GoldJewellery : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: শাৰদীয় দুর্গা পূজালৈ অধিক দিন নাই। শাৰদ উৎসৱৰ বতৰত বহুতে আন মূল্যবান সামগ্ৰীৰ লগতে সোণ বা সোণৰ আ-অলংকাৰ ক্ৰয়ৰো পৰিকল্পনা কৰে। তদুপৰি বিয়া-বাৰুৰ কথাও আছে! আপুনি সোণৰ ক্ষেত্ৰত নিশ্চয় শুনিছে কেৰেটৰ কথা।
অর্থাৎ ২৪, ২২, ১৮ আদি কেৰেটৰ সোণ বিক্ৰী হয়। তৎসত্ত্বেও বহুতৰে জ্ঞাত নহয় সোণৰ ক্ষেত্ৰত ব্যৱহৃত বিভিন্ন কেৰেটৰ পাৰ্থক্যৰ কথা। এই সম্পর্কত একাংশ বিশেষজ্ঞই ব্যাখ্যা আগবঢ়াইছে। এই সম্পৰ্কত একৰা জুৱেলাৰীৰ প্ৰতিষ্ঠাপক মেহুল জৈন আৰু কাটাৰিয়া জুৱেলাৰ্ছৰ মুখ্য কার্যবাহী বিষয়া য়শ কাটাৰিয়াই ব্যাখ্যা কৰিছে যে সবাতোকৈ বিশুদ্ধ সোণ হৈছে ২৪ কেৰেটৰ সোণ।
অর্থাৎ কেৰেটে সোণৰ বিশুদ্ধতা নির্ণয় কৰে। লক্ষ্যণীয় হ’ল যে পৃথিৱীত সোণ অকলে পোৱা নাযায়। অর্থাৎ সোণৰ স’তে আন ধাতু মিহলি হৈ থাকে। সোণৰ স’তে আটাইতকৈ কম পৰিমাণত আন ধাতু মিহলি হৈ থাকে ২৪ কেৰেটৰ সোণত। তাৰ পাছতে তাতকৈ কিছু পৰিমাণৰ অধিক আন ধাতু মিহলি হৈ থাকে ২২ কেৰেটৰ সোণত। ইয়াৰ পাছতে আছে ১৮ আৰু ২১৪ কেৰেটৰ সোণ।
য়শ কাটাৰিয়াৰ মতে ২২ কেৰেটৰ সোণ হৈছে বিশুদ্ধতাতকৈও অধিক উন্নতমানৰ সোণ। এই সোণত বিনিয়োগ বুদ্ধিদীপ্ত বিনিয়োগ বুলি কাটাৰিয়াই অভিহিত কৰিছে। গতিকে এই সোণৰ পৰা বিয়া-বাৰুৰ গহনা তৈয়াৰো কৰা হয়। তদুপৰি এই সোণৰ মুদ্রা আদিও প্ৰস্তুত কৰা হয়।
কাৰণ ২২ কেৰেটৰ সোণৰ বজাৰমূল্য কেতিয়াও নেহেৰায়। গতিকে এই কেৰেটৰ সোণ কিনিলে কেতিয়াও লোকচানৰ সন্মুখীন হোৱাৰ আশংকা নাথাকে। এই সম্পর্কত কাটাৰিয়াই লগতে কয়, ‘সোণ ক্ৰয়ৰ ক্ষেত্ৰত সদায়ে কেৰেটৰ কথাটো লক্ষ্য কৰা উচিত। ১৮ কেৰেটৰ সোণৰ পৰা আঙঠি তৈয়াৰ কৰিলে ভাল হয়।’
উল্লেখ্য যে ২৪ বা ২২ কেৰেটৰ সোণতকৈ ১৮ আৰু ১৪ কেৰেটৰ সোণ অধিক শক্তিশালী হয়। আনহাতে সোণৰ অলংকাৰ ক্ৰয়ৰ ক্ষেত্ৰত সদায়ে আ-অলংকাৰৰ ডিজাইন লক্ষ্য কৰা উচিত বুলি মতপোষণ কৰে একাৰাৰ প্ৰতিষ্ঠাপক মেহুল জৈনে।
তেওঁ কয় যে পাখৰ অথবা মণি-মুকুতা পৰিধানৰ ক্ষেত্ৰত ২২ কেৰেটৰ সোণ উপযুক্ত নহয়। কাৰণ এনে সোণ অধিক কোমল হয়। গতিকে মণি-মুকুতা বা পাথৰৰ বাবে আঙঠি তৈয়াৰৰ বাবে ১৮ বা ১৪ কেৰেটৰ সোণ ক্ৰয় কৰা উচিত বুলি তেওঁ মতপোষণ কৰে। এই সোণ অধিক দিন স্থায়ী হয় বুলিও তেওঁ উল্লেখ কৰে।
একেদৰে ন কেৰেটৰ সোণো আ-অলংকাৰৰ বাবে অধিক উপযুক্ত বুলি একাংশ বিশেষজ্ঞই মতপোষণ কৰে। সেই অনুসৰি গ্রাহকে বজাৰত সোণ বা সোণৰ আ-অলংকাৰ ক্ৰয় কৰা উচিত ।































