।’
উল্লেখ্য যে এই পর্যন্ত কিছু লোক সুস্থ হৈ ঘৰলৈ উভতিছে যদিও এতিয়াও ১৬০ জনৰো অধিক লোক, তাৰ ভিতৰত বহু শিশু আৰু বৃদ্ধ নগাঁও আৰু তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে। চিকিৎসকে তেওঁলোকৰ অৱস্থা সুস্থিৰ বুলি জনাইছে।
ADVERTISEMENT






























