ArchaeologicalDiscovery : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : লাখ লাখ বছৰ পূৰ্বে বাংগালুৰুত বাস কৰিছিল মানুহে! শেহতীয়া এক বৈজ্ঞানিক অনুসন্ধানত এনে ইংগিত পোৱা গৈছে। উল্লেখ্য যে ২০১৬ৰ মে’ত বাংগালুৰু পানী যোগান আৰু পয়প্রণালী ব’র্ডে কাডিৰেনাহাল্লিত এটা পথৰ ভূগৰ্ভস্থ পানীৰ পাইপ মেৰামতি কৰোতে পাঁচটা প্রাচীন শিলৰ অস্ত্র উদ্ধাৰ হয়।
এই শিলৰ অস্ত্রসমূহক লৈ প্ৰাচীন বুৰঞ্জী আৰু পুৰাতত্ত্বৰ অৱসৰপ্ৰাপ্ত অধ্যাপক কে বি শিৱতাৰাকে এক গৱেষণা আৰম্ভকৰে। ঘটনাস্থলীৰ ওচৰতে বাস কৰা অধ্যাপকজনে এই শিলৰ টুকুৰাসমূহ পৰীক্ষা-নিৰীক্ষা আৰম্ভ কৰে। এইসমূহৰ স’তে তেওঁ পূর্বে সংগ্রহ কৰা প্ৰাচীন শিলৰ অস্ত্ৰৰ স’তে তুলনা কৰে।
তেওঁ পূর্বে তুমাকুৰু, মান্দ্যা আৰু চিত্রাদুর্গা জিলাৰ পৰা প্রাক্ ঐতিহাসিক কালৰ শিলৰ অস্ত্র উদ্ধাৰ কৰিছিল। ১০ বছৰ পূৰ্বে পানীৰ পাইপ মেৰামতি কৰোতে উদ্ধাৰ হোৱা শিলৰ অস্ত্ৰসমূহ প্রাচীন প্রস্তৰ যুগ বা পেলিঅ’লিথিক যুগৰ বুলি অধ্যাপকজনে দাবী কৰিছে।
এই প্রাচীন শিলৰ অস্ত্ৰসমূহৰ মাজত এখন কুঠাৰ, এটা হাতুৰী, এখিলা গছৰ পাতৰ আকৃতিৰ অস্ত্রও আছে। এইসমূহ বিশেষ ধৰণে তৈয়াৰী। অধ্যাপক শিৱ তাৰকৰ মতে এইসমূহ প্রাচীন মানুহে বিভিন্ন উদ্দেশ্যত তৈয়াৰ কৰিছিল। প্ৰাণীৰ চিকাৰতো এনে অস্ত্র প্রাচীন মানুহে ব্যৱহাৰ কৰিছিল।
গতিকে এইসমূহ অস্ত্র ব্যৱহাৰৰ বাবে বাংগালুৰুত চাৰি লাখ বছৰ পূৰ্বে মানুহে বাস কৰিব লাগিব বুলি তেওঁ মতপোষণ কৰিছে। অধ্যাপকজনে লগতে প্রকাশ কৰা অনুসৰি এই প্ৰাচীন শিলৰ অস্ত্রসমূহ উদ্ধাৰ হোৱা স্থানৰ নিকটৱৰ্তী কাংগেৰী অঞ্চলতো এনে ধৰণৰ প্ৰাচীন শিল পূৰ্বে উদ্ধাৰ হৈছিল।
বর্তমানেও এই শিলৰ অস্ত্রসমূহক লৈ তেওঁ অধ্যয়ন অব্যাহত ৰাখিছে। অৱশ্যে শিৱতাৰকে কৰা এই দাবী সকলো বুৰঞ্জীবিদ তথা পুৰাতত্ত্ববিদে গ্রহণ কৰা নাই। এই শিলৰ অস্ত্ৰবোৰ প্ৰকৃতাৰ্থতে প্রাচীন প্রস্তৰ যুগৰ হয় নে নহয় তাকে লৈ প্রশ্ন উত্থাপন কৰিছে, কর্ণাটক বিশ্ববিদ্যালয়ৰ পুৰাতত্ত্ব বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ৰবি ক’ৰি ছেতাৰে।
তেওঁ আঙুলিয়াই দিছে যে এই অস্ত্রসমূহ যি ধৰণৰ শিলৰে তৈয়াৰী তেনে শিলৰ কুৱেৰী বাংগালুৰুৰ ওচৰে-পাঁজৰে নাই। অধ্যাপক ছেতাৰৰ মতে এনে শিলৰ কুৱেৰী তুমাকুৰুৰ ওচৰতহে আছে। তৎসত্ত্বেও বাংগালুৰুত উদ্ধাৰ হোৱা এই শিলৰ অস্ত্ৰসমূহক লৈ ব্যাপক কৌতূহলৰ সৃষ্টি হৈছে।






























