ZubeenDivas: দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : জুবিন দিৱসৰ দিনাই ৰাজ্যত অনুভূত হ’ল ভূমিকম্পৰ জোকাৰণি। জুবিনক সুঁৱৰি অনুৰাগীৰ সমাগমেৰে মুখৰ হৈ থকা সময়তে অহা এই জোকাৰণিয়ে জুবিনক্ষেত্ৰৰ পৰিৱেশতো সৃষ্টি কৰিলে এক বিশেষ আবেগ।
ভূমিকম্পৰ জোকাৰণি অনুভূত হোৱাৰ লগে লগে জুবিনক্ষেত্ৰত থকা অনুৰাগীৰ মাজত দেখা গ’ল উৎসুকতা। প্ৰিয় শিল্পীগৰাকীৰ স্মৃতিত সমবেত হোৱা অনুৰাগীৰ মাজত সেই মুহূৰ্তত বিয়পি পৰিল এক বিশেষ অনুভৱ। বহু অনুৰাগীয়ে ইয়াক জুবিনৰ স’তে জড়িত এক বিশেষ সংকেত হিচাপে অনুভৱ কৰিলে।
জুবিন দিৱসৰ দিনটোত এনেদৰে ভূমিকম্পৰ জোকাৰণি অনুভূত হোৱাক লৈ অনুৰাগীৰ মাজত বাঢ়িল উৎসাহ। জুবিনক্ষেত্ৰত সেই সময়ত শুনিবলৈ পোৱা গ’ল ‘জয় জুবিন দা’ ধ্বনি। একেলগে বহু কণ্ঠত উচ্চাৰিত সেই ধ্বনিয়ে পৰিৱেশটো অধিক আবেগঘন কৰি তুলিলে।






























