GroundwaterCrisis:দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: বিশ্বজুৰি ভূজলৰ সংকট ক্রমে অধিক গভীৰ হ’বলৈ ধৰিছে। বর্ষ ২০২৫ত বিশ্বত ৩৪ শতাংশ ভূজল নিৰীক্ষণ কেন্দ্ৰত জলস্তৰ স্বাভাৱিকতকৈ হ্রাস হোৱাৰ তথ্য লাভ কৰা হৈছিল।
২০২৪ বর্ষত বিশ্বৰ ২৪ শতাংশ ভূজল নিৰীক্ষণ কেন্দ্ৰত জলস্তৰ অৱনমিত হৈছিল।মাত্ৰ এবছৰৰ ভিতৰতে বিশ্বত ভূজল হ্ৰাসৰ সংকট ন শতাংশ বৃদ্ধি পালে। ভাৰতৰো উত্তৰ-পশ্চিমৰ অঞ্চলসমূহত ভূজল হ্রাস এক উদ্বেগজনক সমস্যাত পৰিণত হৈছে।
এইসমূহ অঞ্চলত ভূজলৰ স্তৰ স্বাভাৱিকতকৈ বহু হ্রাস পাইছে। গোলকীয়ভাৱে বিগত তিনি বছৰত বিশ্বজুৰি ভূজল হ্রাস বৃদ্ধি পাইছে। বর্তমানে বিশ্বৰ ৬৫ শতাংশ ভূজল নিৰীক্ষণ কেন্দ্রত জলস্তৰ স্বাভাৱিকতকৈ হাস পাইছে।
২০২২ৰ পৰা ২০২৫ৰ সময়ছোৱাত ভাৰতৰ লগতে আমেৰিকা, ইউৰোপ, মেক্সিকো, চিলি, দক্ষিণ আফ্রিকা আৰু অস্ট্রেলিয়াত ভূজল যথেষ্ট হাস পাইছিল। গোলকীয় উষ্ণতাৰ প্রভাৱত যোৱা তিনি বছৰত বিশ্বজুৰি হিমবাহৰ ১৪০০ গীগাটন বৰফ গলি নষ্ট হ’ল।
যোৱা পাঁচ বছৰত পানীৰ নাটনি আৰু ইয়াৰ স’তে জড়িত অন্যান্য সমস্যাৰ কাৰণত মুঠ মৃত্যুৰ ৮০ শতাংশ মৃত্যু হৈছিল এছিয়া আৰু আফ্ৰিকাৰ দেশত। বর্ষ ২০২১ৰ পৰা ২০২৫ৰ চাৰি বছৰৰ সময়ছোৱাত গংগা আৰু সিন্ধু নদীৰ উপত্যকা অঞ্চলত ভূমিৰ তলত জমা হোৱা পানীৰ পৰিমাণো ধাৰাবাহিকভাৱে হ্রাস পাইছিল।
২০২৫ বৰ্ষতো নদীৰ জলপ্ৰবাহৰ দিশৰ পৰা যথেষ্ট প্রতিকূল আছিল। এই সময়ছোৱাত বিশ্বৰ ৩৬ শতাংশ নদীৰ পানীৰ পৰিমাণ স্বাভাৱিকতকৈ হ্রাস পাইছিল। পৰিসংখ্যা অনুসৰি বৰ্ষ ১৯৯১ৰ পৰা ২০২৫লৈকে সময়ছোৱা বিশ্বৰ নদীসমূহৰ বাবে সবাতোকৈ শুষ্ক বর্ষ হিচাপে পৰিচিত হৈছিল।































