Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    CJPৰ আন্দোলনত যোগদানৰ ইচ্ছা প্ৰকাশৰ পিছতে চৰ্চাত ধ্ৰুৱ ৰাঠী

    জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত CJPৰ প্ৰতিবাদ, দিল্লীত নজিৰবিহীন নিৰাপত্তা ব্যৱস্থা

    পুনৰ উত্তপ্ত মণিপুৰ, কামজঙত মহিলাক গুলীয়াই হত্যা কৰাৰ অভিযোগ

    অভিজিৎ দীপকেৰ বাবে আহিল বেয়া খবৰ! ককৰোচ জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকেৰ আইতাকৰ মৃত্যু

    দিল্লীত আটক মমতা বেনাৰ্জী , ভোট চুৰিৰ অভিযোগত চাউথ এভিনিউত ধৰ্ণাত বহিছিল প্ৰাক্তন মুখ্যমন্ত্ৰী

    আকাশত এইবাৰ দেখা যাব ‘চিকাৰীৰ চন্দ্ৰ’

    আকাশত এইবাৰ দেখা যাব ‘চিকাৰীৰ চন্দ্ৰ’

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Zuben Garg Tribute:ন্যায়ৰ প্ৰাৰ্থনা-বেদনাৰ চকুলো একাকাৰ

জুবিনক্ষেত্ৰত তৰুণ প্ৰজন্মৰ পৰা হুইল চেয়াৰলৈ প্ৰাণৰ শিল্পীৰ গুণমুগ্ধৰ সমাৱেশ, ভক্তিৰস-ভিন্ন ধর্মী-ভাষীৰ কলাজত পৰিণত সমাধি ক্ষেত্র, আমাক এজন জুবিন লাগে

publisher by publisher
September 18, 2026
in Assam, News
Reading Time: 2 mins read
0
Zuben Garg Tribute:ন্যায়ৰ প্ৰাৰ্থনা-বেদনাৰ চকুলো একাকাৰ
1
SHARES
9
VIEWS
ShareShareShareShare

RelatedPosts

জুবিনক কি কাৰণত-কি ধৰণে-কি পৰিৱেশত হত্যা কৰা হ’ল সাঁথৰ হৈয়ে ৰ’ল

জুবিনে বিচৰা অসমেই উজলিল সমাধিত

জুবিন গাৰ্গৰ স্মৃতিত মানৱতাৰ সেৱা: বানপীড়িত ২৩৭ ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্ম আৰু বহী বিতৰণ সেউজী বসুন্ধৰাৰ

Zuben Garg Tribute:

দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:নামতীৰ নাম-কীৰ্তন চলি আছে। প্ৰাণৰ শিল্পীৰ সমাধিত ধূপ-নৈবেদ্যৰে অনুৰাগীয়ে শ্রদ্ধাঞ্জলি জ্ঞাপন কৰি আছে। ধূপৰ গোন্ধ, ফুলৰ নিৰ্যাসৰ এক পবিত্র সমাহিত, বেদনাভৰা পৰিৱেশ। নামতীৰ পৰিবেশনৰ বিৰতিৰ মাজতে মাইকত ভাহি আহিছে ‘জয় জুবিনদা’, ‘জুবিন গাৰ্গ অমৰ হওক’। বিগত বৰ্ষত ১৯ ছেপ্টেম্বৰত সমগ্র অসমবাসীক শোকৰ অথাই সাগৰত পেলাই থৈ সুদূৰ ছিংগাপুৰৰ সাগৰত প্রাণ হেৰুৱাইছিল অসমৰ হিয়াৰ আমঠু প্ৰাণৰ শিল্পী জুবিন গার্গে। সেইদিন ধৰি আৰু আজিও, হয়তো অনাদি অনন্ত কাললৈ ‘জয় জুবিনদা’ ধ্বনিত হৈ থাকিব। অমৰত্বৰ ধ্বনিও প্রতিধ্বনিত হৈ ৰ’ব এইখন অসমত আৰু পৃথিবীৰে বহু জুবিন প্ৰেমীৰ মাজত।
মহানগৰীৰ পার্শ্বৱর্তী সেউজ পাহাৰৰে ঘেৰা সোণাপুৰৰ জুবিন ক্ষেত্ৰত আজিৰ পৰা আৰম্ভ হৈছে জুবিন দিৱস উদযাপন। ছেপ্টেম্বৰৰ মাজভাগৰ এই দিনতো গ্রীষ্মই প্রকৃতিক এৰি দিয়া নাই যদিও সমাধি ক্ষেত্রত অভাৱ নাছিল জনতাৰ। অহাজন আহিছে, যোৱাজন ঘৰমুৱা হৈছে। প্ৰাণৰ শিল্পীক এবাৰ চাবলৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ব্যাকুল হৈ আহিছে নামতীৰ দল, আবাল-বৃদ্ধ-বনিতা আৰু হুইল চেয়াৰত বহা জনো তথা বিশেষভাৱে সক্ষম লোক।
শিৱসাগৰৰ এনাজৰী মহিলা চ’ৰাৰ নমতীসকল এইবাৰ প্ৰথমবাৰৰ বাবে জুবিন ক্ষেত্রলৈ আহিছে। জুবিনে বিচৰা সোণৰ অসম তেওঁলোকৰ কাম্য। সকলো জাতি-ধর্ম-ভাষাৰ লোকে একেলগে মৰম-চেনেহৰ এনাজৰীৰে বান্ধ খাই থকা অসমখন বিচৰা এনাজৰীৰ সদস্যসকলে সদায়ে প্ৰাণৰ শিল্পী সত্তা বুকুত কঢ়িয়াই ফুৰে। আজি অহা দলটোৰ মহিলাসকলে কয়, ‘আমি জুবিনক সদায়ে মনত পেলাওঁ। যিকোনো অনুষ্ঠান প্ৰাণৰ শিল্পীৰ ‘মায়াবিনী’ গীতৰে আৰম্ভ কৰো।
জুবিন গাৰ্গক আমি সদায়ে অন্তৰত ৰাখিছো। তেওঁ আমাৰ মজত কায়িকভাবে নাই যদিও আজীৱন তেওঁ অসমৰ সমাজ-সংস্কৃতি, নৱপ্ৰজন্মৰ উন্নয়নৰ বাবে প্রচেষ্ট কৰিছিল। সকলো াতি-জনগোষ্ঠীৰ মিলা-প্ৰীতিৰ তেওঁ কামনা কৰিছিল। সোণৰ অসম আছিল তেওঁৰ একান্তই কাম্য। সেই সোণৰ অসমখন যতে বাস্তৱায়িত হয়, আজি আমি তাকেই কামনা কৰি ইয়াত এভাগি দিহানাম পৰিবেশন কৰিম।’ তেওঁলোকে কয়, ‘জুবিন পুনৰ এই পৃথিৱীলৈ আহিব বুলি আমি আশাবাদী। মানুহ আশা লৈ জীয়াই থাকে। কায়িকভারে নাই যদিও তেওঁ আমাৰ মজত আছে। আমি এই কথা পদে পদে অনুভৱ কৰো। আমি আশা কৰো যে তেওঁ পুনৰ আমাৰ মাজলৈ কায়িকভাবে আহিব।’
# আমাক ন্যায় লাগে
সোণাপুৰৰ প্ৰভা দাস নামৰ মহিলাগৰাকীয়ে সিক্ত নয়নৰে ক’লে, ‘কেতিয়ানো তেওঁ বিচাৰ পাব, দিনে-বাতিয়ে সেই কথাই মনলৈ আহে।’ তেওঁ বৰ আফচোচৰে কয়, ‘আগতে আমি জোনালীত জুবিনৰ ষ্টুডিঅ’ৰ কাষতে ভাড়া ঘৰত আছিলো। কেতিয়াও ব্যক্তিগতভাৱে লগ পোৱা নাই। জুবিনৰ গান শুনো, কেতিয়াবা ৰাস্তাত দেখিছিলো ইমানেই। ওচৰত গৈ লগ নকৰিলো কাহানিও। কাৰণ সদায়ে দেখিছিলো। ওচৰতে আমি আছিলো। এতিয়া বৰ অনুতপ্ত হওঁ যে কিয় এদিনো তেওঁক লগ কৰিবলৈ আমি নগ’লো। জুবিনৰ গান সদায় শুনো। আগতে জুবিনৰ গান শুনিলে মনটো আনন্দৰে ভৰিছিল। এতিয়া বিষাদে হেঁচা মাৰি ধৰে। কিন্তু বেয়া লাগিলেও জুবিনৰ গান নুশুনাকৈ থাকিব নোৱাৰো। মনটো দুখ লাগে তথাপি শুনো।’ প্রভা দাস আৰু তেওঁৰ কন্যা জাহরী দাস দুয়ো বহু সময় ধৰি নাম, কীর্তনৰে ভৰা এক মায়াময় পৰিৱেশৰ মাজত ডুব গৈ আছিল। জাহ্নবীয়েও জুবিনক বিৰাট ভাল পায়। তেওঁলোকৰ মনত এটাই চিন্তা যে কেতিয়া জুবিনে ন্যায় বিচাৰ পাব। সেইদিনটোলৈ গভীৰ আশাৰে অপেক্ষা কৰি আছে বুলি ক’লে।
দুই ভগ্নী জিমি কোঁৱৰ, ৰিমি ডেকা আৰু মাতৃ জয়ন্তী কোঁৱৰ। প্ৰায় জুবিনক্ষেত্রলৈ আহে তেওঁলোক। জিমিয়ে কয়, ‘মাজে মাজে আমি আহি থাকো। দাদাৰ কথা মনত পৰিলেই আহো। বেয়া লাগিছে মনটো। দাদাই ন্যায় পাওক। আমি সেই প্রার্থনাই কৰিলো। শান্তিৰে থাকক দাদা। দাদাৰ কথা কওতে গাৰ নোম শিয়ৰি উঠিছে। আমি বন্ধে বন্ধে তেওঁক অনুভৱ কৰো। ৰিমিয়ে কয়, ‘মনটো ভালো লাগিছে এই দেখি যে ইমান মানুহে তেওঁক উপাসনা কৰিছে, তেওঁ ন্যায়প্ৰাপ্তিৰ বাবে প্রার্থনা কৰিছে আৰু মনটো বেয়া লাগে যে আমি কি হেৰুৱালো।’ মাতৃ জয়ন্তীয়ে কয়, ‘কি ক’ব আৰু! নিজৰ ল’ৰাৰ নিচিনা আছিল।
কেতিয়াও মই জুবিনক লগ পোৱা নাই। অনুষ্ঠানো চোৱা নাই। কিন্তু গানবোৰ বৰ ভাল লাগে। হৰিনামবোৰ শুনি থাকো।’ তেওঁলোকে সমস্বৰে কয়, ‘আমি জুবিনক সদায়ে আশীর্বাদ কৰো। তেওঁ ন্যায় পাবই। এদিন হ’লেও পাব। দাদাৰ কথা মনত পৰিলেই চকুপানী ওলায়। তেওঁলোকে এই কথাখিনি কওতে চকু চলচলীয়া হৈ পৰে। আমি যুৱ প্ৰজন্মই কিদৰে মনত ৰাখিম মৰমৰ জুবিন গাৰ্গক মহানগৰীৰ নাৰেংগী অঞ্চলৰ এটা ছাত্ৰীৰ দলে প্ৰাণৰ শিল্পীৰ বাবে প্রার্থনা কৰে। তেওঁলোকে কয়, ‘তেওঁৰ গান শুনিয়ে আমি মনত ৰাখিম। তেওঁৰ কথাবিলাক আমি মনত ৰাখিম।
তেওঁ কাকো খাতিৰ কৰা নাছিল। সেইকাৰণে আমি তেওঁক ভাল পাওঁ। তেওঁৰ গান আমি যিদৰে ভাল পাওঁ সেইদৰে সাহসী জুবিন গাৰ্গক, সেও নমনা জুবিন গাৰ্গক আমি ভাল পাওঁ। আমিও যতে ভবিষ্যতে তেওঁৰ দৰে সাহসী-অগ্রণী হ’ব পাৰো। সেয়াও আমাৰ আশা আছে।’ এই ছাত্রীসকলে স্নাতকোত্তৰ শ্ৰেণীত অধ্যয়ন কৰি আছে। ৰূপলেখা দাস, কংকনা বৈশ্যকে ধৰি প্ৰায় ১০ গৰাকী ছাত্রীয়ে একেলগে আজি সমাধিলৈ আহিছে। তেওঁলোকে কয়, ‘জুবিন আমাৰ সাহস, আমাৰ দৃঢ়তা। আমি নতুন প্রজন্মই জুবিন গাৰ্গক মনত ৰাখিব লাগিব। এয়া আমি দায়িত্ব হিচাপে লৈছো।
আমি নিজৰ মাজতে তেওঁৰ কথা পাতিম, ভাবো যে এনে অবাঞ্ছিত ঘটনা হ’ব নালাগিছিল। আমি জুবিন গার্গে ন্যায় পোৱাটো বিচাৰো।
জুবিনদাই যাতে সোনকালে ন্যায় পায় তাৰ বাবে আমি প্রার্থনা কৰিছো। জুবিনদাক আমি পুনৰ আমাৰ মাজত বিচাৰো। আমাক এজন জুবিন গাৰ্গ লাগে। তেওঁৰ দৰে মানুহৰ আমাৰ প্ৰয়োজন আছে। তেওঁ আমাৰ বাবে বহুত কৰি থৈ গৈছে। আমি কোনো কামেই কৰোতে ভয় ভাব মনত ৰাখিব নালাগে, আগবাঢ়ি যাব লাগে। এইবোৰ কথা তেওঁ কৈ গৈছে।’ মন গ’লে তেওঁলোক সমাধি ক্ষেত্রলৈ আহে বুলিও ক’লে।

# সকলো জাতি-ধৰ্মৰ কথা কৈছিল জুবিনে

বৰপেটাৰ কাটাঝাৰৰ পৰা আহিছে কৰ্কট ৰোগত আক্রান্ত বাৰেক আলী, তেওঁৰ পত্নী চামচুন নেছা (নামটো সলাই দিয়া হৈছে), পুত্র ছফিকুলসহ এটা দল। বাৰেক আলীয়ে কয়, ‘জুবিন গাৰ্গ এজন সহজ-সৰল মানুহ আছিল। তেওঁ আমাৰ সকলোৰে বাবে গান গাইছিল। আমি কালপানীত তেওঁৰ ফাংচন চাইছিলো। তেওঁৰ মৃত্যুত আমাৰ গাঁৱৰ মানুহে খুব কান্দিছিল।’ বিএছচি চূড়ান্ত বৰ্ষৰ ছাত্ৰ ছফিকুলৰ মাতৃগৰাকীয়ে কয়, ‘আমাৰ প্ৰতি তেওঁৰ প্ৰেম-মহব্বত আছিল।
সেয়েহে আমিও তেওঁক ভাল পাওঁ। ময়ো কান্দিছিলো তেওঁৰ মৃত্যুত। তেওঁ সকলো ধৰ্মৰ মানুহক সমান বুলি ভাবিছিল-ভাল পাইছিল। তেওঁ জাতি-ধৰ্মৰ বিচাৰ কৰা নাছিল। সকলোকে মানুহ বুলি সমানে ভাবিছিল। আমাৰ ইমান শিক্ষা-দীক্ষা নাই। কথাবোৰ ভালদৰে ক’ব নাজানো। তেওঁ সকলো ধর্মই পালন কৰিছিল। মোৰ ধৰ্মকো তেওঁ সম্মান কৰিছিল।
তেওঁৰ এটা গান শুনিলে মই এতিয়াও কান্দো। তেওঁৰ ‘মাঝি যে, মাঝি যে, সুজন মাঝি যে, আমি জীয়ন সাগৰ পাৰি দেব, আমাই নিয়ে চল…। ‘তেওঁ পুনৰ কয়, ‘নদীৰ কূলে হইবে বাসৰ অন্তিম কালে…’ এই গানে চকুলো নমাই আনে। সময় পালেই এইবোৰ গান শুনো। আমাৰ নদীৰ পাৰত ঘৰ। সাতবাৰ আমাৰ ঘৰ ভাঙিছে। পুৰণি ঘৰ আছিল চাপাখামাত। এতিয়া কাটাঝাৰত সামান্য মাটিত ঘৰ বান্ধিছো। বহু দুর্দশা গৈছে আমাৰ জীৱনত। মোৰ স্বামীৰ কেন্সাৰ হৈছিল। প্ৰায় তিনি বছৰ হ’ল। বহু টকা খৰচ হৈছে। আমাৰ নিচিনা মানুহক জুবিনৰ গানত বিচাৰি পাওঁ। আমি আমাৰ নিয়মৰে জুবিনৰ বাবে প্রার্থনা কৰিম। তেওঁৰ আত্মাৰ সদগতিৰ বাবে প্রার্থনা জনাম। তেওঁৰ ছবি মনত পেলাই প্রার্থনা কৰিম। জুবিনৰ মৰমতে আহিছো।
এইদৰে আজি প্রিয় শিল্পীৰ প্ৰথম মৃত্যুবার্ষিকীত আবেগিক হৈ পৰে তেওঁৰ অনুৰাগীসকল। হেজাৰ হেজ আৰু বিভিন্ন জাতি-জনগোষ্ঠী-ধর্মীয় লোকৰ উপস্থিতিত আজি এইদনেই এক মায়াময় ৰূপ ধাৰণ কৰে ব কায়িকভাৱে আঁতৰি গ’লেও সোণাপুৰৰ জুবিনক্ষেত্রই আজি পুনৰ প্রতীয়মান কৰিলে যে প্রিয় শিল্পীৰ অম প্রতিটো পল-অনুপলত কঢ়িয়াব অসমীয়াই। জুবিন চিৰদিনেই অসমীয়াৰ হৃদয়ৰ স্পন্দন হৈ থাকিব। এই জুবিনক্ষেত্রলৈ অহা প্রতিজনেই দঢ়াই দঢ়াই ক’লে। এই সমাধি ক্ষেত্রত উপস্থিত জুবিন পত্নী গৰিমা গাৰ্গকো সমান প্ৰদৰ্শন কৰা, মৰম-চেনেহ যচা দেখা যায়।
জুবিনক্ষেত্ৰৰ বাহিৰত মূলপথৰ বিপৰীত দিশত এখন বৃহৎ অস্থায়ী বজাৰ গা কৰি উঠিছে। এই বজাৰৰ এগৰাকী মহিলা যুগদলৰ জোনালী দলেই কয় যে বতৰৰ বিভিন্ন ফলমূল যেনে আনাৰস, তৰমুজ, বিলাতী অমৰা আদি তেওঁ কাটি বিক্রী কৰে। তেওঁ কয়, ‘জুবিনক আমি বৰ ভাল পাওঁ। তেওঁৰ গান মুখতে থাকে। জুবিন ক্ষেত্ৰৰ ভিতৰতে আমি সচৰাচৰ দোকান দিওঁ। আজি বাহিৰতে বহিছো। এদিন ইয়ালৈ নাহিলেই মনটো সেমেকি যায়। অদ্ভুত আকর্ষণ আছে এই জুবিনক্ষেত্ৰৰ। মানুহক যেন হাতবাউলি মাতে। এই কথা ইয়ালৈ অহা বহু মানুহে আমাক কয়।’
ইন্টৰনেট আৰু ছ’চিয়েল মিডিয়া প্লেটফর্মতো জুবিন অনুৰাগীয়ে মনৰ আবেগ ঢালি দিছে। অভিনেত্ৰী বৰবৰাণী বিষয়াকে ধৰি অসমৰ বহু তাৰকাই জুবিন গাৰ্গক সুঁৱৰি আবেগিক প’ষ্ট শ্বেয়াৰ কৰিছে।
ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: SONAPURZubeen Gargzubeen khetrazuben garg tribute
publisher

publisher

Related Posts

CJPৰ আন্দোলনত যোগদানৰ ইচ্ছা প্ৰকাশৰ পিছতে চৰ্চাত ধ্ৰুৱ ৰাঠী
India

October 10, 2026
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত CJPৰ প্ৰতিবাদ, দিল্লীত নজিৰবিহীন নিৰাপত্তা ব্যৱস্থা
India

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত CJPৰ প্ৰতিবাদ, দিল্লীত নজিৰবিহীন নিৰাপত্তা ব্যৱস্থা

October 10, 2026
পুনৰ উত্তপ্ত মণিপুৰ, কামজঙত মহিলাক গুলীয়াই হত্যা কৰাৰ অভিযোগ
India

পুনৰ উত্তপ্ত মণিপুৰ, কামজঙত মহিলাক গুলীয়াই হত্যা কৰাৰ অভিযোগ

October 10, 2026
অভিজিৎ দীপকেৰ বাবে আহিল বেয়া খবৰ! ককৰোচ জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকেৰ আইতাকৰ মৃত্যু
India

অভিজিৎ দীপকেৰ বাবে আহিল বেয়া খবৰ! ককৰোচ জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকেৰ আইতাকৰ মৃত্যু

October 10, 2026
দিল্লীত আটক মমতা বেনাৰ্জী , ভোট চুৰিৰ অভিযোগত চাউথ এভিনিউত ধৰ্ণাত বহিছিল প্ৰাক্তন মুখ্যমন্ত্ৰী
India

দিল্লীত আটক মমতা বেনাৰ্জী , ভোট চুৰিৰ অভিযোগত চাউথ এভিনিউত ধৰ্ণাত বহিছিল প্ৰাক্তন মুখ্যমন্ত্ৰী

October 10, 2026
আকাশত এইবাৰ দেখা যাব ‘চিকাৰীৰ চন্দ্ৰ’
News

আকাশত এইবাৰ দেখা যাব ‘চিকাৰীৰ চন্দ্ৰ’

October 10, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d